বিবাহ বিচ্ছেদৰ এমাহ নৌহওঁতেই পাৰফিউম ব্ৰেণ্ড মুকলি কৰিলে ডুবাইৰ ৰাজকুমাৰীয়ে

dubai-princess-sheikha-mahra
dubai-princess-sheikha-mahra
Published on
Updated on

ডিজিটেল ডেস্ক: স্বামীক ‘ডিভোৰ্চ’ দিয়াৰ পাছতেই ডুবাইৰ ৰাজকুমাৰী শ্বেখা মাহৰা আল মাকতুমে মুকলি কৰিলে এটা সুগন্ধিৰ ব্ৰেণ্ড। তেওঁ এই খবৰ ছ’চিয়েল মেডিয়াৰযোগে ৰাজহুৱা কৰাৰ পাছতে এতিয়া চৌদিশে ইয়াৰ চৰ্চা চলিছে।বিশেষকৈ এই ব্ৰেণ্ডৰ নামটোয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ৰাজকুমাৰীয়ে এই ব্ৰেণ্ডৰ নাম কি দিছে জানেনে ?

বহু চৰ্চিত এই পাৰফিউম ব্ৰেণ্ডটোৰ নাম হৈছে ‘ডিভোৰ্চ’। ৰাজকুমাৰগৰাকীয়ে তেওঁৰ ব্ৰেণ্ড মাহৰা এম১-ৰ অধীনত এই পাৰফিউমটো মুকলি কৰিছে। ডুবাইৰ শাসক মহম্মদ বিন ৰছিদ আল মাকতুমৰ ৩০ বছৰীয়া কন্যা শ্বেখা মাহৰাই তেওঁৰ ইনষ্টাগ্ৰাম একাউন্টত ‘ডিভোৰ্চ’ শব্দটো খোদিত এটা ক'লা পাৰফিউমৰ বটল প’ষ্ট কৰি এই খবৰ ৰাজহুৱা কৰিছে।

আনহাতে, শ্বেখ মাহৰাই প্ৰায় দুসপ্তাহৰ আগতে ইনষ্টাগ্ৰামতে তেওঁৰ স্বামীক ৰাজহুৱাভাৱে বিবাহ বিচ্ছেদ দিয়াৰ বিষয়ে উল্লেখ কৰিছিল।তেওঁ সেই প’ষ্টটোত লেখিছিল, ‘মৰমৰ স্বামী, আপুনি আন সঙ্গীৰ সৈতে ব্যস্ত থকাৰ বাবে, মই ইয়াতেই আমাৰ বিবাহ বিচ্ছেদ ঘোষণা কৰিছো।মই আপোনাক ডিভোৰ্চ দিছো, মই আপোনাক ডিভোৰ্চ দিছো, মই আপোনাক ডিভোৰ্চ দিছো।’

উল্লেখ্য যে, শ্বেখ মাহৰাই বিগত বৰ্ষৰ মেত শ্বেখ মানা বিন মহম্মদ বিন ৰছিদ বিন মানা আল মাকতুম নামৰ এজন ব্যৱসায়ীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল।তেওঁলোক দুয়োৰে এটা সন্তানো আছে।

dubai-princess-sheikha-mahra
'বিশেষ' আৰ্শীবাদ লাভ কৰিলে ৰণবীৰ-দীপিকাৰ নতুন আলহীয়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in