ক’লা পৰা ডিঙিটোৰ বাবে লাজত পৰে নেকি?

ক’লা পৰা ডিঙিটোৰ বাবে লাজত পৰে নেকি?

ডিজিটেল ডেস্ক: মুখমণ্ডলৰ সৌন্দৰ্য বঢ়োৱাত ব্যস্ত হৈ অধিকাংশই শৰীৰৰ বাকী অংশৰ যত্নৰ বিষয়ে পাহৰি যায়।প্ৰায়ে দেখিবলৈ পোৱা যায় যে, কোনো এগৰাকী পুৰুষ অথবা মহিলাৰ মুখখন জিলিকি আছে কিন্তু ডিঙিটো যথেষ্ট ক'লা। ক'লা ডিঙিয়ে কেৱল আপোনাৰ সৌন্দৰ্যই হ্ৰাস নকৰে, বহু ক্ষেত্ৰত ই আপোনাক লাজতো পেলায়। ঘৰুৱা প্ৰতিকাৰৰ দ্বাৰা কিদৰে ক'লা ডিঙি চাফা কৰিব পাৰি, আজি সেই বিষয়ে জানো আহক-

বাদাম তেল

বাদাম তেলত ভিটামিন ই, ব্লিচিং এজেণ্ট আৰু অন্যান্য গুণাগুণ থাকে, যিয়ে ছালখনক স্বাস্থ্যকৰ কৰি ৰাখে।এটুকুৰা কপাহ লৈ তাত কেইটোপালমান বাদাম তেল লওঁক আৰু  ডিঙিত প্ৰয়োগ কৰক।কিছু সময়ৰ বাবে বা তেলেতীয়া ছাল শুকাই নোযোৱালৈকে পাতল হাতেৰে ডিঙিটো মালিচ কৰক। কেইদিনমানৰ বাবে একেৰাহে এনে কৰিলে আপুনি পাৰ্থক্যটো নিজে দেখিবলৈ পাব।

বেচন

বেচন, হালধি, নেমুৰ ৰস আৰু দৈ ভালদৰে মিহলি কৰি এটা ডাঠ পেষ্ট প্ৰস্তুত কৰক।ইয়াক ডিঙিত ভালদৰে প্ৰয়োগ কৰি ১৫-২০ মিনিটৰ বাবে শুকাবলৈ এৰি দিয়ক। সপ্তাহত ২-৩ বাৰ এনে কৰিলে পাৰ্থক্য নিজেই দেখিবলৈ পাব।

এল’ভেৰা জেল

 ডিঙিটো এল’ভেৰা জেলৰ সৈতে ৫ মিনিটৰ বাবে মালিচ কৰক।তাৰ পিছত ইয়াক ৩০ মিনিটৰ বাবে এৰি দিয়ক। ই ডিঙিৰ ক'লা আঁতৰ কৰে আৰু ইয়াক পৰিস্কাৰ, উজ্জ্বল আৰু কোমল কৰে।

আলু

এটা আলু ৰোকনীৰে ৰুকি লৈ কাপোৰ এখনত ৰাখক।ইয়াৰ পাছত কাপোৰখনত টানি বান্ধি আলুখিনি চেপি ৰস উলিয়াওঁক।কপাহৰ সহায়ত প্ৰভাৱিত স্থানত এই ৰস প্ৰয়োগ কৰক। কিছুদিন ধৰি একেৰাহে এনে কৰি ডিঙিৰ ক'লাখিনি আঁতৰি যাব।

কেঁচা অমিতা 

কেঁচা অমিতা পিছি লৈ গোলাপ জল আৰু এক চাহ চামুচ দৈ মিহলি কৰি এটা পেষ্ট প্ৰস্তুত কৰক। এই পেষ্টটো ডিঙিত প্ৰয়োগ কৰক আৰু ইয়াক কিছু সময়ৰ বাবে শুকাবলৈ দিয়ক।সোনকালে সুফল পাবলৈ এনেদৰে সপ্তাহত কমেও এবাৰ কৰিবলৈ চেষ্টা কৰিব।

তিয়ঁহ 

আপুনি তিয়ঁহৰ সহায়তো ডিঙি পৰিস্কাৰ কৰিব পাৰে। তিয়ঁহখিনি প্ৰথমে গুৰি কৰক।এতিয়া ইয়াত গোলাপ জল মিহলি কৰি এটা পেষ্ট বনাওঁক।এই পেষ্টটো ডিঙিত প্ৰয়োগ কৰক আৰু ইয়াক ১০ মিনিটৰ বাবে এনেদৰে এৰি দিয়ক।এনে কৰাৰ ফলত আপোনাৰ ডিঙিটো সোনকালেই জিলিকি উঠিব।

আনহাতে, ঘৰৰ পৰা ওলাই যোৱাৰ আগতে মুখৰ লগতে ডিঙিত ছানস্ক্ৰীণ প্ৰয়োগ কৰিবলৈ নাপাহৰিব। 

ক’লা পৰা ডিঙিটোৰ বাবে লাজত পৰে নেকি?
এই অভ্যাসে সলনি কৰিব পাৰে শিশুৰ ভৱিষ্যত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in