/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/6b97da30-cead-4bc6-8b1c-76a87c7ea346/WhatsApp Image 2024-07-27 at 6.59.01 PM (2).jpeg)
ডিজিটেল ডেস্ক: আজিকালি অধিকাংশ লোকেই অনলাইনৰ জৰিয়তে বজাৰ কৰে।এইদৰে বজাৰ কৰি বহু গ্ৰাহকেই অৱশ্যে বেয়াকৈ প্ৰৱঞ্চনাৰ সন্মুখীন হৈছে।অনলাইন ছাইটবোৰৰ মইমতালিৰ বাবে সাধাৰণ গ্ৰাহক এতিয়া একেবাৰেই অসুৰক্ষিত হৈ পৰিছে। হয়, শেহতীয়াকৈ আমাজনৰ এটা পাৰ্চেলত ওলাইছে নাইপিয়া সাপ।
হয়, এগৰাকী মহিলাই ছ'চিয়েল মেডিয়াত এই ঘটনাৰ বিষয়ে উল্লেখ কৰাৰ পাছতেই আমাজনৰ এই কাণ্ডক সমালোচনা কৰিছে। টুইটাৰত ছফিয়া চেৰানো নামৰ মহিলাগৰাকীয়ে উল্লেখ কৰা মতে, তেওঁ আমাজনৰ পৰা এটা এয়াৰ ফ্ৰায়াৰ অৰ্ডাৰ দিছিল।যেতিয়া এই পাৰ্চেলটো তেওঁ খুলিছিল, কাৰ্টনত এটা জীৱিত নাইপিয়া সাপ আছিল।এই সাপটো দেখি স্বাভাৱিকভাৱেই তেওঁলোকৰ ঘৰৰ সদস্যসকল আতংকিত হৈ পৰিছিল।মহিলাগৰাকীয়ে তেওঁৰ পষ্টত লেখিছে, 'আমি আমাজনত এয়াৰ ফ্ৰায়াৰ এটা অৰ্ডাৰ দিছিলো। যিটো আজি পালো, কিন্তু সংগীৰ সৈতে। এয়া আমাজনৰ দোষ নে কুৰিয়াৰৰ দোষ, সেয়া অৱশ্যে নাজানো।'
তেওঁ লগতে কয়, আমি ইতিমধ্যে জানো যে এইটো @amazon দায়িত্ব আছিল কিয়নো নাইপিয়া সাপটো সেইটো কাৰ্টনত আছিল, য'ত এয়াৰ ফ্ৰায়াৰটো পেকেট কৰা হৈছিল। @amazon য়ে হয়তো এই বিষয়ে স্বীকাৰ নকৰিব।' এই মহিলাগৰাকীয়ে নাইপিয়া সাপৰ ফটোখনো শ্বেয়াৰ কৰিছে।উল্লেখ্য, যে, আমাজনে মহিলাগৰাকীৰ প'ষ্টত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঘটনাটোৰ বাবে ক্ষমা বিচাৰিছে।
Also Read: মহাদেৱক সন্তুষ্ট কৰাৰ নামত ভক্তই কৰিলে আচৰিত কাণ্ড