/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/c94f4e7d-4bd9-43f1-b466-4ced42742aac/AP_FEED_for_____________1_.jpg)
ডিজিটেল ডেস্ক: ফুৰাৰ চখ আমাৰ সকলোৰে থাকে।তাতে সেয়া যদি আপোনাৰ সংগীৰ লগত হয়, তেতিয়া সেই ফুৰাৰ মজাই বেলেগ।বিশেষকৈ বিবাহৰ পিছত নৱদম্পতীসকলে তেওঁলোকৰ জীৱনৰ সেই বিশেষ সময়খিনি স্মৰণীয় কৰি ৰাখিবলৈ ‘বিশেষ ভ্ৰমণ’ৰ পৰিকল্পনা কৰে।সেই সময়ত তেওঁলোকে এনেকুৱা ঠাইৰ সন্ধান কৰে, য’ত প্ৰতিটো মুহূৰ্ত উপভোগ কৰি অতি আৰামেৰে সময় অতিবাহিত কৰিব পাৰে।যদি আপুনিও বিবাহৰ পিছত ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰি আছে, তেন্তে সেই পৰিকল্পনা বিদেশ নহয়, ভাৰততে কৰক।হয়, আমাৰ ভাৰততে বহু এনে আকৰ্ষণীয় ঠাই আছে, য’ত আপুনি আপোনাৰ সংগীৰ সৈতে একান্তই ব্যক্তিগত সময় উপভোগ কৰিব পাৰে।আজি ভাৰতৰ এনে কেইখনমান ঠাইৰ বিষয়ে জানো আহক-
কাশ্মীৰ
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/afdb8e38-5317-4411-bc31-c1c39b7c727b/snowfall.jpg)
আপোনাৰ সংগীৰ সৈতে ফুৰিবলৈ কাশ্মীৰ হৈছে এখন অন্যতম শ্ৰেষ্ঠ ঠাই।অতুলনীয় সৌন্দৰ্য্যৰ বাবে কাশ্মীৰক ‘পৃথিৱীৰ স্বৰ্গ’ বুলি কোৱা হয়। বিশেষকৈ শীতকালত কাশ্মীৰ আৰু অধিক মনোমোহা হৈ পৰে।বৰফৰে আবৃত ওখ পৰ্বত আৰু শান্ত পৰিৱেশত আপুনি সকলো ক্লান্তি পাহৰি বিশেষ ব্যক্তিগৰাকীৰ লগত জীৱনটো উপভোগ কৰিব পাৰে।তদুপৰি, কাশ্মীৰৰ গুলমাৰ্গৰ ডাল হ্ৰদৰ লগতে আন আন ঠাইতো হ্ৰদ,পাহাৰ, গুহা আদিৰ অপৰূপ সৌন্দৰ্য্যই আপোনাৰ চকু-মন ভৰাই তুলিব।
কুৰ্গ
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/42111e9c-5178-40bc-9bad-bdab9c4b9033/coorge.jpg)
কুৰ্গক ‘ভাৰতৰ স্কটলেণ্ড’ বুলি জনা যায়। বিশেষকৈ যদি আপুনি নৱবিৱাহিত, তেন্তে সংগীৰ সৈতে এই ঠাই ভ্ৰমণ কৰি জীৱনৰ সুখ গোটাই ল’ব পাৰিব।কুৰ্গ সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ১,৫২৫ মিটাৰ উচ্চতাত অৱস্থিত।ইয়াত আপোনাৰ সংগীৰ সৈতে সময় কটোৱাৰ লগতে আপুনি ‘হাইকিং’, ‘ক্ৰছ কাণ্ট্ৰী’ দৰে বহু ৰোমাঞ্চকৰ কাৰ্যকলাপ উপভোগ কৰিব পাৰিব।যি পাহৰিব নোৱাৰো স্মৃতি হিচাপে আপোনাৰ মনত সদায়ে ডোলা দি থাকিব।
আন্দামান-নিকোবৰ দ্বীপপুঞ্জ
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/ac73f53e-8359-4135-a336-0e6a69585c67/andaman.jpg)
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জও ভাৰতৰ অন্যতম সুন্দৰ ঠাই। যদি আপুনি সামুদ্ৰিক স্থান আৰু পানীৰ ক্ৰীড়া পছন্দ কৰে তেন্তে আপুনি আন্দামান আৰু নিকোবৰলৈ যাব পাৰে। ভ্ৰমণৰ সময়ত আপুনি ইয়াত সুস্বাদু খাদ্যৰ সোৱাদ ল'ব পাৰিব।তদুপৰি এই দীপপুঞ্জত আপুনি স্কুবা ডাইভিং, নাও যাত্ৰা, স্নৰকেলিং, সাঁতোৰ আদি কাৰ্যৰো সুবিধা ল'ব পাৰে।
উটি
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/ab27055d-1d52-4271-b404-af1664c1702e/ooty.jpg)
দক্ষিণ তামিলনাডু ৰাজ্যৰ নীলগিৰি পাহাৰত অৱস্থিত উটি ভ্ৰমণৰ বাবে অন্যতম সৰ্বশ্ৰেষ্ঠ ঠাই। উটিক ‘পাহাৰৰ ৰাণী’ বুলিও কোৱা হয়।উটিৰ সেউজীয়া পৰিৱেশ আৰু শীতল বতৰে আপোনাক সৰগৰ সুখ প্ৰদান কৰিব।ইয়াৰ নীলগিৰি পৰ্বতত ৰেলযাত্ৰা, উটি হ্ৰদত নাও যাত্ৰা, ৰোড গাৰ্ডেনৰ সৌন্দৰ্য উপভোগ কৰি আপুনি আপোনাৰ ভ্ৰমণ স্মৰণীয় কৰি তুলিব পাৰিব।
উদয়পুৰ
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/612f3dc0-ae2c-46df-bebc-68aaa83fdca9/udaipur.webp)
আপোনাৰ সংগীৰ সৈতে ভ্ৰমণ কৰিব পৰা আন এখন উল্লেখনীয় ঠাই হৈছে উদয়পুৰ।বিশেষকৈ শীতকালত আপুনি আপোনাৰ সংগীৰ সৈতে উদয়পুৰত খোজ কাঢ়ি জীৱনটোৰ বাবে অন্য এক অভিজ্ঞতা অৰ্জন কৰিব পাৰে।আনহাতে, উদয়পুৰৰ ৰাজপুতানা সংস্কৃতিয়ে আপোনাক নিশ্চিতভাৱে আপোনাক আকৰ্ষিত কৰিব।আপোনাৰ সংগীৰ সৈতে পিচোলা হ্ৰদৰ পৰা সূৰ্যাস্ত উপভোগ, গৰম বায়ুবেলুন যাত্ৰা, ফতেহ সাগৰ হ্ৰদত দ্ৰুত বোটিং আৰু শিল্পগ্ৰামত খোজ কঢ়া আদিৰ মিঠা স্মৃতি লৈ আপুনি উদয়পুৰৰ পৰা উভতিব পাৰিব।
Also Read: ৰাতিপুৱা খালী পেটত এই কেইবিধ খাদ্য খাওঁক
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us