‘বিগ বছ অ’টিটি ৩’ত ‘ভাইজান’ৰ ঠাই কোনে ল’লে জানেনে ?

‘বিগ বছ’ মানেই যেন ছলমান খান ! অনুৰাগীসকলে ছলমানৰ অবিহনে হয়তো ‘বিগ বছ’ উপভোগৰ কথা ভাবিবই নোৱাৰে। কিন্তু এইবাৰ ‘বিগ বছ’ত দৰ্শকে তেওঁলোকৰ পছন্দৰ অভিনেতা তথা ‘হ’ষ্ট’জনক দেখিবলৈ নাপাব।‘বিগ বছ’ৰ ‘মেকাৰৰ্ছ’য়ে আওপকীয়াকৈ এই বিষয়ে ৰাজহুৱা কৰিছে।

author-image
Asomiya Pratidin
New Update
‘বিগ বছ অ’টিটি ৩’ত ‘ভাইজান’ৰ ঠাই কোনে ল’লে জানেনে ?

ডিজিটেল ডেস্ক: ‘বিগ বছ’ মানেই যেন ছলমান খান ! অনুৰাগীসকলে ছলমানৰ অবিহনে হয়তো ‘বিগ বছ’ উপভোগৰ কথা ভাবিবই নোৱাৰে। কিন্তু এইবাৰ ‘বিগ বছ’ত দৰ্শকে তেওঁলোকৰ পছন্দৰ অভিনেতা তথা ‘হ’ষ্ট’জনক দেখিবলৈ নাপাব।‘বিগ বছ’ৰ ‘মেকাৰৰ্ছ’য়ে আওপকীয়াকৈ এই বিষয়ে ৰাজহুৱা কৰিছে।

Advertisment

হয়, শেহতীয়াকৈ শ্ব’টোৰ এখন প’ষ্টাৰ আৰু টিজাৰ মুকলি হৈছে, য’ত ‘বিগ বছ অ’টিটি ৩’ জুন মাহৰ পৰা সম্প্ৰচাৰিত হ’ব বুলি স্পষ্ট কৰা হৈছে।কিন্তু শ্ব’টোৰ কোনে আঁতধৰিব বা ‘হ’ষ্ট’ কোন হ'ব, সেই বিষয়ে কোনো আগজাননী দিয়া হোৱা নাই।

উল্লেখ্য যে, ‘বিগ বছ অ’টিটি’ৰ প্ৰথম ছিজনটো কৰণ জোহৰ আৰু দ্বিতীয় ছিজনটো ছলমান খানে ‘হ’ষ্ট’ কৰিছিল।কিন্তু এইবাৰ ছলমানৰ ঠাইত অনিল কাপুৰ, সঞ্জয় দত্ত অথবা কৰণ জোহৰক দৰ্শকে দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে।সম্প্ৰতি সকলো অনুৰাগীয়েই নতুন ‘হ’ষ্ট’জনৰ বিষয়ে জানিবলৈ তথা ‘বিগ বছ অ’টিটি ৩’ উপভোগ কৰিবলৈ অধিৰ আগ্ৰহৰে অপেক্ষা কৰি আছে।অৱশ্যে, এই তথ্য কিমান সত্য, সেয়া সময়তহে স্পষ্ট হ’ব।

Also Read: ছলমান খানেই নহয়, সঞ্জয় দত্তও বলীয়া হৈছিল ঐশ্বৰ্য ৰয়ৰ প্ৰেমত