আধুনিক যুগৰ চোৰৰ আধুনিক বুদ্ধি !

আধুনিক যুগত চোৰেও আধুনিক পদ্ধতিৰেই চুৰি কৰে।সেয়া যেন প্ৰমাণ কৰিলে শেহতীয়াকৈ সংঘটিত হোৱা এক চুৰি কাণ্ডই।হয়, আধুনিক চোৰে আধুনিক সা-সৰঞ্জাম ব্যৱহাৰ কৰি লুটি নিলে এখন গহনাৰ দোকান।

author-image
Asomiya Pratidin
New Update
আধুনিক যুগৰ চোৰৰ আধুনিক বুদ্ধি !

ডিজিটেল ডেস্ক: আধুনিক যুগত চোৰেও আধুনিক পদ্ধতিৰেই চুৰি কৰে।সেয়া যেন প্ৰমাণ কৰিলে শেহতীয়াকৈ সংঘটিত হোৱা এক চুৰি কাণ্ডই।হয়, আধুনিক চোৰে আধুনিক সা-সৰঞ্জাম ব্যৱহাৰ কৰি লুটি নিলে এখন গহনাৰ দোকান।

Advertisment

এই ঘটনাটো উত্তৰ দিল্লীৰ দাৰিবা কলন অঞ্চলত সংঘটিত হৈছে।ইয়াত থকা এখন ডাঙৰ গহনাৰ দোকানৰ পকাৰ বেৰত কৌশলৰে ফুটা কৰি চোৰে বহুমূলীয়া গহনা লৈ উধাও হয়। আৰক্ষীয়ে এই ঘটনাৰ চি চি টিভি ফুটেজ ইতিমধ্যে লাভ কৰিছে আৰু বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।

এই জুৱেলাৰী দোকানখনৰ স্বতাধিকাৰীৰ মতে, দোকান চুৰি হোৱাৰ দিনা নিশা প্ৰায় ৮.৩০ বজাত তেওঁ দোকান বন্ধ কৰি ঘৰ অভিমুখে ৰাওনা হৈছিল।পিছদিনা যেতিয়া দোকানৰ কৰ্মচাৰীয়ে দোকানখন খোলে, তেতিয়া তেওঁলোকে দোকানখনৰ বেৰত ফুটা দেখে আৰু একো গহনা দেখা নাপায় আৰক্ষীক খবৰ দিয়ে।আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে।ইফালে, অপৰাধৰ দৃশ্যফৰেনচিক দলৰ দ্বাৰাও ঘটনাস্থলী পৰীক্ষা কৰি অজ্ঞাত লোকৰ বিৰুদ্ধে আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে।

Also Read: একেবাৰেই সহজ হৈ পৰিছে বিবাহ-বিচ্ছেদ !