ভাগ্যশ্ৰীৰ দৰে ধুনীয়া হ’বলৈ আপুনিও লগাওঁক এই ফেচপেক

আচৰিত কথা এয়ে যে, বৰ্তমান ৫৫ বছৰীয়া হোৱাৰ পাছতো এই অভিনেত্ৰীগৰাকী আগৰ দৰেই আকৰ্ষণীয় হৈ আছে। তেওঁৰ উজ্জ্বল ছাল-চুলি দেখি বয়স অনুমান কৰাটো একপ্ৰকাৰ কঠিন হৈ পৰে। আন মহিলাসকলে বয়স লুকুৱাবলৈ ব্যয়বহুল এণ্টি-এজিং ক্ৰীম ব্যৱহাৰ কৰে।কিন্তু ইয়াৰ বিপৰীতে ভাগ্যশ্ৰীয়ে ছালত যত্নত ব্যৱহাৰ কৰে এবিধ বিশেষ ফেচপেক।

author-image
Asomiya Pratidin
New Update
ভাগ্যশ্ৰীৰ দৰে ধুনীয়া হ’বলৈ আপুনিও লগাওঁক এই ফেচপেক

ডিজিটেল ডেস্ক: ৯০ দশকত বলীউডত ৰাজত্ব কৰা অভিনেত্ৰী ভাগ্যশ্ৰীৰ সৌন্দৰ্যৰ বিষয়ে হয়তো কোৱাৰ প্ৰয়োজন নাই।আচৰিত কথা এয়ে যে, বৰ্তমান ৫৫ বছৰীয়া হোৱাৰ পাছতো এই অভিনেত্ৰীগৰাকী আগৰ দৰেই আকৰ্ষণীয় হৈ আছে। তেওঁৰ উজ্জ্বল ছাল-চুলি দেখি বয়স অনুমান কৰাটো একপ্ৰকাৰ কঠিন হৈ পৰে। আন মহিলাসকলে বয়স লুকুৱাবলৈ ব্যয়বহুল এণ্টি-এজিং ক্ৰীম ব্যৱহাৰ কৰে।কিন্তু ইয়াৰ বিপৰীতে ভাগ্যশ্ৰীয়ে ছালত যত্নত ব্যৱহাৰ কৰে এবিধ বিশেষ ফেচপেক।হয়, শেহতীয়া এক অনুষ্ঠানত ভাগ্যশ্ৰীয়ে তেওঁৰ সৌন্দৰ্যৰ ৰহস্যৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে।আজি এই বিষয়ে জানো আহক-

Advertisment

অভিনেত্ৰী ভাগ্যশ্ৰীয়ে ব্যৱহাৰ কৰা এই ফেচপেকটো তেওঁ ওটছৰে তৈয়াৰ কৰে, যাৰ একো পাৰ্শ্বক্ৰিয়া নাথাকে।এই ফেচপেকটো প্ৰস্তুত কৰিবলৈ দুই চামুচ ওটছ, তিনি চামুচ গাখীৰ আৰু এক চামুচ মৌ ভালদৰে মিহলি কৰি এটা ডাঠ পেষ্ট প্ৰস্তুত কৰিব।এই পেষ্টটো মুখত ৫-১০ মিনিট সময় লগোৱাৰ পাছত পৰিস্কাৰ পানীৰে মুখখন ধুই পেলাব।এই ফেচপেকৰ উপকাৰিতাসমূহ হৈছে-

দূৰ হয় ছালৰ অতিৰিক্ত তেল 

বহুতো মহিলাৰ ছাল অতি তৈলাক্ত। এই ক্ষেত্ৰত, ওটছে এই সমস্যা দূৰ কৰাত সহায় কৰে। যদি আপুনি ব্লেকহেডৰ সমস্যাত ভুক্তভোগী, তেনেহ'লে এই ফেচ পেকটো আপোনাৰ বাবে লাভজনক হ'ব পাৰে।

ছাল কৰি ৰাখে হাইড্ৰেটেড

যদি আপুনি ছালখন হাইড্ৰেটেড ৰাখিব বিচাৰে, তেন্তে আপুনি এই ফেচ পেকটো ব্যৱহাৰ কৰিব পাৰে। ইয়াত থকা মৌয়ে শুকান ছালৰ পৰা সুৰক্ষা দিয়াত আপোনাক বহু পৰিমাণে সহায় কৰিব। ই ছালত আৰ্দ্ৰতাও অক্ষুন্ন ৰাখে।

শালমইনাৰ পৰা পৰিত্ৰাণ 

যদি আপোনাৰ ছালত শালমইনা অথবা সূক্ষ্ম ৰেখাৰ সমস্যা আছে, আপুনি এই ফেচ পেকত হালধিও অন্তৰ্ভুক্ত কৰিব পাৰে। হালধিৰ এণ্টিচেপ্টিক, এণ্টি-বেক্টেৰিয়া আৰু এণ্টি-বেক্টেৰিয়া আৰু এণ্টি-ইনফ্লেমেটৰী গুণাগুণ আছে, যিসমূহক ছালৰ বাবে অতি উপকাৰী।

Also Read: 'সৌন্দৰ্যৰ ৰাণী' ঐশ্বৰ্যই কিদৰে ছাল-চুলিৰ যত্ন লয়, আপুনিও জানি লওঁক