/asomiyapratidin/media/media_files/2025/08/20/delhi-2025-08-20-12-59-50.jpg)
ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক আক্ৰমণৰ ঘটনাক লৈ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা আদি কৰি দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ লৈকে সকলোৱে এই ঘটনাক তীব্ৰ গৰিহণা দিছে।
কেনেকৈ সংঘটিত হৈছিল এই ঘটনাঃ
বুধবাৰে আছিল দিল্লী মুখ্যমন্ত্ৰী জন সুনবাই শীৰ্ষক এক কাৰ্যসূচী। দিল্লী মুখ্যমন্ত্ৰী ৰাজনিৱাসস্থিত চৰকাৰী আৱাসত পুৱা ৭বজাৰে পৰা ভিন্ন জনে ৰেখা গুপ্তাক লগ ধৰিবলৈ ৰৈ আছিল। ভিন্ন অভিযোগ আৰু সমস্যা লৈ মুখ্যমন্ত্ৰীৰ কাষলৈ আহিছিল বহুজন। মুখ্যমন্ত্ৰীগৰাকী এফালৰ পৰা সকলোৰে সমস্যা বুজ লৈ গৈ থাকোতেই প্ৰায় ৮বজাত সংঘটিত হৈছিল এই ঘটনাতো।
মুখ্যমন্ত্ৰীগৰাকীক আক্ৰমণ কৰা অভিযুক্ত গৰাকী সেই সময়ত জনতাৰ মাজতে থিয় হৈ আছিল। যেতিয়াই মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযুক্ত গৰাকীক কি অভিযোগ আছে বুলি সুধিছিল তেনে সময়তে আক্ৰমণ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক।
উক্ত সময়ত সেই স্থানত উপস্থিত থকা নিৰাপত্তাৰক্ষীয়ে আটক কৰে আক্ৰমণকাৰীগৰাকীক। আৰক্ষীয়ে সদৰি কৰা মতে, ৰাজেশ খিমজী নামৰ ৪১বছৰীয়া লোকগৰাকীয়ে আক্ৰমণ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক। ৰাজকোটত ঘৰ আক্ৰমণকাৰী ৰাজেশৰ।
আপৰ সদস্য নেকি ৰাজেশঃ
আৰক্ষীয়ে প্ৰাৰম্ভিক সোধপোচ কৰি জানিব পাৰিছে যে, ৰাজেশৰ পৰিয়ালৰ কেইবাজনো সদস্য কাৰাবন্দী হৈ আছে। সেই সদস্যসকলক মুকলি কৰাৰ বাবে অনুৰোধ জনাবলৈকে মুখ্যমন্ত্ৰীক লগ ধৰিবলৈ আহিছিল ৰাজেশ। এই আক্ৰমণক বিজেপিয়ে আপলৈ অভিযোগ আঙুলি উঠাইছে।
বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে যে, ৰাজেশ হৈছে আপৰ সদস্য। কিন্তু ৰাজেশৰ মাতৃয়ে সদৰি কৰিছে যে, কোনো ৰাজনৈতিক দলৰ সৈতে সম্পৰ্ক নাই ৰাজেশৰ। মাতৃয়ে লগতে কয় যে, মোৰ পুত্ৰ ৰাজেশে কুকুৰ খুব ভাল পায়। শেহতীয়াকৈ কুকুৰক লৈ গ্ৰহণ কৰা সিদ্ধান্তৰ পুণৰ বিবেচনাৰ আবেদন জনাইহে সি মুখ্যমন্ত্ৰীক লগ ধৰিবলৈ গৈছিল।
উল্লেখ কৰা প্ৰয়োজন যে, এই আক্ৰমণত মূৰ আৰু কান্ধত আঘাত পাইছে ৰেখা গুপ্তাই। বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্য সুস্থিৰ।