/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/f979e98c-37f8-432c-8dc0-fdf39f881bbc/WhatsApp_Image_2023_08_11_at_4_09_22_PM.jpeg)
Assamese Whatsapp Status: অসমীয়া উক্তি
1)সঁচা ভালপোৱা সেইয়াহে, য’ত ইজনে সিজনক হেৰুৱাৰ ভয় থাকে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/20b243c4-e323-46fe-8dac-be5684b78bd9/WhatsApp_Image_2023_08_11_at_4_11_39_PM.jpeg)
2)মই দুখতেই সুখী, মোৰ সুখবোৰ তেওঁকে দিয়া ভগৱান যাক মই নিজতকৈও বেছি ভালপাওঁ ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/49cfa64c-a3c5-4b96-bfd5-ffdd5b4b8246/WhatsApp_Image_2023_08_11_at_4_13_32_PM.jpeg)
3)সময় থাকিলে এবাৰ মোৰ মনৰ কিতাপখন খুলি চোৱা, প্ৰথমৰ পৰা শেষ পৃষ্ঠলৈকে মাথো তোমাৰ আৰু মোৰ প্ৰেমৰ স্মৃতিবোৰেই পাবা ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/071e3a7a-9cd4-4c75-b666-2918c69b0eed/WhatsApp_Image_2023_08_11_at_4_14_54_PM.jpeg)
4)তোমাৰ মেছেজ আহিলে কেৱল মোৰ মবাইলেই ভাইব্ৰেট নহয়, মোৰ হৃদয়খনো ভাইব্ৰেট হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/dad1db17-caf5-44d5-9dfa-ca4d4125108a/WhatsApp_Image_2023_08_11_at_4_17_07_PM.jpeg)
5)সম্পৰ্ক বিশ্বাসৰ মাজেৰে আগবাঢ়ে, প্ৰতিশ্ৰুতিৰে নহয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/80e8cf3a-4b42-456c-adeb-ac76e2ac7723/WhatsApp_Image_2023_08_11_at_4_18_27_PM.jpeg)
6)পৃথিৱীখনৰ কাৰণে তুমি তেনেই সাধাৰণ, মোৰ বাবে তুমি সমস্ত পৃথিৱী ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/563ac9fa-9bd8-4a78-a268-cff78329f9bf/WhatsApp_Image_2023_08_11_at_4_20_20_PM.jpeg)
7)প্ৰকৃত প্ৰেমত সাহস থাকে, থাকে অপেক্ষা।
8)জীৱনত সুখী হ’বলৈ মোক বিশেষ একো নালাগে, মা দেউতাক সুখেৰে ৰাখিবলৈ এটা সৰু চাকৰি আৰু সদায় সাহস দিবলৈ কাষত তুমি ।
9)টোপনিক নো কি অভিমান কৰিবা ? কাৰণ দোষী আচলতে সেই চেহেৰাটোহে যিয়ে মোক শুবলৈ নিদিয়ে ।
10)যিয়ে চকুপানীৰ মূল্য নুবুজে, তেওঁৰ বাবে চকুপানী কেতিয়াও খৰচ নকৰিবা।
11)আকাশত ডাৱৰ যেতিয়া গধুৰ হৈ পৰে তেতিয়াই বৰষুণ হৈ সৰি পৰে।হৃদয়ত যেতিয়া দুখৰ বোজা গধুৰ হৈ আহে তেতিয়াই দুচকুৰে চকুপানী হৈ নিগৰি আহে ।
12)অসহায় সেইজন যাক বুজি পোৱা কোনো নাথাকে ।
13)এশ এবুৰি সমস্যা, হাজাৰ কষ্টৰ মাজেৰে থাকিও কেনেদৰে হাঁহি মুখেৰে জীয়াই থকিব পাৰি, সেয়া কেৱল মধ্যবিত্ত পৰিয়ালৰ মানুহ বোৰেহে জানে।
14)মই বেয়া নাছিলোঁ, বেয়া হ’বলৈ মোক বাধ্য কৰালে পৰিস্থিতিয়ে ।
15)দৰিদ্ৰতা সকলোতকৈ ভয়ংকৰ বস্তু যিয়ে বাস্তৱতাৰ শিক্ষা দিয়ে ।
16)কাৰোবাক ইমানো বেছি ভাল পাই নেপেলাব যে তেওঁ দিয়া আঘাত আপুনি সহ্য কৰিব নোৱাৰে ।
17)কাৰোবাৰ ওচৰত মূল্যহীন হৈ থকাতকৈ দূৰলৈ গুচি অহাই শ্ৰেয়। অন্তত আত্মসন্মান ৰক্ষা পৰিব।
18)মোৰ জীৱনৰ ডাঙৰ সমস্যা এটাই মই অতি সোনকালে মানুহক বিশ্বাস কৰি পেলাওঁ ।
19)এই পৃথিৱীত সেইজন মানুহেই বেছি কষ্ট পাই যিজনে সকলোকে অতি সোনকালে আনক অন্ধৰ দৰে বিশ্বাস কৰি পেলায়।
Also Read: Best Assamese Quotes About Life: জীৱনৰ বিষয়ে উদ্ধৃতি