আজি অক্ষয় তৃতীয়া...

আজি অক্ষয় তৃতীয়া...

ডিজিটেল ডেস্ক: আজি অক্ষয় তৃতীয়া। প্ৰতি বছৰে ব’হাগ মাহৰ শুক্ল পক্ষৰ তৃতীয়া তিথিত এই উৎসৱ পালন কৰা হয়।

হিন্দু ধৰ্মত থকা জনশ্ৰুতি অনুসৰি পৰশুৰামৰ জন্ম জয়ন্তী উপলক্ষে এই উৎসৱভাগ দেশৰ ভিন্ন প্ৰান্তত লোকাচাৰ অনুসৰি পালন কৰা হয়। উল্লেখযোগ্য যে ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ পৰশুৰাম। সেই অনুসৰিও এই উৎসৱৰ তাৎপৰ্য্য আছে।

আনহাতে পৰশুৰামৰ পিতৃ আছিল জমদগ্নি আৰু মাতৃ আছিল ৰেণুকা। তেওঁৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ ভিতৰত আগ্ৰাসী ভাব, ৰণনিপুণতা, বীৰত্ব, নিৰ্মলতা, জ্ঞান আৰু ধৈৰ্য অন্যতম। এইগৰাকী বীৰৰ পত্নী আছিল ধৰণী আৰু ধৰণীৰ এক অৱতাৰ হৈছে লক্ষ্মী। সেই অনুসৰিও পৰশুৰাম আৰু লক্ষ্মীৰ পৰোক্ষ সম্পৰ্ক আছে। অৱশ্যে বিষ্ণু অৱতাৰত লক্ষ্মীয়েই আছিল তেঁওৰ পত্নী।

ইয়াৰোপৰি পৰশুৰামে ২১বাৰ সমূহ ক্ষত্ৰিয়ক নাশ কৰি ব্ৰাহ্মণৰ আশ্ৰমসমূহত শান্তি স্থাপন কৰিছিল। এনেদৰে বিভিন্ন বীৰত্বমূলক কাম-কাজত জড়িত হৈ অৱশেষত হাতৰ কুঠাৰসহ পাপ খণ্ডন কৰিবলৈ হিমালয়ৰ পদদেশত আহি এতিয়াৰ পৰশুৰামকুণ্ডত স্নান কৰি সেই পাপ খণ্ডন কৰিছিল। পৌৰাণিক আখ্যান অনুসৰি সেই পৰশুকুণ্ডৰ পৰাই সৃষ্টি হৈছিল ব্ৰহ্মপুত্ৰৰ। অৱশ্যে এই সন্দৰ্ভত ভিন ভিন আখ্যানত বিভিন্ন মত পোৱা যায়।

জনবিশ্বাস অনুসৰি অক্ষয় তৃতীয়া তিথিত কোনো কাৰ্য কৰিলে অনন্ত কাললৈ অক্ষয় অৰ্থাৎ ক্ষয় নহয়। আজিৰ এই দিনটোত উপাসনা কৰিলে মহাদেৱৰ আশীষ ধন্য হয়। ইয়াৰোপৰি ধন ভৰালী কুবেৰক স্তুতি কৰিলে আৰু ধনৰ অধিষ্ঠাত্ৰী লক্ষ্মীৰ সুদৃষ্টি সম্পন্ন হৈ ভক্ত ধনৰগৰাকী হয় বুলিও জনবিশ্বাস আছে।

আজি অক্ষয় তৃতীয়া...
কামপুৰত ধুমুহাৰ তাণ্ডৱ : গুৰুতৰভাৱে আহত এজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in