আপোনাৰো যদি এই সমস্যা হয়, শীঘ্ৰেই পৰামৰ্শ লওক চিকিৎসকৰ

বহু লোকেই খাদ্য খোৱাৰ পিছত, বিশেষকৈ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ পিছত, অত্যন্ত টোপনি আৰু অলসতা অনুভৱ কৰে। এই সময়ছোৱাত চকু গধুৰ হোৱা, মৃদু মূৰৰ বিষ, ভাগৰুৱা...

author-image
সংগীতা দাস
New Update
bscf ngvngn.jpg

ডিজিটেল ডেস্ক: বহু লোকেই খাদ্য খোৱাৰ পিছত, বিশেষকৈ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ পিছত, অত্যন্ত টোপনি আৰু অলসতা অনুভৱ কৰে। এই সময়ছোৱাত চকু গধুৰ হোৱা, মৃদু মূৰৰ বিষ, ভাগৰুৱা ভাব আদি লক্ষণে বহুজনক সমস্যাত পেলায়। ঘৰতে থাকিলে এই অৱস্থা সহনীয় হ'লেও কৰ্মক্ষেত্ৰত ই কৰ্মক্ষমতাত বিৰূপ প্ৰভাৱ পেলায়।

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, খাদ্য খোৱাৰ পিছত শৰীৰৰ পাচনতন্ত্ৰ অধিক সক্ৰিয় হৈ পৰে। ইয়াৰ ফলত পেটলৈ অধিক পৰিমাণে তেজৰ সোঁত যায় আৰু তেজত চেনিৰ মাত্ৰাত সাময়িক পৰিৱৰ্তন ঘটে। এই প্ৰক্ৰিয়াত শৰীৰ শিথিল হৈ মনটো নিস্তেজ হয় আৰু টোপনি অহা স্বাভাৱিকভাৱে দেখা যায়। যদিও সাধাৰণ পৰিস্থিতিত এই অৱস্থা ক্ষণস্থায়ী, তথাপি ধাৰাবাহিকভাৱে অত্যধিক টোপনি অহাটো কোনো গুৰুত্বপূৰ্ণ ৰোগৰ লক্ষণ হ’ব পাৰে।

খাদ্য খোৱাৰ পিছত সামান্য টোপনি অহাটো স্বাভাৱিক কথা, কিন্তু বাৰে বাৰে অত্যধিক টোপনি অহাটো অৱহেলা কৰা উচিত নহয়। ডায়েবেটিছ এই সমস্যাৰ অন্যতম মুখ্য কাৰণ হ’ব পাৰে। খাদ্য খোৱাৰ পিছত তেজত চেনিৰ পৰিমাণ হঠাৎ বৃদ্ধি বা হ্ৰাস পালে শৰীৰ অলস হৈ পৰে আৰু ভাগৰুৱা ভাব দেখা যায়।

ইয়াৰ উপৰিও থাইৰয়ডজনিত সমস্যা, বিশেষকৈ হাইপোথাইৰয়ডিজমে শৰীৰৰ বিপাকীয় ক্ৰিয়া মন্থৰ কৰি তোলে। ফলত খাদ্য খোৱাৰ পিছত টোপনি অহা, ওজন বৃদ্ধি আৰু ঠাণ্ডা অনুভৱ কৰাৰ দৰে লক্ষণ দেখা যায়। নিম্ন ৰক্তচাপৰ ক্ষেত্ৰতো খাদ্য খোৱাৰ পিছত টোপনি অহা আৰু মূৰ ঘূৰোৱাৰ সমস্যাই দেখা দিব পাৰে। তেনে অৱস্থাত তৎক্ষণাৎ চিকিৎসকৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ।

কি কয় স্বাস্থ্য বিশেষজ্ঞই ? 

চিকিৎসকসকলৰ মতে ৰক্তহীনতা বা এনিমিয়াৰ ফলতো খাদ্য খোৱাৰ পিছত ভাগৰুৱা আৰু টোপনি অহা অনুভৱ হয়। শৰীৰত অক্সিজেনৰ যোগান কমি যোৱাৰ ফলত উশাহ লোৱাত কষ্ট পোৱাটোও এই ৰোগৰ এক লক্ষণ। তদুপৰি পাচনতন্ত্ৰৰ সমস্যা যেনে গেছ, পেট বেয়া হোৱা বা গধুৰ খাদ্য অধিক পৰিমাণে গ্ৰহণ কৰাৰ ফলতো এই সমস্যাই দেখা দিব পাৰে।

এই সমস্যাৰ পৰা হাত সাৰিবলৈ দৈনন্দিন জীৱনত কিছুমান সাৱধানতা অৱলম্বন কৰা প্ৰয়োজন। চিকিৎসকসকলে গধুৰ, তেলীয়া আৰু অত্যধিক মিঠা খাদ্য পৰিহাৰ কৰি লঘু আহাৰ গ্ৰহণ কৰাৰ পৰামৰ্শ দিয়ে। খাদ্য খোৱাৰ পিছত লগে লগে বহি নাথাকি অন্তত ১০ মিনিট লঘু খোজ কাঢ়িলে শৰীৰ সক্ৰিয় হৈ থাকে। লগতে দিনটোৰ ভিতৰত পৰ্যাপ্ত পৰিমাণে পানী পান কৰাটোও স্বাস্থ্যৰ বাবে উপকাৰী।

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, যদি কোনো ব্যক্তিয়ে খাদ্য খোৱাৰ পিছত ধাৰাবাহিকভাৱে অত্যধিক টোপনি, ভাগৰুৱা ভাব বা শাৰীৰিক দুৰ্বলতা অনুভৱ কৰে, তেন্তে ই কোনো গুৰুত্বপূৰ্ণ ৰোগৰ আগতীয়া সংকেত হ’ব পাৰে। সেয়ে, এনে লক্ষণ দেখা দিলে সময় নষ্ট নকৰাকৈ চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয়।