দামী ক্ৰীম লগোৱাতকৈ মুখত ফটা গাখীৰ লগাওঁক

বতৰৰ পৰিবৰ্তনৰ ফলত ছালখন অতি সংবেদনশীল হৈ পৰে। বিশেষকৈ বৰষুণৰ দিনত। এই ঋতুত কেতিয়াবা অতি গৰম হয় আৰু কেতিয়াবা বৰষুণৰ ফলত ঠাণ্ডা বৃদ্ধি হয়। কেতিয়াবা যদি ঘাম ওলায় কেতিয়াবা আকৌ ঠাণ্ডা অনুভৱ হয়।ইয়াৰ ফলত আমাৰ ছালখন চাপৰ সন্মুখীন হোৱাটো স্বাভাৱিক।

author-image
Asomiya Pratidin
New Update
দামী ক্ৰীম লগোৱাতকৈ মুখত ফটা গাখীৰ লগাওঁক

ডিজিটেল ডেস্ক: বতৰৰ পৰিবৰ্তনৰ ফলত ছালখন অতি সংবেদনশীল হৈ পৰে। বিশেষকৈ বৰষুণৰ দিনত। এই ঋতুত কেতিয়াবা অতি গৰম হয় আৰু কেতিয়াবা বৰষুণৰ ফলত ঠাণ্ডা বৃদ্ধি হয়। কেতিয়াবা যদি ঘাম ওলায় কেতিয়াবা আকৌ ঠাণ্ডা অনুভৱ হয়।ইয়াৰ ফলত আমাৰ ছালখন চাপৰ সন্মুখীন হোৱাটো স্বাভাৱিক।কিন্তু ছালৰ যতনৰ বাবে ঘনাই বিউটি পাৰ্লাৰলৈ যোৱাটোও সম্ভৱ নহয়। এনে পৰিস্থিতিত পাকঘৰত পৰি থকা গাখীৰ আপোনাৰ বাবে উপকাৰী হ'ব পাৰে।হয়, পাকঘৰত আপুনি পেলাবলৈ থোৱা ফটা গাখীৰৰে আপুনি তৈয়াৰ কৰিব পাৰে ফেচ চিৰাম।বজাৰত উপলব্ধ ৰাসায়নিক পদাৰ্থসমৃদ্ধ প্ৰসাধনতকৈ ঘৰত তৈয়াৰ কৰা সামগ্ৰীবোৰ স্বাভাৱিকভাৱেই ছালৰ বাবে যথেষ্ট উপকাৰী। পেলনীয়া গাখীৰখিনিৰে কিদৰে ফেচ চিৰাম তৈয়াৰ কৰিব পাৰি, আজি জানো আহক-

Advertisment

ফেচ চিৰাম তৈয়াৰ কৰাৰ পদ্ধতি

এই চিৰাম প্ৰস্তুত কৰিবলৈ আপোনাক একাপ ফটা গাখীৰ, ফটা গাখীৰ নাথাকিলে আপুনি কেঁচা গাখীৰ আৰু নেমু ব্যৱহাৰ কৰিব পাৰে।ইয়াৰ লগতে এক চিকুট হালধি, এক চামুচ গ্লিচাৰিন আৰু এক চিকুট নিমখৰ প্ৰয়োজন।

প্ৰথমে, যদি ফটা গাখীৰ নাথাকে তেতিয়া একাপ গাখীৰ লৈ গেছত উতলাব। যেতিয়া গাখীৰখিনি উতলাবলৈ আৰম্ভ কৰে, তাত নেমুৰ ৰস মিহলি কৰিব। যেতিয়া গাখীৰ ফাটি যায়, ফটা গাখীৰখিনি ছেকনিত ছেকি ল’ব। আপুনি গাখীৰৰ ডাঠ অংশখিনি ব্যৱহাৰ কৰিব নালাগে। কেৱল ফটা গাখীৰৰ পানীখিনিহে আপোনাক প্ৰয়োজন হ’ব।এই পানীখিনিত গ্লিচাৰিন, হালধি আৰু নিমখখিনি ভালদৰে মিহলি কৰিব।আপোনাৰ ফেচ চিৰাম সাজু। ইয়াক কাঁচৰ বটল এটাত ভৰাই ফ্ৰিজত ৰাখি সময়মতে ব্যৱহাৰ কৰি থাকিব পাৰে।

এনেদৰে ব্যৱহাৰ কৰিব

এই চিৰাম ব্যৱহাৰ কৰিবলৈ প্ৰথমে মুখখন ভালদৰে ধুই ল’ব। তাৰ পাছত কেইটোপালমান চিৰাম হাতত লৈ মুখখন লাহে লাহে মালিচ কৰিব। মুখৰ পৰা ডিঙিলৈ ছালত চিৰামখিনি ভালদৰে শোষিত নোহোৱালৈকে মালিচ কৰিব।এই চিৰামে ছালখনক ভালদৰে হাইড্ৰেটেড কৰি ৰাখিব আৰু ইয়াত থকা নিমখে মৃত ছালবোৰ দূৰ কৰাত সহায় কৰিব।

Also Read: বয়সৰ চাপ পৰাৰ পৰা ছালখনক এইদৰে দিয়ক সুৰক্ষা