সাৱধান ! ওকনিক সাধাৰণ সমস্যা বুলি ভাবি অৱহেলা নকৰিব

হেডলাইনটো পঢ়ি আচৰিত হৈছে ? হোৱাটোও অৱশ্যে স্বাভাৱিক ! ওকনিয়ে প্ৰাণ ললে এগৰাকী ১২ বছৰীয়া ছোৱালীৰ। লক্ষ্মীপ্ৰিয়া সাহু নামৰ এই ছোৱালীজনীৰ মূৰত দীৰ্ঘদিনৰ পৰা বহুত ওকনি আছিল।

author-image
সংগীতা দাস
New Update
ওকনি.jpg

ডিজিটেল ডেস্ক: হেডলাইনটো পঢ়ি আচৰিত হৈছে ? হোৱাটোও অৱশ্যে স্বাভাৱিক ! ওকনিয়ে প্ৰাণ ললে এগৰাকী ১২ বছৰীয়া ছোৱালীৰ। লক্ষ্মীপ্ৰিয়া সাহু নামৰ এই ছোৱালীজনীৰ মূৰত দীৰ্ঘদিনৰ পৰা বহুত ওকনি আছিল। ওকনিৰ ফলত হোৱা গৌণ সংক্ৰমণ বা চিকিৎসাৰ প্ৰতিক্ৰিয়াই লক্ষ্মীপ্ৰিয়াৰ মৃত্যুৰ কাৰণ। অহৰহ খজুৱতি, মূৰৰ ছালত ঘাঁ আৰু দুৰ্গন্ধই তাইক শাৰীৰিকভাৱে কষ্ট দিয়াৰ লগতে মানসিকভাৱেও দুৰ্বল কৰি তুলিছিল। লাজ আৰু অস্বস্তিৰ বাবে তাই স্কুললৈ যোৱাও বন্ধ কৰি দিছিল। 

ওকনিয়ে কেনেদৰে ল’ব পাৰে গুৰুতৰ ৰূপ ?

চিকিৎসকৰ মতে, মূৰৰ ওকনি সাধাৰণতে এটা সাধাৰণ আৰু চিকিৎসাযোগ্য সমস্যা। অধিকাংশ ক্ষেত্ৰতে ই খজুৱতি আৰু অস্বস্তিৰ বাহিৰে গুৰুতৰ ক্ষতি নকৰে। কিন্তু দীৰ্ঘদিন ধৰি মূৰত ওকনি থাকিলে আৰু সময়মতে চিকিৎসা নকৰিলে এই সমস্যাই জটিল ৰূপ ল’ব পাৰে।

ওকনিয়ে অহৰহ মূৰত ছালত খোঁচ মাৰি থাকিলে মূৰৰ ছালত সৰু সৰু ফুটা হয়। এই ফুটাবোৰৰ জৰিয়তে বেক্টেৰিয়া শৰীৰত প্ৰৱেশ কৰি সংক্ৰমণ ঘটাব পাৰে। যদি এই সংক্ৰমণ তেজলৈ বিয়পি পৰে, তেন্তে চেপ্টিচেমিয়া (Septicemia) বা চেপ্চিছৰ দৰে অৱস্থা সৃষ্টি হ’ব পাৰে। 

17_33_365130229juu-1

২০২২ চনত প্ৰকাশিত এক চিকিৎসা অধ্যয়নত আমেৰিকাতো একে ধৰণৰ ঘটনা নথিভুক্ত কৰা হৈছিল, য’ত ওকনিৰ বাবে গুৰুতৰ ৰক্তহীনতাৰ হৈ এগৰাকী কিশোৰীৰ মৃত্যু হৈছিল। ই প্ৰমাণ কৰে যে অবহেলা কৰিলে সাধাৰণ সমস্যা এটাই জটিল ৰূপ ল'ব পাৰে।

লক্ষ্মীপ্ৰিয়াৰ মৃত্যুও ৰক্তহীনতাৰ বাবেই হৈছে। প্ৰথমে ৰক্তহীনতা, তাৰ পাছত দুৰ্বল আৰু শেষত তেজ বমি কৰি কৰুণভাৱে প্ৰাণ ত্যাগ কৰে কিশোৰীগৰাকীয়ে। 

সচেতনতা আৰু প্ৰতিৰোধৰ গুৰুত্ব

এই ঘটনাই সমাজক এটা স্পষ্ট বাৰ্তা দিয়ে যে ওকনিক তুচ্ছ বুলি ভবা উচিত নহয়। সময়মতে চিকিৎসা আৰু নিজৰ শৰীৰটো পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰক্ষা কৰাটো অতি গুৰুত্বপূৰ্ণ।

স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শ

  • শিশুৰ মূৰত ওকনি দেখা পালে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক।

  • নিয়মিতভাৱে চুলি ধোৱা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখক।

  • ওকনি থাকিলে মূৰৰ ছালত হোৱা ঘাঁ বোৰক অবহেলা নকৰিব।

  • বিদ্যালয় আৰু সমাজত এই বিষয়ত সচেতনতা বৃদ্ধি কৰক।

17_34_054257432juu

ওকনি এটা সহজে নিয়ন্ত্ৰণযোগ্য সমস্যা। কিন্তু অৱহেলা, লাজ বা অজ্ঞতাৰ বাবে যদি সময়মতে চিকিৎসা লোৱা নহয়, তেন্তে ই জটিল ৰূপ ল’ব পাৰে। লক্ষ্মীপ্ৰিয়াৰ মৃত্যুৰ দৰে কৰুণ ঘটনাই আমাক সজাগ কৰে যে স্বাস্থ্য বিষয়ত সৰু সমস্যা বুলি আচলতে একোৱেই নাথাকে। লক্ষ্মীপ্ৰিয়াৰ ঘৰ ওড়িছাৰ পুৰী জিলাত।