শাহু-বোৱাৰীৰ ৰণ ! এতিয়াৰে পৰা কন্যাৰ সৈতে মাতৃগৃহত থাকিব অমিতাভ বচ্চনৰ বোৱাৰী

সত্য প্ৰমাণিত হ'ল এটা দীৰ্ঘদিনীয়া উৰাবাতৰি।হয়, শীঘ্ৰেই বিবাহ বিচ্ছেদ হ'ব বলীউডৰ অন্যতম জনপ্ৰিয় তথা প্ৰভাৱশালী যুটি অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায়ৰ। স্বামীগৃহৰ সদস্যৰ কৰ্ম-কাণ্ডত অতিষ্ঠ হৈ অৱশেষত মাতৃগৃহলৈ ৰাওনা হ’ল বিশ্ব সুন্দৰী ঐশ্বৰ্য ৰায় বচ্চন। যোৱা নিশা কন্যা আৰাধ্যা বচ্চনৰ সৈতে ঐশ্বৰ্যয়ে মেগাষ্টাৰ অমিতাভ বচ্চনৰ ঘৰ ত্যাগ কৰে।

author-image
Asomiya Pratidin
New Update
শাহু-বোৱাৰীৰ ৰণ ! এতিয়াৰে পৰা কন্যাৰ সৈতে মাতৃগৃহত থাকিব অমিতাভ বচ্চনৰ বোৱাৰী

ডিজিটেল ডেস্ক: সত্য প্ৰমাণিত হ'ল এটা দীৰ্ঘদিনীয়া উৰাবাতৰি।হয়, শীঘ্ৰেই বিবাহ বিচ্ছেদ হ'ব বলীউডৰ অন্যতম জনপ্ৰিয় তথা প্ৰভাৱশালী যুটি অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায়ৰ।  স্বামীগৃহৰ সদস্যৰ কৰ্ম-কাণ্ডত অতিষ্ঠ হৈ অৱশেষত মাতৃগৃহলৈ ৰাওনা হ’ল বিশ্ব সুন্দৰী ঐশ্বৰ্য ৰায় বচ্চন। যোৱা নিশা কন্যা আৰাধ্যা বচ্চনৰ সৈতে ঐশ্বৰ্যয়ে মেগাষ্টাৰ অমিতাভ বচ্চনৰ ঘৰ ত্যাগ কৰে।

Advertisment

ঐশ্বৰ্যই স্বামী গৃহ ত্যাগ কৰাৰ কাৰণ হৈছে তেওঁৰ শাহু জয়া বচ্চন আৰু অভিষেকৰ ভগ্নী শ্বেতা বচ্চন নন্দা।ঐশ্বৰ্যক লৈ হেনো তেওঁলোক দুয়ো একেবাৰে সুখী নহয়।যাৰ বাবে শেহতীয়াকৈ জয়া বচ্চনে ঐশ্বৰ্যৰ সৈতে কথা-বতৰা পতা বন্ধ কৰি দিছে।অভিষেকৰ মাতৃ-ভগ্নীৰ কাণ্ডত অতিষ্ঠ হৈয়ে ঐশ্বৰ্যই পৃথকে বাস কৰাৰ সিন্ধান্ত গ্ৰহণ কৰিছে।

আনহাতে, ‘বিগ বি’য়েও সময়ে সময়ে ছ’চিয়েল মেডিয়াত কেতবোৰ বিশেষ প’ষ্ট কৰে।যিয়ে তেওঁলোকৰ ঘৰৰ ভিতৰছোৱা যে একেবাৰে ভাল নহয় বা পাৰিবাৰিক শান্তি নথকা বিষয়টোক নিশ্চিত কৰে।কন্যা শ্বেতা বচ্চনক 'বিগ বি'য়ে তেওঁলোকৰ বাংলো ‘জলছা’ উপহাৰ দিয়াটোও তেওঁলোকৰ পাৰিবাৰিক কাজিয়াৰ এক ডাঙৰ কাৰণ হৈ পৰিছে। বলীউডৰ এই ‘হাই প্ৰফাইল’ পৰিয়ালটোয়ে সমগ্ৰ বিষয়টো সন্দৰ্ভত বৰ্তমানলৈ কোনো ধৰণৰ স্পষ্টতা প্ৰদান কৰা নাই। উল্লেখ্য যে, অনুৰাগীসকলে ‘বিগ বি’ৰ বিপক্ষে ছ’চিয়েল মেডিয়াত তীব্ৰ ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে।অনুৰাগীৰ মতে, জয়া বচ্চন আৰু শ্বেতা বচ্চনৰ বদ স্বভাৱৰ বাবে ঐশ্বৰ্যই ঘৰ এৰিবলৈ বাধ্য হোৱাটো সঁচাই অতি দুৰ্ভাগ্যজনক।

Also Read: ছলমান খানেই নহয়, সঞ্জয় দত্তও বলীয়া হৈছিল ঐশ্বৰ্য ৰয়ৰ প্ৰেমত