/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/a95dbfb9-9a5d-4718-b142-fef58f5f9d19/WhatsApp Image 2024-07-27 at 6.58.55 PM.jpeg)
ডিজিটেল ডেস্ক: আচৰিত ঘটনা ! এজন ব্যক্তিৰ মলদ্বাৰৰ পৰা চিকিৎসকে উলিয়ালে এটুকুৰা লাও। শেহতীয়াকৈ পোহৰলৈ অহা এই ঘটনাটো আমাৰ দেশতে সংঘটিত হৈছে। হয়, ঘটনাটো মধ্য প্ৰদেশৰ।
প্ৰকৃততে, ৬০ বছৰীয়া এজন কৃষকৰ মলদ্বাৰৰ পৰা অস্ত্ৰোপচাৰৰ জৰিয়তে ১৬ ইঞ্চিৰ লাওৰ টুকুৰাটো বাহিৰ কৰা হৈছে। পেটত হোৱা অহস্য বিষ সহিব নোৱাৰি কৃষকজন চিকিৎসকৰ ওচৰ চাপিছিল।চিকিৎসকে এক্স-ৰেৰ জৰিয়তে তেওঁৰ মলদ্বাৰত গোটা সামগ্ৰীৰ উপস্থিতি ধৰা পেলাইছিল। ইয়াৰ পাছতে ব্যক্তিজনক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু দুঘণ্টাজুৰি অস্ত্ৰোপচাৰ কৰি চিকিৎসকে তেওঁৰ মলদ্বাৰৰ পৰা লাওৰ টুকুৰা উলিয়াবলৈ সক্ষম হৈছিল।
এই অতি জটিল অস্ত্ৰোপচাৰটো সুকলমে সম্পন্ন কৰা চিকিৎসকৰ দলটোত আছিল ডাঃ মনোজ চৌধুৰী, ডাঃ নন্দকিশোৰ জাটভ, ডাঃ আশীষ শুক্লা আৰু ডাঃ সঞ্জয় মৌৰ্য।এই গোটেই ঘটনাটো সন্দৰ্ভত ডাঃ চৌধুৰীয়ে জনোৱা মতে, ঘটনাটোৰ আঁৰৰ কাৰণ মানসিক ৰোগ, টেষ্টিকুলাৰৰ বিকাৰ বা দুৰ্ঘটনাৰ সৈতে সম্পৰ্কিত হ'ব পাৰে। চিকিৎসালয় কতৃপক্ষই ইয়াৰ সঠিক পৰিস্থিতি নিৰ্ধাৰণ কৰিবলৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে, কিদৰে লাওৰ টুকুৰাটো মলদ্বাৰ পালে, সেই সন্দৰ্ভত বৰ্তমানেও ব্যক্তিজনে কোনো কথায়েই স্পষ্ট কৰা নাই।
Also Read: মুকেশ আম্বানীক দিলে 'কৰ্পৰেট দৈত্য'ৰ আখ্যা, কোন তেওঁ জানেনে ?