আজি বৰ্ষাপাৰাত ৰাজস্থান বনাম কলকাতাঃ বতৰে দিব নেকি বিধি পথালি...

আজি বৰ্ষাপাৰাৰ অন্তিমখন মেচত অৱতীৰ্ণ হব কলকাতা আৰু ৰাজস্থান ৰয়েলছ। সন্ধিয়া ৭-৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব হাইভ’ল্টেজ মেচখন। ইতিমধ্যে এই মেচখনকলৈ অনুৰাগীসকলৰ মাজত ব্যাপক চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে। ইফালে বিগত দুদিন ধৰি নিশা হলেই বৰষুণ দিয়া গুৱাহাটীত বতৰে বিধি পথালি দিব নেকি বুলিও চৰ্চা হৈছে ক্ৰীড়ানুৰাগী সকলৰ মাজত।

author-image
Asomiya Pratidin
New Update
আজি বৰ্ষাপাৰাত ৰাজস্থান বনাম কলকাতাঃ বতৰে দিব নেকি বিধি পথালি...

ডিজিটেল ডেস্কঃ আজি বৰ্ষাপাৰাৰ অন্তিমখন মেচত অৱতীৰ্ণ হব কলকাতা আৰু ৰাজস্থান ৰয়েলছ। সন্ধিয়া ৭-৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব হাইভ’ল্টেজ মেচখন। ইতিমধ্যে এই মেচখনকলৈ অনুৰাগীসকলৰ মাজত ব্যাপক চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে। ইফালে বিগত দুদিন ধৰি নিশা হলেই বৰষুণ দিয়া গুৱাহাটীত বতৰে বিধি পথালি দিব নেকি বুলিও চৰ্চা হৈছে ক্ৰীড়ানুৰাগী সকলৰ মাজত।

Advertisment

এনে সময়তে দৰ্শকৰ বাবে ষ্টেডিয়ামৰ ভিতৰত প্ৰৱেশ কৰাৰ বাবে শনিবাৰে জাৰি কৰা হৈছে গেটৰ নিৰ্দেশনা।  ১৯ মে’ দেওবাৰে আই পি এলৰ খেল উপভোগৰ বাবে ষ্টেডিয়ামৰ গেটৰ নিৰ্দেশনা তলত উল্লেখ কৰা হ’ল-

  • ৬খন গেটেৰে দৰ্শকে প্রৱেশ কৰিব পাৰিব ষ্টেডিয়ামৰ ভিতৰত।  

  • বৰ্ষাপাৰা পথৰ ২ নম্বৰ গেটলৈ বৰ্ষাপাৰা তিনিআলি হৈ আহিব পাৰিব।

  • আৰ জি বৰুৱা পথৰ ৩ নং গেটলৈ ৰোলিং মিল তিনিআলি হৈ আহিব পাৰিব।

  • গড্রেজ গ’লি হৈ ৰোলিং তিনিআলি, আৰ জি বৰুৱা পথলৈ আহিব পাৰিব।

  • ৰোলিং মিল পথৰ ৪নং গেটলৈ গড্রেজ গ’লিহৈ আহিব পাৰিব।

  • ভূপেন হাজৰিকা পথৰ ৫নং গেটলৈ এ কে দেৱ পথেৰে ৰঘুনাথ পথ হৈ আহিব পাৰিব।

  • ভূপেন হাজৰিকা পথৰ ৬নং গেটলৈ এ কে দেৱ পথেৰে ৰঘুনাথ পথ হৈ আহিব পাৰিব।

  • ৭নং গেটলৈ বৰ্ষাপাৰা তিনিআলি আৰু ধীৰেণপাৰা তিনিআলি পথেৰে আহিব পাৰিব।

বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম