/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/69337a6b-6b43-4436-8527-2dd9da6bc7f6/212.jpg)
ডিজিটেল সংবাদ,কামপুৰ : বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত অহা প্ৰচণ্ড ধুমুহাই কালৰূপ ধাৰণ কৰে কামপুৰ ৰাজহ চক্ৰৰ বিভিন্ন এলেকাত। এই ধুমুহাৰ ফলত কামপুৰ -কঠীয়াতলীৰ বিভিন্ন এলেকাত বিস্তৰ ক্ষতিসাধন হয়।
ধুমুহাজাকত কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কঠীয়াতলীৰ টেপআটিৰ পিপিকন বৰদলৈ নামৰ লোকজন গুৰুতৰভাৱে আহত হৈ বৰ্তমান নগাঁৱত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে পিপিকন বৰদলৈয়ে ধুমুহা অহাৰ সময়ত নিজৰ গৰু গোহালিত বান্ধি থকাৰ সময়ত এডাল গছ ভাঙি গোহালিৰ ওপৰত পৰে।
ফলত গোহালিটো ভাঙি যায় আৰু বৰদলৈক হেচা মাৰি ধৰে। ততাতৈয়াকৈ কামপুৰৰ চিকিৎসালয়ত লোকজনক ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে নগাঁৱলৈ প্ৰেৰণ কৰে। বৰদলৈৰ কঁকাল আৰু ভৰিৰ লগতে বুকুত আঘাত পোৱা বুলি জানিব পৰা গৈছে।