মানুহৰ দৰেই চৰাইৰ জীৱনতো আছে প্ৰেম-সংঘাত

আজিকালি দিনত বিবাহ বিচ্ছেদ একেবাৰে সাধাৰণ কথাত পৰিণত হৈছে। একেলগে জীৱন-যাপন কৰা দুজন ব্যক্তিৰ যদি মন নিমিলে, তেন্তে তেওঁলোকে সুখী জীৱন যাপন কৰিবলৈ ভিন্ন পথত আগবাঢ়ি যায়।কেৱল মানুহৰ ক্ষেত্ৰতে নহয়, চৰাইৰো হয় বিবাহ বিচ্ছেদ।

author-image
Asomiya Pratidin
New Update
মানুহৰ দৰেই চৰাইৰ জীৱনতো আছে প্ৰেম-সংঘাত

মানুহৰ দৰেই চৰাইৰ জীৱনতো আছে প্ৰেম-সংঘাত

ডিজিটেল ডেস্ক: আজিকালি দিনত বিবাহ বিচ্ছেদ একেবাৰে সাধাৰণ কথাত পৰিণত হৈছে। একেলগে জীৱন-যাপন কৰা দুজন ব্যক্তিৰ যদি মন নিমিলে, তেন্তে তেওঁলোকে সুখী জীৱন যাপন কৰিবলৈ ভিন্ন পথত আগবাঢ়ি যায়।কেৱল মানুহৰ ক্ষেত্ৰতে নহয়, চৰাইৰো হয় বিবাহ বিচ্ছেদ। হয়, আচৰিত যেন লাগিলেও এয়া সত্য।মানুহৰ দৰে চৰাইৰ মাজত প্ৰেম আৰু সংঘাতো আছে। শেহতীয়া এক অধ্যয়নত এয়া প্ৰমাণ হৈছে। অৱশ্যে, চৰাইৰ বিচ্ছেদ মানুহতকৈ অলপ বেলেগ। এই অধ্যয়নত কি পোৱা গৈছে, সেই বিষয়ে জানো আহক-

Advertisment

‘দ্য গাৰ্ডিয়ান’ৰ প্ৰতিবেদন অনুসৰি, প্ৰায় ৯০শতাংশ চৰাইৰ প্ৰজাতি সাধাৰণতে এগৰাকী সংগীৰ সৈতে বাস কৰে। প্ৰজননৰ সময়তো তেওঁলোকৰ সংগী এগৰাকীয়েই থাকে।কিন্তু কিছুমান চৰাইয়ে তেওঁলোকৰ সংগীক এৰি প্ৰজননৰ সময়ত আকৌ নতুন সংগী বিচাৰিবলৈ আৰম্ভ কৰে। ইয়ে হৈছে চৰাইৰ মাজত বিচ্ছেদ হোৱাৰ এক অন্যতম কাৰণ। চৰাইৰ বিবাহ বিচ্ছেদৰ কাৰণ এয়ে বুলি জ্ঞাত হোৱাৰ পাছত স্বাভাৱিকভাৱেই গৱেষকসকলক আচৰিত হৈ পৰিছিল। 

তদুপৰি, চীন আৰু জাৰ্মানীৰ গৱেষকে চৰাইৰ বিবাহ বিচ্ছেদৰ আন দুটা মুখ্য কাৰণৰ বিষয়েও বৰ্ণনা কৰিছে। তেওঁলোকৰ মতে, এই দুটা কাৰণ হৈছে পুৰুষৰ অনমনীয়তা আৰু দীৰ্ঘ দূৰত্বত বাস কৰা। এই অধ্যয়নৰ বাবে ২৩২ টা চৰাইৰ প্ৰজাতিৰ টাল্ক হাৰ, মৃত্যুৰ তথ্য আৰু প্ৰব্ৰজন দূৰত্ব সন্দৰ্ভত অধ্যয়ন কৰা হৈছিল।প্ৰদূষণ, জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতাৰ লগতে ঋতুগত দুৰ্যোগ, ধুমুহা আৰু বেয়া বতৰো চৰাইৰ বিবাহ বিচ্ছেদ বৃদ্ধিৰ মুখ্য কাৰণ।

Also Read: শাওন মাহত মহিলাসকলে কি কৰিলে মহাদেৱ সন্তুষ্ট হয় জানি লওঁক