ছাল সম্পৰ্কীয় সমস্যাবোৰ এতিয়া আৰু পাহৰি পেলাওক

পিছে আপুনি কেতবোৰ উপায় অৱলম্বন কৰি ছালখনত শীতল কৰি ৰাখিব পাৰে। আজি এই বিষয়ে জানো আহক-

author-image
Asomiya Pratidin
New Update
ছাল সম্পৰ্কীয় সমস্যাবোৰ এতিয়া আৰু পাহৰি পেলাওক

ডিজিটেল ডেস্ক: গৰমত আমাৰ ছালখনত বিভিন্ন সমস্যাই দেখা দিয়ে।অত্যাধিক ঘাম ওলোৱাৰ ফলত ছালখন নিৰস হৈ পৰে।এনে পৰিস্থিতিত সকলোয়ে মুখ খন শীতল কৰি ৰাখিবলৈ এচি বা কুলাৰৰ সন্মুখত বহে।বহুতেই আকৌ মুখত বৰফ প্ৰয়োগ কৰে। কিন্তু এনে কৰাৰ ফলত কেৱল মুখৰ ওপৰৰ তাপহে কমে। বৰফে ছালখনক ভিতৰৰ পৰা শীতল নকৰে। পিছে আপুনি কেতবোৰ উপায় অৱলম্বন কৰি ছালখনত শীতল কৰি ৰাখিব পাৰে। আজি এই বিষয়ে জানো আহক-

Advertisment

পুদিনা 

গ্ৰীষ্মকালত পুদিনায়ে কেৱল পেটেই ঠাণ্ডা নকৰে, ছালখনক শীতল কৰি ৰাখিবলৈও পুনিয়া যথেষ্ট কাৰ্যকৰী। ইয়াৰ উপৰিও, আপুনি পুদিনাৰ ফেচপেক ব্যৱহাৰ কৰি শালমনকে ধৰি বহু সমস্যাৰ পৰা হাত সাৰি থকাৰ লগতে ছালখন শীতল কৰি ৰাখিব পাৰে।এইটো এক প্ৰকাৰৰ বেক্টেৰিয়া-ৰোধী ফেচ পেক।

এই ফেচপেক তৈয়াৰ কৰিবৰ বাবে লাগতিয়াল সামগ্ৰীসমূহ- 

পুদিনা - ১ কাপ

নেমুৰ ৰস - ২ চাহ চামুচ

কেনেদৰে ব্যৱহাৰ কৰিব ? 

. প্ৰথমে পুদিনাৰ পাত খিনি মিহিকৈ গুৰি কৰি ল’ব।

. ইয়াৰ পিছত ইয়াত নেমুৰ ৰস মিহলি কৰিব।

. দুয়োটা উপাদান ভালদৰে মিহলি কৰাৰ পাছত ইয়াক ১৫-২০ মিনিটৰ বাবে ছালত প্ৰয়োগ কৰিব। 

মুলতানি মাটি 

এই দিনকেইটাত ছালখনক সতেজ কৰি ৰাখিবলৈ আপুনি মুলতানি মাটিৰ ফেচপেকো ব্যৱহাৰ কৰিব পাৰে। ই ছালৰ ডাঠ দাগ আৰু শালমইনা দূৰ কৰি ছালখন উন্নত কৰাত যথেষ্ট সহায়ক।

এই ফেচপেক তৈয়াৰ কৰিবৰ বাবে লাগতিয়াল সামগ্ৰীসমূহ- 

গোলাপ জল - ১ চামুচ

মুলতানি মাটি - ২ চামুচ 

কেনেদৰে ব্যৱহাৰ কৰিব? 

. প্ৰথমে এটা বাটিত মুলতানি মাটিখিনি ল'ব। 

. তাৰ পিছত ইয়াত গোলাপ জল মিহলি কৰি এটা পেষ্ট প্ৰস্তুত কৰিব।

. এই পেষ্টটো মুখত প্ৰয়োগ কৰি কিছু সময় ৰাখিব।

. মুখখন শুকান হোৱাৰ লগে লগে ঠাণ্ডা পানীৰে ধুই পেলাব। 

চন্দন

আপুনি ছালখনক সতেজ কৰি ৰাখিবলৈ চন্দনৰ পৰা প্ৰস্তুত কৰা ফেচপেকও ব্যৱহাৰ কৰিব পাৰে। ই আপোনাৰ ছালখন শীতল কৰি ৰখাৰ লগতে দাগ আঁতৰাই ছালখন উজ্জ্বল কৰাত যথেষ্ট সহায় কৰিব।

এই ফেচপেক তৈয়াৰ কৰিবৰ বাবে লাগতিয়াল সামগ্ৰীসমূহ- 

চন্দনৰ গুৰি - ২ চাহ চামুচ

গোলাপ জল - ১ চামুচ 

কেনেদৰে ব্যৱহাৰ কৰিব? 

. প্ৰথমে এটা বাটিত চন্দনৰ গুৰিখিনি ল’ব।

. তাৰ পিছত তাত গোলাপ জল মিহলি কৰিব।

. দুয়োবিধ সামগ্ৰী ভালদৰে মিহলি কৰাৰ পাছত মুখত ভালদৰে প্ৰয়োগ কৰিব।

. ১৫-২০ মিনিটৰ পিছত মুখখন পানীৰে ধুই পেলাব। 

Also Read: এইসমূহ ঘৰুৱা প্ৰতিকাৰৰে স্বাস্থ্যকৰ কৰি ৰাখক আপোনাৰ চুলি