প্ৰতিবেদনত পোহৰলৈ আহিছে ভয়ানক তথ্য : এই ৰোগৰ লক্ষণ, সুৰক্ষাৰ উপায় জানি লৈ সাৱধান হওঁক

প্ৰতিবেদনত পোহৰলৈ আহিছে ভয়ানক তথ্য : এই ৰোগৰ লক্ষণ, সুৰক্ষাৰ উপায় জানি লৈ সাৱধান হওঁক

ডিজিটেল ডেস্ক: স্তনৰ কৰ্কট ৰোগে সমগ্ৰ পৃথিৱীতে এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু  ২০৪০ৰ ভিতৰত এই ৰোগত প্ৰতি বছৰে ১০ লাখ লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছে।হয়,  'লেঞ্চেট'ৰ শেহতীয়া এক প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে। প্ৰতিবেদনত উল্লেখ কৰা মতে,  যে২০১৬ৰ পৰা ২০২০লৈ এই ৫ বছৰত প্ৰায় ৭.৮ নিযুত মহিলা স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে প্ৰায় ৬ লাখ ৮৫ হাজাৰ মহিলাৰ এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল।

বিশ্বব্যাপী স্তন কৰ্কট ৰোগত আক্ৰান্তৰ সংখ্যা ২০৪০ চনলৈ ৩ নিযুততকৈ অধিক হ'ব, যাৰ ফলত নিম্ন আৰু মধ্য আয়ৰ দেশবোৰ প্ৰভাৱিত হ'ব বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে।তদুপৰি, ২০৪০ লৈ এই ৰোগৰ ফলত বছৰি ১ নিযুত লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছে বুলিও প্ৰতিবেদনত স্পষ্ট কৰা হৈছে।

এই প্ৰতিবেদনত এনে প্ৰত্যাহ্বানবোৰৰ সৈতে মোকাবিলা কৰিবলৈ ৰোগী আৰু স্বাস্থ্যসেৱা পেছাদাৰীসকলৰ মাজত যোগাযোগ উন্নত কৰাৰো পৰামৰ্শ দিয়া হৈছে, যিয়ে জীৱনৰ মানদণ্ড, শাৰীৰিক স্বাস্থ্য উন্নত কৰাৰ লগতে আৰু জীৱনত ইতিবাচক প্ৰভাৱ পেলাব পাৰে। ভাৰতীয় মহিলাসকলৰ মাজত স্তন কৰ্কট হৈছে আটাইতকৈ সচৰাচৰ ধৰা পৰা কৰ্কট ৰোগ। প্ৰতি বছৰে প্ৰায় ১.৫ ৰ পৰা ২ লাখ মহিলা এই ৰোগত নতুনকৈ আক্ৰান্ত হয়।কিন্তু আচৰিত কথা এয়ে যে,  বেছিভাগ মহিলাই আৰম্ভনিতে নাজানে যে তেওঁলোকে স্তন কৰ্কট ৰোগত আক্ৰান্ত হৈছে।প্ৰায় ৭০  শতাংশ মহিলাই এই ৰোগত আক্ৰান্ত হোৱাৰ বহু দেৰিকৈ চিকিৎসকৰ ওচৰলৈ যায়।

স্তনৰ কৰ্কট লক্ষণ কি ? 

-স্তনৰ বিষ।

- স্তনৰ পৰা পানী বা স্ৰাৱ ওলোৱা।

- স্তনবৃন্ত বাহিৰৰ সলনি স্তনৰ ভিতৰত ডুব যায়।

- স্তনত চোকোৰা চোকোৰাকৈ খজুৱতি হোৱা।

-স্তনৰ আকাৰৰ পৰিৱৰ্তনো হৈছে এই ৰোগৰ লক্ষণ। 

কেনেদৰে নিজকে সুৰক্ষিত কৰিব ?

চিকিৎসকৰ মতে, মহিলাসকলে প্ৰতি ছয় মাহত তেওঁলোকৰ তেজ পৰীক্ষা কৰাব লাগে।ই শৰীৰৰ পৰিৱৰ্তনবোৰ চিনাক্ত কৰাত সহায় কৰে। তদুপৰি, গৰ্ভধাৰণৰ আগতে আৰু পিছত স্বাস্থ্য পৰীক্ষা কৰাটোও খুব দৰকাৰী। যদি মহিলাসকলে প্ৰাৰম্ভিক পৰ্যায়তে এই ৰোগত আক্ৰান্ত হোৱা বুলি জানিব পাৰে, তেনেহ'লে সঠিক চিকিৎসা কৰি তেওঁলোকৰ স্তন ৰক্ষা কৰিব পাৰে।

প্ৰতিবেদনত পোহৰলৈ আহিছে ভয়ানক তথ্য : এই ৰোগৰ লক্ষণ, সুৰক্ষাৰ উপায় জানি লৈ সাৱধান হওঁক
এই অভ্যাসৰ বাবে চিৰদিন ৰোগীয়া হ’ব পাৰে আপুনি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in