/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/62e86235-6288-49c0-9d44-4aa722dd84b0/5409b08f_7bf6_4eb5_be3c_3d4bf6e02e81.jpg)
ডিজিটেল ডেস্কঃ সপোনত আপুনি কেতিয়াবা পূৰ্বপুৰুষক দেখে নেকি! এনে সপোন দেখাৰ অন্তৰালতো আছে কিছু বিশেষ কাৰন। যদিহে সপোনত আপুনি পিতৃ-মাতৃ নাইবা পূৰ্বপুৰুষক দেখা পায়স তেন্তে এনে সপোন আপোনাক বিশেষ সংকেত প্ৰদান কৰে। জানো আহক এনে সপোনৰ বিষয়ে-
-
জ্যোতিষ শাস্ত্ৰত উল্লেখ আছে যে, যদিহে আপুনি সপোনত আপোনাৰ মৃত পিতৃ-মাতৃৰ সপোন দেখে, তেনেহলে তেনে সপোনে আপোনাৰ জীৱনলৈ সফলতা আগমন ঘটাৰ ইংগিত প্ৰদান কৰে। এই সফলতা আপোনাৰ কৰ্মক্ষেত্ৰত লাভ কৰিব পাৰে।
-
যদিহে সপোনত আপুনি পূৰ্বজক বাৰে বাৰে দেখা পায়, তেন্তে আপুনি বুজিব লাগিব যে, তেওঁৰ কিছু ইচ্ছা আধৰুৱা হৈ আছে নতুবা ভৱিষ্যতৰ কিছু ঘটনাৰ আপোনাক আভাষ দিছে। পূৰ্ব পুৰুষে মিঠাই বিতৰণ কৰাৰ সপোন আপুনি যদি দেখা পাইছে তেনেহলে আপুনি বুজিব যে আপোনাৰ জীৱনত অচিৰেই ভাল খবৰ আহিব।
-
সপোনত যদি পূৰ্ব পুৰুষে হাঁহি থকা আপুনি দেখা পাইছে, তেন্তে আপোনাৰ জীৱনত ধনাত্মক কিছু ঘটনা ঘটিবই। এনে সপোনে আপোনাক ইংগিত প্ৰদান কৰে যে, আপোনাৰ পৰিয়ালৰ প্ৰতি পূৰ্বপুৰুষৰ আৰ্শীবাদত সুখ-সমৃদ্ধি বৃদ্ধি পাব। এনে সপোনে পূৰ্ব পুৰুষে পৰিয়ালটোৰ ওপৰত কৃপা কৰি থকাৰো ইংগিত প্ৰদান কৰে।
-
যদিহে সপোনত পূৰ্ব পুৰুষে আপোনাৰ সৈতে কিছু কথা পাতিছে তেন্তে বুজিব যে ভৱিষ্যতে ঘটিব লগীয়া কিছু ঘটনাৰ তেওঁ আভাস দিছে। শাস্ত্ৰ অনুসৰি, এনে সপোনে আপোনাক কোনো দুৰ্ঘটনাৰ পৰাও হাত সৰাত সহায় কৰে।
Also Read: আজি বৰ্ষাপাৰাত ৰাজস্থান বনাম কলকাতাঃ বতৰে দিব নেকি বিধি পথালি...