সকলোৰে প্ৰশংসাৰ পাত্ৰ হ'বলৈ এইদৰে কৰক ছালৰ পৰিচৰ্যা

কিয়নো মাত্ৰ দুবিধ সামগ্ৰী ঘৰতে ব্যৱহাৰ কৰি আপুনি আপোনাৰ ছালখন জিলিকাই তুলিব পাৰে।এবিধ দুবিধ বিশেষ সামগ্ৰীনো কি আৰু কেনেকৈ আপুনি আপোনাৰ ছালত প্ৰয়োগ কৰিব পাৰে, আজি সেই বিষয়ে জানো আহক-

author-image
Asomiya Pratidin
New Update
সকলোৰে প্ৰশংসাৰ পাত্ৰ হ'বলৈ এইদৰে কৰক ছালৰ পৰিচৰ্যা

ডিজিটেল ডেস্ক: এই পৃথিৱীত সৌন্দৰ্যৰ গুৰুত্ব কি, সেই সম্পৰ্কে হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই।নিজকে সুন্দৰ কৰি ৰখাৰ বাবে সকলোয়ে যথোপৰনাস্তি চেষ্টা কৰে।বিশেষকৈ মহিলাসকলে।যাৰ বাবে তেওঁলোকে বজাৰত উপলব্ধ বিভিন্ন প্ৰকাৰৰ প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰি ছাল-চুলিৰ বিশেষ যত্ন ল'বলৈ চেষ্টা কৰে। কিন্তু ছালখন উজ্বল তথা স্বাস্থ্যৱান কৰি ৰাখিবলৈ এতিয়া আৰু আপুনি ব্যয়বহুল সামগ্ৰী ব্যৱহাৰ কৰাৰ একো প্ৰয়োজন নাই। কিয়নো মাত্ৰ দুবিধ সামগ্ৰী ঘৰতে ব্যৱহাৰ কৰি আপুনি আপোনাৰ ছালখন জিলিকাই তুলিব পাৰে।এবিধ দুবিধ বিশেষ সামগ্ৰীনো কি আৰু কেনেকৈ আপুনি আপোনাৰ ছালত প্ৰয়োগ কৰিব পাৰে, আজি সেই বিষয়ে জানো আহক-

Advertisment

কমলা বাকলি

হয়, আপুনি কমলা খাই এলাগী কৰা বাকলি ছালত প্ৰয়োগ কৰি ছালখন নিমিষতে উজ্জ্বল কৰি তুলিব পাৰে।ইয়াৰ বাবে আপোনাক দুই চাহ চামুচ গোলাপ জল আৰু কেইটুকুৰা মান কমলা বাকলি লাগিব।

কি কৰিব ?

প্ৰথমে কমলা ৰঙৰ বাকলিখিনি মিক্সাৰ এটাত গুৰি কৰি তাত দুই চাহ চামুচ গোলাপ জল মিহলি কৰি এটা পেষ্ট তৈয়াৰ কৰি ল'ব।

ব্যৱহাৰৰ পদ্ধতি

এই পেষ্টটো আপোনাৰ মুখত প্ৰয়োগ কৰি লাহে লাহে হাতৰে ঘঁহি থাকিব। এনেদৰে ঘঁহিলে মৃত ছালবোৰ আঁতৰ হ'ব। কমেও ৩-৫ মিনিটৰ বাবে মুখখন এনেদৰে ঘঁহি থকাৰ পাছত পানীৰে ভালদৰে ধুই পেলাব। এই পেষ্টটো সপ্তাহত ৩ বাৰকৈ মুখত প্ৰয়োগ কৰিলে আপুনি নিজেই পাৰ্থক্য ধৰিব পাৰিব।

কেশৰ 

মূহুৰ্ততে ছালখন উজ্জ্বল তথা দীৰ্ঘসময় ধৰি স্বাস্থ্যৱান কৰি ৰাখিবলৈ আপুনি ব্যৱহাৰ কৰিব পৰা দ্বিতীয় বিধ সামগ্ৰী হৈছে কেশৰ।ইয়াৰ বাবে আপোনাক কেশৰ আৰু মৌ এক চামুচৰ প্ৰয়োজন হ’ব।

কি কৰিব ?

এক চাহ চামুচ মৌত অলপ কেশৰ কিছু সময়ৰ বাবে তিয়াই ৰাখিব।

ব্যৱহাৰৰ পদ্ধতি

প্ৰথমে, মুখ আৰু ডিঙিত কেশৰৰ পেষ্ট প্ৰয়োগ কৰক। তাৰ পিছত ১০ মিনিটৰ পিছত মুখখন পানীৰে পৰিস্কাৰ কৰিব। মনত ৰাখিব যাতে মুখখন পৰিস্কাৰ কৰিবলৈ 'ফেচ ৱাছ' ব্যৱহাৰ নকৰে।এই পেষ্টটো সপ্তাহত ২-৩ বাৰ মুখত প্ৰয়োগ কৰক।

মুখত এই পেষ্ট প্ৰয়োগ কৰাৰ লাভালাভ

১) যদি আপোনাৰ ছাল শুকান হয়, তেন্তে মুখত মৌ প্ৰয়োগ কৰিলে আপোনাৰ উপকাৰ হ'ব। লগতে, আপোনাৰ ছালখনকো ময়েশ্চাৰাইজ কৰা হ'ব।

২) কেশৰৰ এণ্টি-বেক্টেৰিয়া আৰু এণ্টি-ইনফ্লেমেটৰী গুণ আছে, যিয়ে শালমনৰ সমস্যা হ্ৰাস কৰে।

৩) যদি কিবা প্ৰতিক্ৰিয়াৰ বাবে আপোনাৰ মুখ খন ৰঙা হৈ পৰিছে, তেন্তে আপুনি কেশৰ ব্যৱহাৰ কৰিব পাৰে। ই ৰঙা পৰা হ্ৰাস কৰাত সহায় কৰে।

Also Read: ছাল সম্পৰ্কীয় সমস্যাবোৰ এতিয়া আৰু পাহৰি পেলাওক