/asomiyapratidin/media/media_files/2026/03/02/pg-2026-03-02-16-16-15.jpeg)
ডিজিটেল ডেস্ক: কাইলৈ অৰ্থাৎ ৩ মাৰ্চত হ’বলগীয়া সম্পূৰ্ণ চন্দ্ৰগ্ৰহণটো জ্যোতিষ আৰু ধৰ্মীয় দৃষ্টিকোণৰ পৰা বিশেষ তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হৈছে। চন্দ্ৰ গ্ৰহণ দুপৰীয়া ৩:২০ বজাৰ পৰা আৰম্ভ হৈ সন্ধিয়া ৬:৪৭ বজাত শেষ হ'ব। সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ এছিয়া আৰু অষ্ট্ৰেলিয়াৰ বহু অংশত দৃশ্যমান হ’ব। এই দিনটোত হলিকা দহনো কৰা হ’ব, যাৰ ফলত দিনটোৰ ধৰ্মীয় গুৰুত্ব আৰু অধিক বৃদ্ধি পাব।
চন্দ্ৰগ্ৰহণ আৰু ধৰ্মীয় বিশ্বাস
হিন্দু ধৰ্মত চন্দ্ৰগ্ৰহণক এক আধ্যাত্মিক শক্তিৰ সময় বুলি গণ্য কৰা হয়। জ্যোতিষশাস্ত্ৰ অনুসৰি, এই সময়ছোৱাত সৎ কৰ্ম, দান-বৰঙণি আৰু ঈশ্বৰ স্মৰণৰ ফল বহুগুণে বৃদ্ধি পায়। চন্দ্ৰগ্ৰহণৰ সময়ত কৰা দানে ঘৰৰ পৰা নেতিবাচক শক্তি আঁতৰাই মানসিক শান্তি, সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে।
এই বিশেষ দিনটোত কি দান কৰাটো শুভ ?
১) বগা বস্তু
বগা ৰং চন্দ্ৰৰ প্ৰিয় ৰং বুলি বিবেচনা কৰা হয়। সেয়েহে, এই দিনটোত চাউল, চেনি, গাখীৰ, গাখীৰজাত মিঠাই আৰু বগা কাপোৰ দান কৰাটো শুভ। চন্দ্ৰ গ্ৰহণৰ দিনা এইসমূহ বস্তু দান কৰিলে জীৱনলৈ সমৃদ্ধি আহে আৰু চন্দ্ৰ-সংক্রান্ত দোষ দূৰ হয়।
২) ৰূপ বা মুকুতা দান
ৰূপ আৰু মুকুতা চন্দ্ৰৰ সৈতে সম্পৰ্কিত ধাতু আৰু ৰত্ন। বিশেষকৈ যিসকলৰ ৰাশিফলত ৰাহু, কেতু বা শনি দোষ থাকে, তেওঁলোকৰ বাবে এই দান ফলপ্ৰসূ। ইয়াৰ দ্বাৰা মানসিক চাপ কমে আৰু জীৱনৰ বাধা-বিঘিনি আঁতৰে।
৩) খাদ্য দান
হিন্দু ধৰ্মত অন্নদানক মহাদান বুলি কোৱা হয়। চন্দ্ৰগ্ৰহণৰ দিনা আৰ্তজনক ৰন্ধা খাদ্য বা কেঁচা শস্য দান কৰিলে চন্দ্ৰৰ আশীৰ্বাদ বৰ্তি থাকে আৰু ঘৰলৈ শান্তি-সুখ আহে।
৪) ধন দান
এই বিশেষ দিনটোত ধন দান কৰিলে কেৱল আৰ্তজনৰ সহায় হোৱাই নহয়, দেৱ-দেৱীৰ আশীৰ্বাদো লাভ কৰিব পাৰি। বিশেষকৈ লক্ষ্মী দেৱীৰ কৃপা লাভৰ বাবে এই দান অতি শুভ।
৫) মাটিৰ চাকি
মাটিৰ চাকিত ঘিউ বা তেল দি নদীত উটুৱাই দিয়াটো অতি শুভ বুলি গণ্য কৰা হয়। চাকি দান কৰলে জীৱনলৈ ইতিবাচকতা আহে। ঘৰত চন্দ্ৰক স্মৰণ কৰি চাকি জ্বলোৱাও আধ্যাত্মিকভাৱে ফলপ্ৰসূ বুলি গণ্য কৰা হয়।
চন্দ্ৰগ্ৰহণ কেৱল এক জ্যোতির্বৈজ্ঞানিক ঘটনাই নহয়, বহু লোকৰ বাবে এই দিনটো আধ্যাত্মিক শুদ্ধিকৰণ আৰু দান-বৰঙণিৰ এক বিশেষ সুযোগ। ভক্তি, নিয়ম-নীতি আৰু সৎচিত্তে কৰা দানে ব্যক্তিৰ জীৱনলৈ শান্তি, সমৃদ্ধি আৰু মানসিক ভাৰসাম্যতা কঢ়িয়াই আনে বুলি বিশেবাস কৰা হয়। সেয়েহে, ৩ মাৰ্চৰ দিনটো ধৰ্মীয় আৰু সামাজিক দুয়ো দিশতে এক গুৰুত্বপূৰ্ণ দিন হিচাপে বিবেচিত হ’ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us