কি ৰাশিৰ লোকে কি কৰিব লাগিব জানি লওঁক

হিন্দু ধৰ্মত পূৰ্ণিমাৰ দিনটো অতি পবিত্ৰ তথা শুভ বুলি গণ্য কৰা হয়। এই দিনটোত আকাশত চন্দ্ৰটো জিলিকি উঠে। সমাগত বুদ্ধ পূৰ্ণিমা। ১২ মে'ত পালন কৰা হ'ব বুদ্ধ ধৰ্মালম্বী লোকসকলৰ উৎসৱ বুদ্ধ পূৰ্ণিমা।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
১৩৪

ডিজিটেল ডেস্ক: হিন্দু ধৰ্মত পূৰ্ণিমাৰ দিনটো অতি পবিত্ৰ তথা শুভ বুলি গণ্য কৰা হয়। এই দিনটোত আকাশত চন্দ্ৰটো জিলিকি উঠে। সমাগত বুদ্ধ পূৰ্ণিমা। ১২ মে'ত পালন কৰা হ'ব বুদ্ধ ধৰ্মালম্বী লোকসকলৰ উৎসৱ বুদ্ধ পূৰ্ণিমা। যদি এই দিনটোত প্ৰতিটো ৰাশিৰ ব্যক্তিয়ে কিছু বিশেষ ব্যৱস্থা গ্ৰহণ কৰে, তেন্তে সকলোৰে ভাগ্য সলনি কৰিব পাৰে। হয়, এই শুভ দিনটোত কি ৰাশিৰ লোকে কি কাম কৰিলে ভাগ্য উদয় হ'ব, জানি লওঁক-

Advertisment

মেষ ৰাশি

মেষ ৰাশিৰ লোকৰ বাবে পূৰ্ণিমাৰ দিনা বজৰংবলীক পূজা কৰাটো অত্যন্ত লাভজনক বুলি গণ্য কৰা হয়। এই দিনটোত ৰঙা কাপোৰ পৰিধান কৰি হনুমান চলিছা পাঠ কৰিব। পাৰিলে হনুমান মন্দিৰত নাৰিকল আগবঢ়াব। ইয়াৰ দ্বাৰা জীৱনৰ সকলো অসুবিধা দূৰ হ’ব।

বৃষ ৰাশি

বৃষ ৰাশিৰ লোকসকলৰ বাবে এই দিনটোত দেৱী লক্ষ্মীৰ পূজা আৰু বগা ফুল নিবেদন কৰাটো অতি শুভ। ঘৰত শংখ বজাই 'ওম মহালক্ষ্ম্যই নম' মন্ত্ৰ জপ কৰিব।

মিথুন ৰাশি

মিথুন ৰাশিৰ লোকে পূৰ্ণিমাৰ দিনা ভগৱান বিষ্ণুক পূজা কৰিব লাগে। তদুপৰি, এই দিনটোত বিষ্ণু সহস্ৰানাম পাঠ কৰি ঘৰতে তুলসী গছৰ ওচৰত চাকি জ্বলাব।

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ বাবে চন্দ্ৰৰ বিশেষ তাৎপৰ্য আছে। পূৰ্ণিমাৰ দিনা এই ৰাশিৰ লোকে  ভগৱান চন্দ্ৰক পানী আৰু বগা মিঠাই আগবঢ়াব।

সিংহ ৰাশি

সিংহ ৰাশিৰ লোকসকলে পূৰ্ণিমাৰ দিনা মহাদেৱক পূজা কৰিব লাগে। এই দিনটোত  শিৱলিংগত কেঁচা গাখীৰ আগবঢ়াব। এনে কৰিলে আপোনাৰ জীৱনত থকা বাধাবোৰ দূৰ হয়।

কন্যা ৰাশি

কন্যা ৰাশিৰ অধীনত জন্ম লোৱা লোকসকলে ভগৱান গণেশক পূজা কৰিব লাগে। এই ৰাশিৰ লোকসকলে পূৰ্ণিমাৰ দিনা গণপতিক লাৰু আগবঢ়াবক। ইয়াৰ ফলত সমৃদ্ধিৰ লগতে বুদ্ধি আৰু প্ৰজ্ঞা বৃদ্ধি পায়।

তুলা ৰাশি

তুলা ৰাশিৰ লোকৰ বাবে দুৰ্গা দেৱী পূজা বিশেষভাৱে উপকাৰী বুলি গণ্য কৰা হয়। এই দিনটোত দুৰ্গা সপ্তশতি পাঠ কৰি দেৱীক ৰঙা খাৰু আগবঢ়াব লাগে।

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ লোকে মহাকালীক পূজা কৰিব লাগে। এই দিনটোত পাৰিলে ক'লা তিল আৰু ক'লা কাপোৰ দান কৰিবূ।

ধনু ৰাশি

ধনু ৰাশিৰ বাবে বৃহস্পতি ভগৱানক পূজা কৰা উচিত। এই দিনটোত হালধীয়া কাপোৰ পৰিধান কৰি গুৰু মন্ত্ৰ জপ কৰিব।

মকৰ ৰাশি

মকৰ ৰাশিৰ লোকসকলে পূৰ্ণিমাৰ দিনা শনিদেৱৰ পূজা কৰিব লাগে। তদুপৰি, ক’লা তিল আৰু লোহাৰ বাচন দান কৰিব।

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ লোকসকলৰ বাবে পূৰ্ণিমাৰ দিনটোত ভগৱান শিৱৰ পূজা আৰু ৰুদ্ৰভিষেক কৰা শুভ বুলি গণ্য কৰা হয়। এই দিনটোত ক’লা তিল আৰু পানীৰে অভিষেক কৰিব লাগে।

মীন ৰাশি

পূৰ্ণিমাত মীন ৰাশিৰ লোকসকলে ভগৱান বিষ্ণুক পূজা কৰিব লাগে। এই দিনটোত হালধীয়া ফুল বিষ্ণুক আগবঢ়াব।

বি.দ্ৰঃ এই প্ৰৱন্ধটো ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত লেখা হৈছে।

Also Read: মুখত হাঁহি বিৰিঙিছে অজস্ৰজনৰ