/asomiyapratidin/media/media_files/2026/02/05/whatsapp-2026-02-05-13-35-32.jpeg)
ডিজিটেল ডেস্ক: জ্যোতিষ শাস্ত্ৰ অনুসাৰে শনি ধৈয়া জীৱনৰ এনে এক পৰ্যায়, যি সময়ত মানুহে নানান পৰীক্ষাৰ সন্মুখীন হ’বলগীয়া হয়। এই সময়ছোৱাক সাধাৰণতে কষ্টদায়ক বুলি ধৰা হয় যদিও আচলতে ই মানুহক অধিক ধৈৰ্যশীল, দায়িত্বশীল আৰু শক্তিশালী কৰি তোলে। শনি ধৈয়া হৈছে শনি গ্ৰহৰ প্ৰভাৱত ডেৰ-দুবছৰীয়া এক বিশেষ সময়, য’ত জীৱনৰ প্ৰায় সকলো ক্ষেত্ৰতে সচেতনতা আৰু সংযমৰ প্ৰয়োজন হয়।
জ্যোতিষ বিজ্ঞানৰ মতে, যেতিয়া শনি কোনো ৰাশিৰ পৰা এটা আগলৈ থকা ৰাশি (দ্বিতীয় স্থান) বা দ্বাদশ স্থানলৈ গতি কৰে, তেতিয়া সেই ৰাশিৰ ওপৰত শনি ধৈয়া আৰম্ভ হয়। এই সময়ত ব্যক্তিৰ কৰ্মক্ষেত্ৰত বাধা, মানসিক চাপ, সিদ্ধান্ত লোৱাত দ্বিধা আৰু ধৈৰ্য্যৰ কঠিন পৰীক্ষা হয়। অৱশ্যে শাস্ত্ৰ অনুসাৰে এই সময়ছোৱাক শাস্তি বুলি নহয়, বৰঞ্চ পূৰ্বৰ কৰ্মৰ ফল বুলি গণ্য কৰা হয়।
কি ৰাশিত পৰিব শনিৰ এই প্ৰভাৱ
বৰ্তমান জ্যোতিষীয় গণনাৰ অনুসাৰে, সিংহ আৰু ধনু ৰাশিৰ লোকসকল শনি ধৈয়াৰ এক গুৰুত্বপূৰ্ণ পৰ্যায়ৰ মাজেৰে গৈ আছে। যদিও এই সময়ছোৱাত বহু প্ৰত্যাহ্বান দেখা যায়, তথাপিও আশাৰ কথা এই যে ২০২৬ চনৰ ভিতৰত শনিৰ গতি পৰিৱৰ্তনৰ ফলত এই দুটা ৰাশিৰ ওপৰত শনি ধৈয়াৰ প্ৰভাৱ ক্ৰমান্বয়ে দুৰ্বল হ’বলৈ আৰম্ভ কৰিব। সিংহ ৰাশিৰ লোকসকলে ২০২৭ চনৰ ৩ জুনত শনি ধৈয়াৰ পৰা সাময়িক সকাহ লাভ কৰিব যদিও ২০২৭ চনৰ ২০ অক্টোবৰ পৰা পুনৰ এই প্ৰভাৱ আৰম্ভ হ’ব আৰু ২০২৮ চনৰ ২৩ ফেব্ৰুৱাৰীলৈকে চলি থাকিব। আনহাতে, ধনু ৰাশিৰ লোকসকলে ২০২৮ চনৰ ২৩ ফেব্ৰুৱাৰীত শনি ধৈয়াৰ পৰা সম্পূৰ্ণৰূপে মুক্তি লাভ কৰিব।
সিংহ, ধনু ৰাশিৰ বাবে ভাল খবৰ
বিশেষভাৱে উল্লেখযোগ্য যে ২০২৮ চনৰ ২৩ ফেব্ৰুৱাৰীৰ পাছৰ সময়ছোৱাক জ্যোতিষীসকলে সিংহ আৰু ধনু ৰাশিৰ বাবে 'সোণালী সময়' বুলি অভিহিত কৰিছে। এই সময়ত কেৰিয়াৰ উন্নতি, নতুন দায়িত্ব লাভ, আৰ্থিক অৱস্থাৰ উন্নয়ন আৰু সামাজিক সন্মান বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে। দীঘলীয়া সময় ধৰি অমীমাংসিত থকা কামসমূহো এই সময়ত সম্পূৰ্ণ হ’ব পাৰে বুলি বিশ্বাস কৰা হয়।
শনিৰ প্ৰভাৱৰ পৰা মুক্তি লাভৰ উপায়
শনি ধৈয়াৰ প্ৰভাৱ কমাবলৈ জ্যোতিষ শাস্ত্ৰত কিছুমান প্ৰতিকাৰৰ কথাও উল্লেখ আছে। সৎ আৰু অধ্যৱসায়ৰ সৈতে কৰ্ম কৰি যোৱা, শনিবাৰে আৰ্তজনক দান কৰা, সংযম আৰু ধৈৰ্য্য বজাই ৰখা, বৃদ্ধ আৰু দুখীয়াক সন্মান কৰা আদি কামবোৰে শনিৰ কৃপা লাভ কৰাত সহায় কৰে বুলি বিশ্বাস কৰা হয়। শাস্ত্ৰ মতে শনি কৰ্মৰ বিচাৰকহে, তেওঁ কাকো অন্যায় নকৰে।
ক’বলৈ গ’লে, শনি ধৈয়া যদিও কষ্টৰ সময়, তথাপিও এই সময়ছোৱাই মানুহক জীৱনৰ বাস্তৱতা বুজিবলৈ আৰু ভিতৰৰ শক্তি আৱিষ্কাৰ কৰিবলৈ সহায় কৰে। সঠিক কৰ্ম, ধৈৰ্য্য আৰু বিশ্বাস থাকিলে এই পৰীক্ষাৰ পাছতেই সফলতা আৰু সুখৰ নতুন পথ মুকলি হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us