পাকঘৰত ভুলতো নথ'ব জুঠা বাচন

হিন্দু ধৰ্মত বাস্তু শাস্ত্ৰৰ নিয়ম অনুসৰি ঘৰৰ প্ৰতিটো দিশ আৰু প্ৰতিটো কোঠাৰ বিশেষ গুৰুত্ব আছে। পাকঘৰটো আমাৰ ঘৰৰ এক গুৰুত্বপূৰ্ণ অংশ হোৱাৰ বাবে বাস্তুৰ নিয়মবোৰে পাকঘৰত যথেষ্ট প্ৰভাৱ পেলায়।

author-image
সংগীতা দাস
New Update
এই ভুল seo

ডিজিটেল ডেস্ক: হিন্দু ধৰ্মত বাস্তু শাস্ত্ৰৰ নিয়ম অনুসৰি ঘৰৰ প্ৰতিটো দিশ আৰু প্ৰতিটো কোঠাৰ বিশেষ গুৰুত্ব আছে। পাকঘৰটো আমাৰ ঘৰৰ এক গুৰুত্বপূৰ্ণ অংশ হোৱাৰ বাবে বাস্তুৰ নিয়মবোৰে পাকঘৰত যথেষ্ট প্ৰভাৱ পেলায়। পাকঘৰৰ পৰা মুকলি হোৱা শক্তিয়ে ঘৰৰ সদস্যসকলৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। কাৰণ পাকঘৰত ৰন্ধা খাদ্য ঘৰৰ সকলোয়ে খায়। ই ঘৰটোৰ অৰ্থনৈতিক অৱস্থাকো প্ৰভাৱিত কৰে।

Advertisment

আনহাতে, পাকঘৰৰ সৈতে সম্পৰ্কিত কিছুমান ভুলৰ বাবে এই শক্তি নেতিবাচকতালৈ ৰূপান্তৰিত হয়। বিশেষকৈ যদি আপুনি ৰাতি জুঠা বাচন পাকঘৰত থয়, তেতিয়া ই আপোনাৰ দুৰ্ভাগ্যৰ কাৰণ হ'ব পাৰে।

পাকঘৰত কিয় ৰাখিব নালাগে জুঠা বাচন ?

১) বাস্তু শাস্ত্ৰৰ নিয়ম অনুসৰি, পাকঘৰত জুঠা বাচন-বৰ্তন ৰখাটো অতি অশুভ। বিশ্বাস কৰা হয় যে, ৰাতি জুঠা বাচন-বৰ্তন পাকঘৰত এৰিলে মা লক্ষ্মী অসন্তুষ্ট হয়। যাৰ বাবে মা লক্ষ্মী সেই ঘৰত বাস নকৰে। গোটেই ৰাতি পৰি থকা বাচনবোৰে ঘৰখনলৈ দৰিদ্ৰতা কঢ়িয়াই আনে। মুঠৰ ওপৰত ই ঘৰখনৰ অৰ্থনৈতিক অৱস্থাত নেতিবাচক প্ৰভাৱ পেলায়।

২) ৰাতি পাকঘৰত জুঠা বাচন-বৰ্তন থোৱাৰ ফলত ঘৰখনৰ সদস্যসকলৰ ওপৰত ৰাহু-কেতুৰ অশুভ প্ৰভাৱ পৰে। আনহাতে, ৰাতি গেছৰ ষ্ট'ভ লেতেৰা কৰি ৰখাটোও অতি অশুভ বুলি গণ্য কৰা হয়। জুঠা বাচন, লেতেৰা গেছ ষ্ট'ভ দেখিলে মা অন্নপূৰ্ণা দেৱীও অসন্তুষ্ট হয়। ইয়াৰ বাবে ঘৰটোত বাস কৰা লোকসকলৰ স্বাস্থ্য প্ৰায়ে বেয়া হৈ থাকে।

৩) বাচনবোৰ পাকঘৰত এৰি শুই থকাটো একপ্ৰকাৰ সমস্যাক নিমন্ত্ৰণ জনোৱাৰ দৰেই। যিবোৰ ঘৰত ৰাতি জুঠা বাচন-বৰ্তন থাকে, সেই ঘৰত সময় আৰু ধনৰ অভাৱ হয়। পৰিয়ালৰ সদস্যসকলৰ আৰ্থিক অৱস্থা দিনক দিনে অৱনতি হয়। 

৪) বাস্তুৰ মতে, ৰাতি খাদ্য খোৱাৰ পিছত পাকঘৰটো সদায় পৰিস্কাৰ কৰি শুব লাগে। কাৰণ মা লক্ষ্মীয়ে পৰিস্কাৰ ঘৰতহে বাস কৰে।সেয়েহে সদায় বাচন বৰ্তনবোৰ লগতে ধুব আৰু ৰাতিপুৱা উঠি ঘৰটো ভালদৰে পৰিস্কাৰ কৰিব।