Advertisment

যদি এই পৰাঠা খাবলৈ আগ্ৰহী, আপুনি যাব লাগিব চণ্ডীগড়লৈ

অধিকাংশ ভাৰতীয়ৰে পৰাঠা প্ৰিয়। ৰাতিপুৱায়ে হওঁক, দুপৰীয়ায়েই হওঁক অথবা ৰাতিয়েই হওঁক, পৰাঠা সকলো সময়তে খাব পৰা এবিধ অন্যতম খাদ্য। পৰাঠাৰ প্ৰস্তুত প্ৰণালীও সহজ আৰু খুব সুস্বাদু। ইয়াক সাধাৰণতে তেল, ঘিউ বা মাখন ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়।কিন্তু চণ্ডীগড়ৰ এজন ব্যক্তিয়ে খুব ব্যতিক্ৰমীভাৱে পৰাঠা প্ৰস্তুত কৰে।

author-image
Asomiya Pratidin
New Update
যদি এই পৰাঠা খাবলৈ আগ্ৰহী, আপুনি যাব লাগিব চণ্ডীগড়লৈ

ডিজিটেল ডেস্ক: অধিকাংশ ভাৰতীয়ৰে পৰাঠা প্ৰিয়। ৰাতিপুৱায়ে হওঁক, দুপৰীয়ায়েই হওঁক অথবা ৰাতিয়েই হওঁক, পৰাঠা সকলো সময়তে খাব পৰা এবিধ অন্যতম খাদ্য। পৰাঠাৰ প্ৰস্তুত প্ৰণালীও সহজ আৰু খুব সুস্বাদু। ইয়াক সাধাৰণতে তেল, ঘিউ বা মাখন ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়।কিন্তু চণ্ডীগড়ৰ এজন ব্যক্তিয়ে খুব ব্যতিক্ৰমীভাৱে পৰাঠা প্ৰস্তুত কৰে।হয়, তেওঁ পৰাঠা বনাওঁতে তেল, ঘিউ, মাখনৰ সলনি ডিজেল ব্যৱহাৰ কৰে।

Advertisment

প্ৰকৃততে, শেহতীয়াকৈ ছ'চিয়েল মেডিয়াত এটা ভিডিঅ' ভাইৰেল হৈছে। @nebula_world নামৰ টুইটাৰ একাউণ্টৰ পৰা এই ভিডিঅ'টো শ্বেয়াৰ কৰা হৈছে।য'ত এই পৰাঠা বনোৱাৰ সম্পূৰ্ণ প্ৰণালী দেখুওৱা হৈছে।ভিডিঅ'টোত চণ্ডীগড়ৰ এখন ধাবাত কৰ্মৰত এজন ব্যক্তিয়ে বাবলু নামৰ ৰান্ধনীজনক কি কৰি আছে বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ 'ডিজেল' পৰঠা তৈয়াৰ কৰা বুলি স্পষ্ট কৰে। বাবলুৱে ময়দাৰ লাডুটোত আলুৰ মিশ্ৰণ ভৰাই এটা পৰাঠাৰ আকৃতি দি এখন টাৱাত দিয়ে। তাৰ পিছত তেওঁ পৰাঠাত অত্যাধিক পৰিমাণৰ তেল ঢালি কয় যে, সেয়া প্ৰকৃততে 'ডিজেল'।

এই আজৱ ভিডিঅ'টো ক্ষন্তেকতে ভাইৰেল হৈ পৰাৰ পাছতে বিভিন্নজনে এই সন্দৰ্ভত ছ'চিয়েল মেডিয়াতে তেওঁলোকৰ মত প্ৰকাশ কৰিছে। এজনে লেখিছে, ‘বিক্ৰেতাজন অতি সোনকালেই ফেৰাৰীৰ গৰাকী হ’ব আৰু তেওঁৰ গ্ৰাহকে কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ঘৰ আৰু গাড়ী বিক্ৰী কৰিবলগীয়াত পৰিব।’ একাংশৰ মতে, 'ভাৰতত পথৰ কাষত বিক্ৰী কৰা খাদ্যৰ বাবে কোনো ধৰণৰ খাদ্য সুৰক্ষাৰ নিয়ম নাই।যাৰ বাবে বহু লোকে অস্বাস্থ্যকৰ আহাৰ খাই জীৱন-মৰণৰ বাবে যুঁজ দিবলগীয়া হৈছে।' আন একাংশৰ মতে, 'এয়া ডিজেল বা পেট্ৰ'ল নহয়। কিন্তু যিয়েই নহওঁক, ই নিশ্চিতভাৱে খোৱাৰ বাবে উপযুক্ত নহয়।' বহুতেই আকৌ পথৰ কাষত বিক্ৰী কৰা খাদ্য অস্বাস্থ্যকৰ বুলি কৈ বাহিৰত খোৱাটো বন্ধ কৰিবলৈ সকলোকে আহ্বান জনাইছে।

Also Read: আধুনিক যুগৰ চোৰৰ আধুনিক বুদ্ধি !