‘ফেটী লিভাৰ’ৰ কাৰণ-লক্ষণসমূহ চিনাক্ত কৰি এইদৰে শিশুটোৰ যত্ন লওঁক

‘ফেটী লিভাৰ’ৰ কাৰণ-লক্ষণসমূহ চিনাক্ত কৰি এইদৰে শিশুটোৰ যত্ন লওঁক

ডিজিটেল ডেস্ক: শিশুৱে স্বাস্থ্যকৰ খাদ্য খোৱাটো অতি জৰুৰী। কিয়নো তেওঁলোকে যি খাদ্য গ্ৰহণ কৰে, সেয়া হজম কৰাত যকৃতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অস্বাস্থ্যকৰ আহাৰে যকৃতৰ কাৰ্যপ্ৰণালী প্ৰভাৱিত কৰে। যাৰ ফলত ফেটী লিভাৰ অৰ্থাৎ চৰ্বিযুক্ত যকৃতৰ আশংকা যথেষ্ট পৰিমাণে বৃদ্ধি হয়। এই সমস্যাৰ বাবে শিশুটোৰ আন বহুতো ৰোগ হোৱাৰ আশংকা থাকে। ইয়াৰ ভিতৰত ডায়েবেটিচ অন্যতম।কিন্তু শিশুৰ এই সমস্যা কিয় হয়, ইয়াৰ লক্ষণবোৰ কি আৰু আপুনি তেওঁলোকক এই সমস্যাৰ পৰা কেনেদৰে সুৰক্ষিত কৰিব পাৰে,আজি সেই বিষয়ে জানো আহক-

ফেটী লিভাৰৰ লক্ষণ 

. ভাগৰ অনুভৱ কৰা 

. জণ্ডিচ

. শ্বাস-প্ৰশ্বাসত কষ্ট

. পেটৰ ওপৰৰ সোঁফালৰ ফালে বিষ অনুভৱ কৰা

ফেটী লিভাৰৰ কাৰণ

বিশেষজ্ঞসকলৰ মতে, ফেটী লিভাৰত ভুগি থকা শিশুৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে তেওঁলোকৰ আহাৰ।অধিকাংশ সৰু ল'ৰা ছোৱালীয়েই মিঠা পানীয় গ্ৰহণ কৰে, য'ত ফ্ৰুক্টোজ অতি উচ্চ পৰিমাণত পোৱা যায়। নিয়মীয়াকৈ ফ্ৰুক্টোজ সেৱনে তেওঁলোকৰ শৰীৰত চৰ্বিৰ পৰিমাণ বৃদ্ধি কৰে। যাৰ ফলত ফেটী লিভাৰৰ সমস্যা বৃদ্ধি হয়।

ফেটী লিভাৰৰ বিপদাশংকাৰ কাৰক 

বিশেষকৈ মেদবহুল শিশুৰ ফেটী লিভাৰ হোৱাৰ সম্ভাৱনা অধিক।তদুপৰি, জাংক ফুড খোৱাটোৱে এই সমস্যা বৃদ্ধি কৰিব পাৰে।ইয়াৰ আন আন কাৰণবোৰ হৈছে-

. তলপেটত বৰ্ধিত চৰ্বি 

. প্ৰি-ডায়েবেটিক

. পৰিয়ালৰ আন সদস্যৰ ফেটী লিভাৰৰ সমস্যা 

কেনেদৰে সুৰক্ষা দিব ?

যদি শিশুৰ লক্ষণবোৰ আৰম্ভণিতে লক্ষ্য কৰা হয়, তেনেহ'লে শিশুৰ ফেটী লিভাৰৰ সমস্যা এৰাই চলিব পাৰে। বহুক্ষেত্ৰত যকৃতে নিজেই এই ৰোগটো নাইকিয়া কৰে। কিন্তু আপুনি শিশুটোৰ দৈনন্দিন নিয়মীয়া অভ্যাসত কিছু পৰিৱৰ্তন কৰি এই ৰোগ সমস্যাটো প্ৰতিৰোধ কৰিব পাৰে। যেনে- 

. শিশুক দৈনিক ব্যায়াম কৰাব। 

. মুকলি ঠাইত খেলিবলৈ দিয়ক।

. ওজন নিয়ন্ত্ৰণত ৰাখিব।

. শিশুটোক এক সন্তুলিত আহাৰ খাবলৈ দিয়ক।

. পুষ্টিবিদৰ পৰামৰ্শ লওক। 

. শিশুৰ ডায়েবেটিচৰ স্তৰ নিয়ন্ত্ৰণত ৰাখিব। 

‘ফেটী লিভাৰ’ৰ কাৰণ-লক্ষণসমূহ চিনাক্ত কৰি এইদৰে শিশুটোৰ যত্ন লওঁক
পৰিৱৰ্তনশীল বতৰৰ বাবে শিশুটিৰ কাহ হৈছে নেকি ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in