আপোনজনৰ সৈতে কটোৱা প্ৰতিটো ক্ষণ হৈ ৰ’ব স্মৰণীয়

শীতেও হওঁক বা গ্ৰীষ্মকালেই হওঁক, ভ্ৰমণ প্ৰেমীসকলে কেৱল ভ্ৰমণৰ সুযোগ বিচাৰি থাকে। অৱশ্যে, এতিয়া শীত কাল আহিছে। এই সময়ছোৱাত যদি আপুনি আপোনাৰ ব্যক্তিগত সময় কিছু বেলেগকৈ উপভোগ কৰিবলৈ বিচাৰে, তেন্তে আপুনি ভাৰতৰত কেইখনমান বিশেষ ঠাই ভ্ৰমণ কৰিব পাৰে। শীতকালত পৰিয়ালৰ সৈতে ভ্ৰমণ কৰিবলৈ আটাইতকৈ উত্তম ঠাইকেইখনৰ বিষয়ে আজি জানো আহক-

author-image
Asomiya Pratidin
New Update
আপোনজনৰ সৈতে কটোৱা প্ৰতিটো ক্ষণ হৈ ৰ’ব স্মৰণীয়

ডিজিটেল ডেস্ক: শীতেও হওঁক বা গ্ৰীষ্মকালেই হওঁক, ভ্ৰমণ প্ৰেমীসকলে কেৱল ভ্ৰমণৰ সুযোগ বিচাৰি থাকে। অৱশ্যে, এতিয়া শীত কাল আহিছে। এই সময়ছোৱাত যদি আপুনি আপোনাৰ ব্যক্তিগত সময় কিছু বেলেগকৈ উপভোগ কৰিবলৈ বিচাৰে, তেন্তে আপুনি ভাৰতৰত কেইখনমান বিশেষ ঠাই ভ্ৰমণ কৰিব পাৰে। শীতকালত পৰিয়ালৰ সৈতে ভ্ৰমণ কৰিবলৈ আটাইতকৈ উত্তম ঠাইকেইখনৰ বিষয়ে আজি জানো আহক-

গেংটক 

পুৰণি ভাৰত-চীন চিল্ক ৰোডৰ ঘৰ, গেংটক হৈছে এক অনন্য পাহাৰীয়া ঠাই। বৌদ্ধ তীৰ্থযাত্ৰীৰ পৰা ট্ৰেকাৰ, পৰ্যটকৰ পৰা নৱবিবাহিতলৈকে, সকলো ধৰণৰ ভ্ৰমণকাৰীৰে এই ঠাই অত্যন্ত প্ৰিয়। গেংটকৰ সকলো ঠাইতে থকা সেউজীয়া, উচ্চতাত থকা শান্ত হ্ৰদ, ৰঙীন মঠ আৰু প্ৰকৃত হিমালয়ৰ দৃশ্যই আপোনাক এই থাকিবলৈ বাধ্য কৰাটো একেবাৰেই নিশ্চিত।সেয়েহে আপুনিও আপোনাৰ পৰিয়ালৰ লগত কিছু সময় কটাবলৈ গেংটক ভ্ৰমণ কৰিব পাৰে। 

অ’লী 

উত্তৰাখণ্ডৰ অ’লীও শীতকালত ভ্ৰমণ কৰাৰ বাবে এক ভাল বিকল্প। নন্দা দেৱী, নীলকণ্ঠ আৰু মানা পৰ্বতৰ সুন্দৰ শৃংগবোৰ অ’লী ভ্ৰমণকাৰীৰ মূখ্য আকৰ্ষণ। ইয়াত আপুনি বছৰৰ যিকোনো সময়তে সেউজীয়া উপত্যকাৰ দৃশ্য উপভোগ কৰিব পাৰে।কিন্তু শীতকালত ইয়াত দৃশ্য কিছু ব্যতিক্ৰম হৈ পৰে। পৰিয়ালৰ সৈতে আপুনি ইয়াত স্কিইং, স্নোব'ৰ্ডিং, ট্ৰেকিং আৰু চেয়াৰ কাৰ ৰাইড উপভোগ কৰিব পাৰে।  

গুলমাৰ্গ 

শীতকালীন গন্তব্য স্থান হিচাপে আপুনি আপোনাৰ পৰিয়ালৰ সৈতে গুলমাৰ্গ ভ্ৰমণ কৰিবলৈ যাব পাৰে।শীতকালত গুলমাৰ্গ পৃথিৱীৰ স্বৰ্গ হৈ পৰে। বৰফ, ঠাণ্ডা বতাহ তথা চৌদিশৰ মনোৰম পৰিৱেশে গুলমাৰ্গৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰে। এই ঠাইখন বৰফৰ বিভিন্ন কাৰ্যকলাপৰ বাবেও বিখ্যাত। যদি আপুনি দুঃসাহসিক অভিযানৰ অনুৰাগী তেন্তে আপুনি ইয়াত ট্ৰেকিংও কৰিব পাৰে।

জয়সলমেৰ 

আপুনি পৰিয়ালৰ সৈতে জয়সলমেৰো দৰ্শন কৰিব পাৰে। ‘গোল্ডেন চিটি’ হিচাপে জয়সলমেৰ ৰাজস্থানৰ থাৰ মৰুভূমি অঞ্চলত অৱস্থিত য'ত আপুনি মৰুভূমিৰ কেম্পিং, উট চালনা, কোৱাড বাইকিং, টিউন বেছিং, পেৰাছেইলিং আৰু বহুতো কাৰ্যকলাপ কৰিব পাৰে। তদুপৰি, আপুনি ইয়াত মৰুভূমি উৎসৱ, নেৰ্চি মিউজিক স্কুল, কুলধাৰা ভিলেজ আৰু সোণাৰ ফৰ্ট ভ্ৰমণ কৰি জয়সলমেৰৰ সংস্কৃতিৰ বিষয়ে জানিব পাৰে।

কচ্ছৰ ৰণ 

পৰিয়ালৰ সৈতে ভ্ৰমণ কৰিব পৰা কচ্ছৰ ৰণত নৱেম্বৰ আৰু ফেব্ৰুৱাৰীৰ মাজৰ সময়খিনিত প্ৰতি বছৰে ৰণ উৎসৱৰ আয়োজন কৰে। উৎসৱটোৱে সাংস্কৃতিক কাৰ্যসূচী আৰু স্থানীয় ৰন্ধনপ্ৰণালীৰ জৰিয়তে গুজৰাটৰ জাতিগত আকৰ্ষণো প্ৰদৰ্শন কৰে। এই সময়ছোৱাত, পৰম্পৰাগত খাদ্য, হস্তশিল্প, মৰুভূমি চাফাৰীৰ দৰে বস্তুবোৰে এই ঠাইখন আৰু অধিক সুন্দৰ কৰি তোলে।

Also Read: কম খৰচতে শীতকালটো উপভোগ কৰিবলৈ ভ্ৰমণ কৰক এইকেইখন ঠাই