শ্ৰীকৃষ্ণক সন্তুষ্ট কৰিবলৈ আম্বানী পৰিয়ালে উদযাপন কৰিলে বিশেষ উৎসৱ

এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি তথা বিশিষ্ট উদ্যোগপতি মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়ালে প্ৰতিটো উৎসৱ অতি শ্ৰদ্ধা, ৰীতি-নীতি আৰু আড়ম্বৰেৰে উদযাপন কৰে।শেহতীয়াকৈ, মুকেশ আম্বানীয়ে তেওঁৰ বাসভৱনটো আমৰে সজাই-পৰাই তুলি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

author-image
Asomiya Pratidin
New Update
শ্ৰীকৃষ্ণক সন্তুষ্ট কৰিবলৈ আম্বানী পৰিয়ালে উদযাপন কৰিলে বিশেষ উৎসৱ

ডিজিটেল ডেস্ক: এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি তথা বিশিষ্ট উদ্যোগপতি মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়ালে প্ৰতিটো উৎসৱ অতি শ্ৰদ্ধা, ৰীতি-নীতি আৰু আড়ম্বৰেৰে উদযাপন কৰে।শেহতীয়াকৈ, মুকেশ আম্বানীয়ে তেওঁৰ বাসভৱনটো আমৰে সজাই-পৰাই তুলি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। প্ৰকৃততে, তেওঁ ঘৰটো আমৰে সজাই আম সম্পৰ্কীয় এক পৰম্পৰাহে অতি বিশালভাৱে উদযাপন কৰিছে। এই পৰম্পৰা ভগৱান কৃষ্ণৰ সৈতে সম্পৰ্কিত।

Advertisment

অতি ধাৰ্মিক হিচাপে আন এক পৰিচয় থকা মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়াল ভগৱান কৃষ্ণৰ ভক্ত।আম্বানী তথা তেওঁৰ পৰিয়ালৰ সকলো সদস্যই ৰাজস্থানৰ শ্ৰীনাথজী মন্দিৰত সেঁৱা কৰিহে তেওঁলোকৰ প্ৰতিটো শুভ কাম আৰম্ভ কৰে। তেওঁ তেওঁৰ ঘৰ ‘এণ্টিলিয়া’তো এই ৩৫০ বছৰ পুৰণি মন্দিৰৰ সৈতে সম্পৰ্কিত পৰম্পৰা উদযাপন কৰে।শেহতীয়াকৈ উদযাপন কৰা এই উৎসৱৰ নাম হৈছে মনোৰথ, যাক অতি চমৎকাৰী ভাৱে উদযাপন কৰা হয়।

'আম মনোৰথ' এণ্টিলিয়াৰ কৃষ্ণ মন্দিৰত উদযাপন কৰা হয়। যাৰ প্ৰস্তুতি মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীয়ে তত্বাৱধান কৰে। এই উৎসৱৰ সময়ত শ্ৰীনাথজীৰ ৰূপত ভগৱান শ্ৰী কৃষ্ণৰ মূৰ্তিৰ বাবে আম আগবঢ়োৱা হয়। ছ'চিয়েল মিডিয়াত প্ৰকাশ পোৱা এটা ভিডিঅ'ত দেখা গৈছে যে এণ্টিলিয়াৰ মন্দিৰটো খুব আকৰ্ষণীয় ৰূপত আমৰে সজোৱা হৈছে। 

এই উৎসৱৰ বাবে আম বিশেষভাৱে জামনগৰৰ ৰিলায়েন্সৰ বাগিচাৰ পৰা অনা হয়। উৎসৱটো সুন্দৰ লোকগীতেৰে উদযাপন কৰা হয়।বিশ্বাস মতে, আমৰ প্ৰতি ভগৱান কৃষ্ণৰ প্ৰেমৰ সৈতে এক জনপ্ৰিয় লোককাহিনী জড়িত আছে।এই কাহিনীটোৱে 'আম মনোৰথ' উদযাপনক অনুপ্ৰাণিত কৰে।উল্লেখ্য যে, আম্বানী পৰিয়ালৰ দ্বাৰা উৎপাদিত আম বহুতো দেশলৈ ৰপ্তানি কৰা হয়।

Also Read: ‘বিগ বছ অ’টিটি ৩’ত ‘ভাইজান’ৰ ঠাই কোনে ল’লে জানেনে ?