কইনাৰ ঘৰত বহিবলৈ চকী নাপালে দৰাৰ আইতাকে, ৰণক্ষেত্ৰলৈ পৰিণত হ’ল বিয়াঘৰ

সুখৰ সংসাৰ গঢ়াৰ সপোন দেখা এহাল যুৱক-যুৱতীয়ে বিয়াদিনাই ভাঙিবলগীয়া হ’ল তেওঁলোকৰ সপোন।বিয়াখন ভাঙিলে এখন চকীয়ে।হয়, এখন চকীক কেন্দ্ৰ কৰি হোৱা সংঘাতৰ ফলত বিয়া ভঙাৰ এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বুলন্দ চহৰত।

author-image
Asomiya Pratidin
New Update
কইনাৰ ঘৰত বহিবলৈ চকী নাপালে দৰাৰ আইতাকে, ৰণক্ষেত্ৰলৈ পৰিণত হ’ল বিয়াঘৰ

ডিজিটেল ডেস্ক: সুখৰ সংসাৰ গঢ়াৰ সপোন দেখা এহাল যুৱক-যুৱতীয়ে বিয়াদিনাই ভাঙিবলগীয়া হ’ল তেওঁলোকৰ সপোন।বিয়াখন ভাঙিলে এখন চকীয়ে।হয়, এখন চকীক কেন্দ্ৰ কৰি হোৱা সংঘাতৰ ফলত বিয়া ভঙাৰ এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বুলন্দ চহৰত।

Advertisment

ঔৰঙ্গাবাদৰ বাসিন্দা কইনা দিল্লীৰ সীমাপুৰীৰ এজন যুৱকৰ সৈতে বিবাহ পাশত আবদ্ধ হয়।তেওঁলোকৰ বিয়া সম্পন্ন হোৱাৰ পাছত দৰাৰ আইতাক এখন চকীত বহি আছিল। সেইসময়তে এজন যুৱক আহি তাত উপস্থিত হৈ দৰাৰ আইতাকক তেওঁ বহি থকা চকীখন এৰি দি আন এখন চকীত বহিবলৈ আহ্বান জনায়।প্ৰকৃততে, বৰযাত্ৰী জোখতকৈ বেছি অহাত কইনাৰ ঘৰত বহিবলৈ দিবলৈ ঠাই কিছু কম হৈছিল।কিন্তু দৰাৰ আইতাকে এই অসুবিধাৰ কথা নুবুজি যুৱকজনৰ লগত তৰ্কা-তৰ্কি এই বিষয়ে দৰাই জানিব পাৰি দৰা আৰু তেওঁৰ ভাতৃ কইনা ঘৰৰ লোকৰ বিৰুদ্ধে গৰজি উঠে।দৰাই আনকি কইনাক হত্যা কৰাৰো ভাবুকি দিয়ে।দৰাঘৰীয়াৰ এনে কাণ্ড দেখি কইনাই ৰভাতলীতে এই সংসাৰ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। 

ইয়াৰ পিছত কইনাই বিবাহত হোৱা খৰচ দাবী কৰি দৰাঘৰৰ লোকক বন্দী কৰি ৰাখে।ক্ৰমান্বয়ে এই সংঘাত বাঢ়ি যোৱাত স্থানীয় আৰক্ষী বিয়া ঘৰত উপস্থিত হয়। কইনাই সকলো খৰচৰ বাবদ দৰা ঘৰৰ পৰা ৫ লাখ টকা দাবী কৰে আৰু বহু তৰ্কা-তৰ্কি হোৱাৰ পাছত  দৰাৰ পৰিয়ালে তেওঁলোকক টকাখিনি ঘূৰাই দিয়াতহে কইনা ঘৰে বৰযাত্ৰীসকলক যাবলৈ দিয়ে।

Also Read: বিয়াৰ আগতেই ‘শহুৰ’ অমিতাভক চুম্বন কৰিছিল ৰাণী মুখাৰ্জীয়ে, জয়াই ভাঙিলে বিয়া