অভাৱনীয় ভাৱে বৃদ্ধি পোৱা জনসংখ্যা ৰোধৰ অভিনৱ কৌশল

বিয়া কৰালেই লাভ কৰিব চৰকাৰী টকা। আচৰিত নহয়নে ? পিছে আচৰিত হ'লেও নৱবিবাহিতৰ বাবে এই সুবিধা আগবঢ়াইছে চীন দেশৰ চৰকাৰে।অভাৱনীয়ভাৱে বৃদ্ধি পোৱা জনসংখ্যা নিয়ন্ত্ৰণৰ কৰিবলৈ চীনে সময়ে সময়ে বহু পদক্ষেপ গ্ৰহণ কৰি আহিছে।এয়াও হৈছে এই পদক্ষেপৰে অন্তৰ্গত।

author-image
Asomiya Pratidin
New Update
অভাৱনীয় ভাৱে বৃদ্ধি পোৱা জনসংখ্যা ৰোধৰ অভিনৱ কৌশল

ডিজিটেল ডেস্ক: বিয়া কৰালেই লাভ কৰিব চৰকাৰী টকা। আচৰিত নহয়নে ? পিছে আচৰিত হ'লেও নৱবিবাহিতৰ বাবে এই সুবিধা আগবঢ়াইছে চীন দেশৰ চৰকাৰে।অভাৱনীয়ভাৱে বৃদ্ধি পোৱা জনসংখ্যা নিয়ন্ত্ৰণৰ কৰিবলৈ চীনে সময়ে সময়ে বহু পদক্ষেপ গ্ৰহণ কৰি আহিছে।এয়াও হৈছে এই পদক্ষেপৰে অন্তৰ্গত।এই ক্ষেত্ৰত আন আন পদক্ষেপসমূহৰ ভিতৰত আছে বিবাহৰ আইনী বয়স।যি হৈছে পুৰুষৰ বাবে ২২ আৰু মহিলাৰ বাবে ২০। অৱশ্যে, লিংগ অনুপাতৰ ভাৰসাম্যহীনতাৰ বাবে চাংছান জিলাই এক আকৰ্ষণীয় ৰণনীতি প্ৰৱৰ্তন কৰিছে।সেই অনুসৰি, যদি দৰাজনে ২৫ বছৰ বা তাতকৈ কম বয়সৰ মহিলাক বিয়া কৰায় তেন্তে এই জিলাৰ নৱবিবাহিত সকলে লাভ কৰিব ভাৰতীয় হিচাপত ১১,৪১১ টকা।

Advertisment

যদিও এই দেশৰ চৰকাৰে জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ ৰখাৰ বাবে কঠোৰ প্ৰতিবন্ধকতা আৰোপ কৰি আছে। ই নিৰ্দিষ্ট অঞ্চলত বিবাহৰ হাৰ বৃদ্ধি কৰাৰো কাম কৰিছে। দেশখনে তেওঁলোকৰ 'ঐতিহ্য' বজাই ৰাখিবলৈ আৰু 'পৰম্পৰা' চিৰস্থায়ী কৰিবলৈ যথেষ্ট পৰিমাণে চেষ্টাও কৰি আছে। শেহতীয়াকৈ, চীনে 'কিক্সি উৎসৱ' নামৰ ভেলেণ্টাইন দিৱস উদযাপন কৰিছে। এই উপলক্ষে দেশবাসীক তেওঁলোকক উপযুক্ত বয়সত বিবাহ আৰু সন্তান জন্ম দি চীনা ঐতিহ্য আৰু ৰাষ্ট্ৰীয় পুনৰুজ্জীৱিতকৰণত অৰিহণা যোগাবলৈ উৎসাহিত কৰাৰ বাবে বাৰ্তা প্ৰেৰণ কৰা হৈছে।

ইফালে, 'চাইনা পপুলেচন এছ'চিয়েশ্যন'ৰ উপ-সভাপতি য়ুৱান জিনে কয়, 'চীনৰ লোকসকলে এতিয়া পিতৃ-মাতৃত্বক কেন্দ্ৰ কৰি থকা জীৱনতকৈ তেওঁলোকৰ ব্যক্তিগত বিকাশক অগ্ৰাধিকাৰ দিছে। এই পৰিৱৰ্তনে সূচায় যে যদি চীনা ব্যক্তিসকলে সন্তান জন্ম দিয়াটো তেওঁলোকৰ ব্যক্তিগত বিকাশ আৰু সুখৰ বাবে বাধা বুলি অনুভৱ কৰে।যিয়ে দেশখনৰ জনসংখ্যা হ্ৰাস কৰাৰ ক্ষেত্ৰত ষথেষ্ট সহায়ক হিচাপে বিবেচিত হৈছে।'

Also Read: দীৰ্ঘজীৱন লাভৰ ৰহস্য ভেদ কৰিলে আটাইতকৈ পুৰণি জীৱিত মানৱে