অৰ্জুন তেণ্ডুলকাৰৰ ভাবি শহুৰৰ ঘৰত ব্যৱসায়ীক সংঘাতঃ অনাহূত পৰিস্থিতিৰ সন্মুখীন শচীন তেণ্ডুলকাৰ

অৰ্জুন আৰু ছানিয়াৰ আনুষ্ঠানিক বাগদান প্ৰক্ৰিয়াৰ প্ৰায় এটা সপ্তাহৰ পিছতে ছানিয়াৰ পৰিয়ালৰ এক ব্যৱসায়িক সংঘাতৰ বাবে এতিয়া শচীন তেণ্ডুলকাৰৰ নামো সাঙোৰ খাই পৰিছে।

author-image
Tushar Pratim
New Update
অৰ্জুন তেণ্ডুলকাৰৰ ভাবি শহুৰৰ ঘৰত ব্যৱসায়ীক সংঘাতঃ অনাহূত পৰিস্থিতিৰ সন্মুখীন শচীন তেণ্ডুলকাৰ

ডিজিটেল ডেস্কঃ এক অনাহূত পৰিস্থিতিৰ মুখামুখী হৈছে তেণ্ডুলকাৰ পৰিয়াল। কিছুদিন পূৰ্বে শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰৰ ছানিয়া চাণ্ডোকৰ সৈতে অনুষ্টুপীয়াকৈ সম্পন্ন হৈছিল বাগদান। তাৰ পিছত সকলো ঠিকেই আছিল। অৰ্জুন-ছানিয়াৰ উপৰিও শচীন তেণ্ডুলকাৰকো ইয়াৰ বাবে শুভেচ্ছা জনাইছিল ভিন্নজনে। 

এই আনুষ্ঠানিক বাগদান প্ৰক্ৰিয়াৰ প্ৰায় এটা সপ্তাহৰ পিছতে ছানিয়াৰ পৰিয়ালৰ এক ব্যৱসায়িক সংঘাতৰ বাবে এতিয়া শচীন তেণ্ডুলকাৰৰ নামো সাঙোৰ খাই পৰিছে। উল্লেখ্য যে ছানিয়া চাণ্ডোকাৰৰ পিতৃ মুম্বাইৰ ব্যৱসায়ী গৌৰৱ ঘাই। তেওঁ বিখ্যাত ৰবি ঘাইৰ পুত্ৰ। অৰ্থাৎ অৰ্জুন তেণ্ডুলকাৰৰ বাগদত্তা ছানিয়া ঘাই ৰবি ঘাইৰ নাতিনী। 

এই ঘাই পৰিয়ালৰ খাদ্য আৰু হোটেলৰ ব্যৱসায় আছে। তেওঁলোকৰ আছে দুটাকৈ বিখ্যাত আইচক্ৰীমৰ কোম্পানীও। কিন্তু পূৰ্বৰে পৰা ৰবি ঘাইৰ সৈতে পুত্ৰ গৌৰৱ ঘাইৰ সম্পৰ্ক বৰ এটা ভাল নহয়। ব্যৱসায়ীক কাৰণতে তেওঁলোকৰ মাজত আছে সংঘাত। 

শেহতীয়াকৈ ছানিয়াৰ অৰ্জুনৰ সৈতে বাগদান সম্পূৰ্ণ হৈ যোৱাৰ খবৰ প্ৰকাশ পোৱাৰ পিছতে ঘাই পৰিয়ালৰ ব্যৱসায়ীক সাম্ৰাজ্যৰ বিষয়েও পোহৰলৈ আহিছিল। সেই সময়তে ৰবি ঘাইয়ে পুত্ৰ গৌৰৱৰ ওপৰত এক গোচৰ তৰা বুলি খবৰ প্ৰকাশ পাইছে। এই গোচৰৰ প্ৰসংগতে এতিয়া বাৰে বাৰে অনাহক শচীন তেণ্ডুলকাৰ, অৰ্জুন তেণ্ডুলকাৰৰ নাম উচ্চাৰিত হৈছে।  

খবৰ অনুসৰি পিতৃ ৰবি ঘাইয়ে পুত্ৰ গৌৰৱ ঘাইৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ গোচৰ ৰুজু কৰিছে। ৰবি ঘাইৰ অভিযোগ পুত্ৰই প্ৰৱঞ্চনাৰে তেওঁৰ ব্যৱসায় নিজৰ নামলৈ নি ব্যৱসায় আৰম্ভ কৰিছে। গৌৰৱে তেওঁৰ চহীৰ অপব্যৱহাৰ কৰিছে। 

ৰবি ঘাইৰ অভিযোগ তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাৰ সময়তে গৌৰৱে সমগ্ৰ ব্যৱসায় পৰিচালনাৰ দায়িত্ব লৈছিল। সেই সময়তে গৌৰৱে প্ৰৱঞ্চনাৰে নিজৰ নামত ব্যৱসায় আৰম্ভ কৰে। এই গুৰুতৰ অভিযোগেৰে ৰবি ঘাইয়ে ইতিমধ্যে মুম্বাই আৰক্ষৰ ওচৰত লিখিত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়েও তেওঁৰ ভাষ্য লিপিবদ্ধ কৰিছে।

ছানিয়া অৱশ্যে পৰিয়ালৰ ব্যৱসায়ৰ লগত জড়িত নহয়। কেথেড্ৰেল আৰু জন কেনন স্কুলত অধ্যয়ন কৰা ছানিয়াই পৰৱৰ্তী সময়ত লণ্ডন স্কুল অৱ ইকনমিক্সত বিজনেছ মেনেজমেণ্টৰ শিক্ষা গ্ৰহণ কৰিছিল। ২০২০ চনত সেই শিক্ষা শেষ কৰি তেওঁ ভাৰতলৈ ঘূৰি আহিছিল আৰু নিজাকৈ ব্যৱসায় আৰম্ভ কৰে। 

ছানিয়া এগৰাকী পশুপ্ৰেমীও। মুম্বাইবাসীৰ মাজত পোহনীয়া জন্তুৰ জনপ্ৰিয়তা দেখি তেওঁ ‘ ‘মি.প'জ পেট স্পা এণ্ড ষ্ট'ৰ'’ৰ জৰিয়তে পোহনীয়া জন্তুৰ যত্ন লোৱা কাম কৰি আহিছে। অৱশ্যে ইয়াত তেওঁৰ লাভ-লোকচানৰ অংক নাই। সেই অংকৰে চালেও তেওঁ ইয়াত লোকচানৰহে সন্মুখীন হৈছে। পশুৰ প্ৰতি থকা প্ৰেমৰ বাবেই তেওঁ এই প্ৰতিষ্ঠান চলাই আছে। 

যোৱা বুধবাৰে ছানিয়া আৰু অৰ্জুনৰ মাজত দুয়োটা পৰিয়ালৰ উপস্থিতিত বাগদান প্ৰক্ৰিয়া সম্পন্ন হয়। তাৰ পিছতেই শচীন তেণ্ডুলকাৰৰ ঘৰত অনুষ্ঠিত হৈছিল এক বিশেষ পূজা। এই পূজাত দেখা গৈছিল ছানিয়াকো।

আনহাতে শচীন তেণ্ডুলকাৰ আৰু তেওঁৰ কন্যা ছাৰা তেণ্ডুলকাৰৰ সৈতেও ছানিয়াৰ পূৰ্বৰ পৰা আছে ঘনিষ্ঠ সম্পৰ্ক। ছানিয়া আৰু ছাৰা দুয়ো বান্ধৱী। এইবোৰ বিষয় সংবাদ মাধ্যমত প্ৰকাশিত হৈ থকাৰ সময়তে ছানিয়াৰ পৰিয়ালৰ ব্যৱসায়ীক সংঘাত পোহৰলৈ অহাত এতিয়া তেণ্ডুলকাৰ পৰিয়ালৰো নাম অনাহক উচ্চাৰিত হোৱা বিষয়টোৱেও বিশেষ চৰ্চা লাভ কৰিছে। 

শচীন তেণ্ডুলকাৰ অৰ্জুন টেণ্ডুলকাৰ