/asomiyapratidin/media/media_files/2026/02/05/56-2026-02-05-12-47-18.jpg)
ডিজিটেল সংবাদ, মিৰ্জা : মিৰ্জাস্থিত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ শিক্ষক গোটৰ উদ্যোগত মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা দক্ষিণ কামৰূপ মহাবিদ্যালয় মিৰ্জাৰ খনিকৰস্বৰূপ গজেন্দ্ৰ নাথ ঠাকুৰীয়াৰ সোঁৱৰণত বুধবাৰে গজেন্দ্ৰ নাথ ঠাকুৰীয়া স্মাৰক প্ৰথম বাৰ্ষিক বক্তৃতানুষ্ঠানটি অনুষ্ঠিত কৰা হয়। 'আমাৰ ভাষাটো শুদ্ধকৈ কওঁ আৰু লিখোঁ আহক' শীৰ্ষক এই বক্তৃতানুষ্ঠানৰ আৰম্ভণিতে প্ৰতিষ্ঠাপক অধ্যক্ষ গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা হয়।
এই অনুষ্ঠানৰ পিচত বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানটি মহাবিদ্যালয়খনৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক জয়ন্ত কুমাৰ বৈশ্যই আঁত ধৰে। উদ্দেশ্য ব্যাখ্যা কৰে। মহাবিদ্যালয় শিক্ষক গোটৰ সম্পাদিকা ড° ভৱানী বৈশ্যই।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/05/whatsapp-imag-2026-02-05-12-42-03.jpeg)
অনুষ্ঠানত বৰগীত পৰিৱেশন কৰে অৰ্থনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা ড° অনুৰাধা গগৈয়ে। শিক্ষক গোটৰ সভাপতি ড০ নিভা ঠাকুৰীয়াই গজেন্দ্ৰ নাথ ঠাকুৰীয়াৰ জীৱন দৰ্শনৰ বিষয়ত এক আলোকপাত কৰে। আজিৰ এই অনুষ্ঠানত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰা ড০ দীনেশ চন্দ্ৰ গোস্বামীৰ চমু পৰিচয় ডাঙি ধৰে পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ড° পাৰ্থ প্ৰতিম গোস্বামীয়ে।
অনুষ্ঠানত এই মূল বিষয়ত ড° দীনেশ চন্দ্ৰ গোস্বামীয়ে বক্তব্য প্ৰদান কৰে। তেওঁ কয়- ভাষাৰ শক্তি অসীম। তেওঁৰ মতে অসমীয়া ভাষাটো শুদ্ধকৈ ক'ব আৰু লিখিবলৈ সকলোৱে চেষ্টা কৰিব লাগে। মান্য ভাষাটো শুদ্ধ ৰূপত কোৱা আৰু লিখাটো অতি গুৰুত্বপূৰ্ণ বিষয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/05/whatsapp-imag-2026-02-05-12-42-18.jpeg)
বিশেষকৈ শিশুসকলক অসমীয়া ভাষাটো শিকোৱাৰ ক্ষেত্ৰত অভিভাৱকসকল যথেষ্ট সচেতন হোৱাটো উচিত। কাৰণ শিশুৰ চাৰি বছৰ বয়সলৈকে ভাষা শিকাৰ বাবে মস্তিষ্কৰ দুৱাৰ খোলা হৈ থাকে। অসমীয়া ভাষাৰ এটা সমস্যা হৈছে বহু দিন শব্দ এটা চলি থাকিলেই পৰৱৰ্তী সময়ত সি গ্ৰহণীয় বুলি মানুহে ধৰি লয়। তাতেই ভাষাৰ অপভ্ৰংশৰ আৰম্ভ হয়।
বক্তৃতা প্ৰদানৰ পিছত ড০ গোস্বামীয়ে উপস্থিত সকলৰ সৈতে মত বিনিময় কৰে। লগতে বিভিন্নজনে বিষয়টোৰ সৈতে তোলা বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দিয়ে। আজিৰ এই বক্তৃতা অনুষ্ঠান সফলতাৰে সম্পন্ন হোৱাৰ বাবে মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি আৰু সম্পাদক ক্ৰমে ড০ নিভা ঠাকুৰীয়া আৰু ড০ ভৱানী বৈশ্যই সকলোকে ধন্যবাদ জ্ঞাপন কৰে। লগতে এই কাৰ্যসূচীত সহায়-সহযোগ কৰে মহাবিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক মানস প্ৰতিম বৰুৱাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us