বিয়াৰ আগতেই ‘শহুৰ’ অমিতাভক চুম্বন কৰিছিল ৰাণী মুখাৰ্জীয়ে, জয়াই ভাঙিলে বিয়া

বলীউডত ৰাণী মুখাৰ্জীৰ স্থান তথা জনপ্ৰিয়তাৰ বিষয়ে হয়তো পুনৰাই কোৱাৰ প্ৰয়োজন নাই।ব্যতিক্ৰমী ব্যক্তিত্ব তথা অদমনীয় অভিনয়ৰে প্ৰায় দুই দশকতৈ অধিক সময় ৰাণীয়ে বলীউডত নিজৰ নাম উজলাই ৰাখিবলৈ সক্ষম হৈছে।

author-image
Asomiya Pratidin
New Update
বিয়াৰ আগতেই ‘শহুৰ’ অমিতাভক চুম্বন কৰিছিল ৰাণী মুখাৰ্জীয়ে, জয়াই ভাঙিলে বিয়া

ডিজিটেল ডেস্ক: বলীউডত ৰাণী মুখাৰ্জীৰ স্থান তথা জনপ্ৰিয়তাৰ বিষয়ে হয়তো পুনৰাই কোৱাৰ প্ৰয়োজন নাই।ব্যতিক্ৰমী ব্যক্তিত্ব তথা অদমনীয় অভিনয়ৰে প্ৰায় দুই দশকতৈ অধিক সময় ৰাণীয়ে বলীউডত নিজৰ নাম উজলাই ৰাখিবলৈ সক্ষম হৈছে। দীৰ্ঘদিন বিৰতিৰ পিছত পুনৰ বলীউডলৈ উভতি আহি শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটাও লাভ কৰে ৰাণী মুখাৰ্জীয়ে। ৰাণীয়ে তেওঁৰ ছবি 'শ্ৰীমতী চেটাৰ্জী বনাম নৰৱে'ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বাবে বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

Advertisment

পেছাদাৰী জীৱনৰ সমান্তৰালকৈ ব্যক্তিগত জীৱনৰ বাবেও শিৰোনামত থাকে এইগৰাকী অভিনেত্ৰী। ৰাণীৰ সম্পৰ্কবোৰো সময়ে সময়ে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল।বিশেষকৈ বচ্চন পৰিয়ালৰ হ'বলগীয়া বোৱাৰী হিচাপে ৰাণী এসময়ত সকলোৰে আকৰ্ষণ আছিল। হয়, ঐশ্বৰ্যৰ আগতে বচ্চন পৰিয়ালে ৰাণী মুখাৰ্জীকে বোৱাৰী হিচাপে এক প্ৰকাৰ স্বীকাৰেই কৰিছিল। মেগাষ্টাৰ অমিতাভ বচ্চনৰ অভিনেতা পুত্ৰ অভিষেক বচ্চনৰ সৈতে কাপুৰ পৰিয়ালৰ দুহিতা কৰিশ্মা কাপুৰৰ বাগদান ভাঙি যোৱাৰ পিছত ৰাণী মুখাৰ্জীয়েই বচ্চন পৰিয়ালৰ বোৱাৰী হ'ব বুলি প্ৰায় সিদ্ধান্ত লোৱা হৈছিল।'বিগ বি'ৰ পত্নী জয়া বচ্চনৰ প্ৰথম পছন্দ আছিল ৰাণী।কিয়নো ৰাণী মুখাৰ্জীও জয়া বচ্চনৰ দৰে বঙালী পৰিয়ালৰে কন্যা আছিল। কিন্তু সকলোকে আচৰিত কৰি জয়া বচ্চনয়েই পিছত ৰাণীক তেওঁৰ পুত্ৰলৈ বিয়া পাতিবলৈ অমান্তি হৈ পৰে।অভিষেক আৰু ৰাণীয়ে ইজনে সিজনক বহুত ভাল পাইছিল যদিও মাতৃৰ পৰামৰ্শ গ্ৰহণ কৰি অভিষেকে এই সম্পৰ্কৰ পৰা আঁতৰি আহে।

এটা চুম্বনৰ বাবেই ভাঙিছিল অভিষেক ৰাণীৰ বিয়া 

হয়, এটা চুম্বনৰ কাৰণেই ভাঙি গৈছিল ৰাণী-অভিষেকৰ সম্পৰ্ক আৰু এই সম্পৰ্ক ভঙাৰ গুৰিতে আছিল জয়া বচ্চন। প্ৰকৃততে, ৰাণী মুখাৰ্জী আৰু অমিতাভ বচ্চনে 'ব্লেক' ছবিখনত একেলগে অভিনয় কৰিছিল। এই ছবিখনৰ শেষত ৰাণী মুখাৰ্জীয়ে অমিতাভ বচ্চনক চুম্বন কৰিব লগীয়া হৈছিল আৰু এই দৃশ্যটোতে আপত্তি দৰ্শাইছিল জয়া বচ্চনে।তেওঁ বিচৰা নাছিল যে তেওঁৰ হ'বলগীয়া বোৱাৰীয়েকে তেওঁৰ শহুৰেকক চুম্বন কৰক। ইয়াৰ বিপৰীতে ৰাণী মুখাৰ্জী এই দৃশ্যটোৰ বাবে সম্পূৰ্ণ সাজু আছিল।ইয়াতে জয়া বচ্চনৰ ইমানেই খং উঠিছিল যে অভিষেকৰ বিয়াতো ৰাণীক তেওঁ নিমন্ত্ৰণ কৰা নাছিল। পাছত অৱশ্যে ৰাণীয়ে অভিষেক বচ্চনক এজন ভাল বন্ধু বুলিহে সকলোকে জানিবলৈ দিয়ে। উল্লেখ্য যে, ৰাণী মুখাৰ্জীয়ে পিছত প্ৰযোজক আদিত্য চোপ্ৰাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। সম্প্ৰতি তেওঁ এগৰাকী কন্যা সন্তানৰ মাতৃ।

Also Read: সকলোৰে দৰে কংগনাৰো ঘৰ-সংসাৰ কৰাৰ মন