BARPETA : সত্ৰভূমি হিচাপে পৰিচিত বৰপেটা জিলাখন অসমৰ প্ৰশাসনিক জিলাসমূহৰ ভিতৰত এখন উল্লেখনীয় জিলা।অবিভক্ত কামৰূপ জিলাৰ বিভাজন ঘটি ১৯৮৩ চনত বৰপেটা জিলা গঠন হৈছিল। জিলাখনৰ সদৰ কাৰ্যালয় বৰপেটা নগৰত অৱস্থিত।এই নগৰখন গুৱাহাটী চহৰৰ পৰা ৯০ কিলোমিটাৰ উত্তৰ-পশ্চিম দিশে অৱস্থিত।জিলাখনে অসমৰ মুঠ ৩২৪৫ বৰ্গ কিলোমিটাৰ এলেকা আগুৰি আছে।
বৰপেটা জিলাৰ উত্তৰে ভূটান পাহাৰ, পূবে নলবাৰী জিলা, দক্ষিণে কামৰূপ আৰু গোৱালপাৰা, পশ্চিমে বঙাইগাঁও জিলা। বৰপেটা জিলাৰ অবস্থিতি হ’ল ২৬ ডিগ্ৰী ০৫ মিনিট উত্তৰ আৰু ২৬ ডিগ্ৰী ৫৯ মিনিট উত্তৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশ ৯০ ডিগ্ৰী ৩৯ মিনিট পূব আৰু ৯১ ডিগ্ৰী ১৭ মিনিট পূব। সাধাৰণতে নিম্ন সমভূমি আৰু চাপৰ পহাৰ অঞ্চলেৰে বেষ্টিত বৰপেটা জিলা খনৰ দক্ষিণ-পশ্চিম কোণত বিশেষকৈ বাঘবৰ, ফুলোৰা আৰু চ’তলা অঞ্চলবোৰত পাহাৰ আছে, যি পাহাৰৰ দাঁতিয়েদি বিশাল ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে।২০০১ চনৰ লোকপিয়ল অনুসৰি বৰপেটা জিলাৰ জনসংখ্যা ১,৬৪২,৪২০ জন।
বৰপেটাত থকা সত্ৰসমূহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ কৰ্মৰাজিৰ সাক্ষ্য বহন কৰে। বৰপেটাৰ কলা-সংস্কৃতিৰ ভেঁটি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ ধৰ্মৰ জৰিয়তে স্থাপন কৰিছিল। তেওঁৰ পিছত তেওঁৰ শিষ্য মহাপুৰুষ মাধৱদেৱ, দামোদৰদেৱ আৰু হৰিদেৱে কেবাখনো সত্ৰ প্ৰতিষ্ঠাৰ জৰিয়তে এই ভেঁটি মজবুত কৰি থৈ গৈছে।অসমীয়া সংস্কৃতিৰ ভেটি টনকিলাৰ কৰাৰ উদ্দেশ্যে ষোল্ল শতিকাত মহাপুৰুষ মাধৱদেৱে উজনি অসমৰ পৰা বৰপেটা নগৰলৈ আহিছিল। বৰপেটা নগৰখন ২২ খন 'হাটী'ত বিভক্ত হৈ আছে, য’ত সত্ৰ পৰিচালক আৰু ভক্তসকল সপৰিয়ালে বাস কৰে। এই বিশেষত্ব অসমৰ আন কোনো ঠাইতে দেখা নাযায়। সত্ৰ আৰু মঠসমূহ জিলাখনৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ আছে, যিসমূহ দৰ্শন কৰিবলৈ বহু দূৰ-দূৰণিৰ ভক্ত বৰপেটালৈ আহে। ইয়াৰে কেইখনমান অন্যতম সত্ৰ হ’ল বৰপেটা সত্ৰ, পাটবাউসী সত্ৰ, সুন্দৰীদিয়া সত্ৰ, চূণপুৰা সত্ৰ, গণককুছি সত্ৰ, কনৰা আৰু জনীয়া।
ফাকুৱা বা দৌল উৎসৱ(হোলি) বৰপেটাৰ প্ৰধান উৎসৱ।স্থানীয় ভাষাত এই উৎসৱক দেউল উৎসৱ বুলি কোৱা হয়।সমগ্ৰ জিলাখনতে দেউল খুব ধুমধামেৰে পালন কৰা হয়। হাতীদাঁতৰ শিল্পকে ধৰি বৰপেটাৰ থলুৱা হস্তশিল্প অসম বিখ্যাত। ইয়াৰ আতচবাজীৰ কাৰখানাও অসমত জনাজাত।
শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱত বৰপেটা নগৰ সত্ৰৰে পূৰ্ণ এখন ধৰ্মীয় ঠাইত পৰিণত হোৱাত ইয়াক বৈকুণ্ঠধাম বুলিও কোৱা হয়। আহোম ৰজা শিৱসিংহ, ৰাজেশ্বৰ সিংহ, লক্ষ্মী সিংহ, গৌৰীনাথ সিংহ আৰু চন্দ্ৰকান্ত সিংহৰ দিনতে এই সত্ৰসমূহে মাটিৰ আবণ্টন পাইছিল। বাউসীৰ শ্বাহ মদৰৰ, বৰনগৰৰ শ্বাহ-ফকীৰৰ, ক্ষেত্ৰীৰ পাঁচ পীড়ৰ, ভেল্লাৰ চৈয়দ শ্বাহনুৰ দেৱান ফকীৰৰ মুছলিম-দৰঘাছলৈও ভূমি আবণ্টন কৰিছিল। দেৱালয়সমূহলৈও ভূমি আবণ্টিত কৰা হৈছিল আৰু এই আবণ্টনসমূহৰ কথা কপাৰ-ফলিত লিপিৱদ্ধ কৰি ৰাখিছিল, যিবোৰ বুৰঞ্জীৰ সমল হিচাপে স্বীকৃতি পাই আহিছে।
মানৰ আক্ৰমণত বৰপেটা নগৰৰ লগতে বৰপেটা সত্ৰৰো বিস্তৰ ক্ষতি হৈছিল। এই মানসকলক আঁতৰোৱাৰ বাবেই বৃটিছসকল আহিছিল। বৃটিছ অহাৰ পিছৰেপৰাই এই অঞ্চলত মৌজাদাৰী পদ্ধতি আৰম্ভ হৈছিল। ১৮৪১ চনত বৰপেটা অসামৰিক মহকুমা হৈছিল আৰু জন বাটলাৰ ইয়াৰ প্ৰশাসক হৈছিল।
স্বাধীনতা সংগ্ৰামত অংশ লৈ বৰপেটা অঞ্চলৰ বহু সংখ্যক লোকে জেলৰ ভাত খাবলগীয়া হৈছিল। মদন চন্দ্ৰ বৰ্মন আৰু ৰাউতা কোচ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ প্ৰথম শ্বহীদ আছিল। উমেশ চন্দ্ৰ ব্ৰহ্মচাৰী, ধনীৰাম তালুকদাৰ, গণেশ লাল চৌধুৰী, দেৱেন্দ্ৰ নাথ উজীৰ, অক্ষয় কুমাৰ দাস, বংশীধৰ চৌধুৰী, নানামোহন মজুমদাৰ, গোলক পাঠক, সোণাৰাম চৌধুৰী, ডাঃ জিনাৰাম দাস, বিশ্বনাথ দাস, প্ৰাণেশ্বৰ দাস, অম্বিকাগিৰি ৰায়চৌধুৰী, মহেন্দ্ৰ মোহন চৌধুৰী, মধুসুদন দাস, উপেন্দ্ৰ চন্দ্ৰ দাস, দেৱেন্দ্ৰ শৰ্মা, নৰনাৰায়ণ গোস্বামী, কবিৰাজ ঘনশ্যাম দাস, চন্দ্ৰপ্ৰভা শইসকীয়ানী এই অঞ্চলৰ প্ৰধান মুক্তিযুঁজাৰু। ১৯৩৪ চনত মহাত্মা গান্ধী আৰু ১৯৩৭ চনত জৱাহৰলাল নেহৰুও বৰপেটালৈ আহিছিল।
বৰপেটাৰ স্থানীয় ভাষাক 'বৰপেটীয়া ভাষা' বুলি কোৱা হয়। ই নিজস্ব কথন শৈলীৰ বাবে জনাজাত। ছাত্ৰসকলৰ বাবে বৰপেটাত এক সুন্দৰ শৈক্ষিক পৰিৱেশ আছে। অসমৰ বহুকেইজন মহান ব্যক্তি ইয়াতে জন্ম গ্ৰহণ কৰিছিল। অম্বিকাগিৰি ৰায়চৌধুৰী, প্ৰসন্নলাল চৌধুৰী, মহেন্দ্ৰ মোহন চৌধুৰী, বনমালী মিশ্ৰ, ডম্বৰুধৰ পাঠক, পুৰুষোত্তম দায়, বাণীকান্ত কাকতি, গুৰুপ্ৰসাদ দাস সেইসকলৰ ভিতৰত অন্যতম। ইয়াত সকলো স্তৰৰ শৈক্ষিক অনুষ্ঠান আছে। মাধৱ চৌধুৰী মহাবিদ্যালয়, বৰপেটা বিদ্যাপীঠ, জুৰোৰাম পাঠক ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়, চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়,ছায়াৰাম উচ্চ মাধ্যমিক বিদ্যালয় , কেন্দ্ৰীয় বিদ্যালয়, জৱাহৰ নৱোদয় বিদ্যালয়,নৱজ্যোতি মহাবিদ্যালয়, কৃষ্ণকান্ত পাঠক উচ্চতৰ মাধ্যমিক বিদ্যালয়,কলগাছিয়া , বৰপেটা-বঙাইগাওঁ মহাবিদ্যালয়,লাংলা, ৰামপুৰ হাইস্কুল,আব্বাছ আলী চৌধুৰী মেমোৰিয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়,বালাগাওঁ জনপ্ৰিয় উচ্চতৰ মাধ্যমিক বিদ্যালয়,ঘুগুবাৰী বালাগাওঁ হাইস্কুল উত্তৰ-পূৱ শিক্ষা আৰু পৰিচালন একাডেমী আদি তাৰে কেইখনমানৰ উদাহৰণ। অসমৰ পঞ্চমখন চিকিৎসা মহাবিদ্যালয় ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় বৰপেটা চহৰত অৱস্থিত।
ব্ৰহ্মপুত্ৰ নদী পূবৰ পৰা পশ্চিমলৈ বৰপেটা জিলাৰ দক্ষিণে ইমুৰৰ পৰা সিমুৰলৈ বৈ আছে। জিলাখনৰ বিভিন্ন অঞ্চলৰে বৈ ব্ৰহ্মপুত্ৰ নদীত পৰা উপনৈ সমূহ হ’ল বেকী, মানাহ, পহুমাৰা, কালদিয়া, প’ল্লা, নখাণ্ডা, মৰাচাউলখোৱা, আৰু ভেলেঙী, যিবোৰে উত্তৰৰ পৰা দক্ষিণলৈ বৈছে। পহুমাৰা আৰু কালদিয়া নৈ বৰপেটা চহৰৰ ওচৰত লগ হৈ নখাণ্ডা আনহাতে প’ল্লা আৰু বেকী নৈ নখাণ্ডা উপনৈৰ লগ হৈ চাউলখোৱা নাম পায় ব্ৰহ্মপুত্ৰত পৰে। এই নদীসমূহে বৰপেটা জিলাৰ কৃষিজীৱি লোকক কৃষি উৎপাদনত চহকী কৰি তুলিছে।
উৎস : ইণ্টাৰনেট