/asomiyapratidin/media/media_files/2026/02/03/whatsapp-2026-02-03-14-11-50.jpeg)
ডিজিটেল ডেস্ক: বৰ্তমান সময়ত ষ্ট্ৰ'ক ভাৰতত এক গুৰুত্বপূৰ্ণ স্বাস্থ্য সমস্যালৈ পৰিণত হৈছে। ষ্ট্ৰ'ক ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ মূল কাৰণ হৈছে জীৱনশৈলীৰ পৰিৱৰ্তন, উচ্চ ৰক্তচাপ, ডায়াবেটিছ আৰু মানসিক চাপ। 'গ্ল’বেল বাৰ্ডেন অৱ ডিজিজ'ৰ তথ্য অনুসৰি ২০২১ চনত ভাৰতত প্ৰায় ১২.৫ লাখ নতুন ষ্ট্ৰ'ক ৰোগী চিনাক্ত কৰা হৈছিল আৰু প্ৰায় ৯৪ লাখ লোক ষ্ট্ৰ'কৰ দীৰ্ঘম্যাদী প্ৰভাৱৰ সৈতে জীয়াই আছিল।
ষ্ট্ৰ'কৰ পৰা আৰোগ্য লাভ কৰা প্ৰক্ৰিয়াটো সাধাৰণতে দীঘলীয়া আৰু প্ৰত্যাহ্বানপূৰ্ণ। বহু ৰোগীৰ বাবে দীৰ্ঘম্যাদী শাৰীৰিক চিকিৎসা আৰু পুনৰ্বাসন প্ৰয়োজন হয়, যি সকলোৰে বাবে সহজলভ্য নহয়। এনে পৰিস্থিতিত শেহতীয়াকৈ এইমছ দিল্লীত কৰা এক গৱেষণাই আশাৰ পোহৰ দেখুৱাইছে।
কি পোহৰলৈ আহিছে এইমছৰ গৱেষণাত ?
এইমছ দিল্লীত ষ্ট্ৰ'ক সম্পৰ্কে কৰা এই বৃহৎ অধ্যয়নটো এইমছৰ পঞ্চম গৱেষণা দিৱসত উপস্থাপন কৰা হৈছিল। অধ্যয়নটোৰ উদ্দেশ্য আছিল, নিয়মীয়া চিকিৎসাৰ সৈতে প্ৰাকৃতিক সূৰ্যৰ পোহৰ সংযুক্ত কৰিলে ষ্ট্ৰ'ক ৰোগীৰ আৰোগ্য লাভত সহায়ক হ’ব নে নহয়। এই গৱেষণা ২০২৩ চনৰ নৱেম্বৰ মাহৰ পৰা ২০২৫ চনৰ এপ্ৰিল মাহলৈ চলিছিল।
এই অধ্যয়নত ১৮ৰ পৰা ৮০ বছৰ বয়সৰ, বিগত এমাহৰ ভিতৰত মধ্যমীয়া ষ্ট্ৰ'কত আক্ৰান্ত হোৱা ৰোগীক অন্তৰ্ভুক্ত কৰা হৈছিল। ২০০ জনতকৈ অধিক ৰোগীৰ ভিতৰত ৪০ জনক নিৰ্বাচিত কৰি দুটা গোটত বিভক্ত কৰা হয়। প্ৰথম গোটে কেৱল মানক চিকিৎসা আৰু পুনৰ্বাসন যত্ন লাভ কৰিছিল। দ্বিতীয় গোটে একে চিকিৎসাৰ লগতে ১৫ দিনৰ বাবে প্ৰতি দুদিনৰ মূৰে মূৰে ৩০ মিনিট সূৰ্যৰ পোহৰত থাকিবলৈ দিয়া হৈছিল। সূৰ্যৰ পোহৰৰ তীব্ৰতা ১০,০০০ৰ পৰা ২৫,০০০ লাক্সৰ ভিতৰত ৰখা হৈছিল, যিটো বাহিৰৰ মৃদু সূৰ্য্যৰ পোহৰৰ সমতুল্য।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/03/2025_2image-2026-02-03-14-16-48.jpg)
গৱেষণাৰ ফলাফল যথেষ্ট উৎসাহজনক আছিল। সূৰ্যৰ পোহৰ লোৱা ৰোগীসকলৰ জীৱনৰ মানদণ্ড উন্নত হোৱা দেখা গৈছিল। তেওঁলোকৰ মেজাজ ভাল হৈছিল, টোপনিৰ গুণগত মান উন্নত হৈছিল আৰু দৈনন্দিন কাৰ্য্যকলাপত অংশগ্ৰহণ বেছি হৈছিল। সূৰ্যৰ পোহৰে শৰীৰৰ জৈৱিক টোপনিৰ ছন্দ উন্নত কৰে, ভিটামিন ডিৰ মাত্ৰা বৃদ্ধি কৰে আৰু প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে, যাৰ ফলত ষ্ট্ৰ'কৰ পিছত আৰোগ্য লাভৰ গতি ত্বৰান্বিত হয়। গুৰুতৰ কোনো পাৰ্শ্বক্ৰিয়া লক্ষ্য কৰা হোৱা নাই।
চিকিৎসকসকলৰ মতে, সূৰ্যৰ পোহৰ একেবাৰে বিনামূলীয়া, নিৰাপদ আৰু সহজে উপলব্ধ চিকিৎসা সহায়ক উপাদান। ভৱিষ্যতে যদি বৃহৎ পৰিসৰৰ আৰু বহুকেন্দ্ৰিক অধ্যয়নত একেধৰণৰ ফলাফল পোৱা যায়, তেন্তে এই পদ্ধতি ঘৰতে বা পুনৰ্বাসনৰ সুবিধা সীমিত অঞ্চলত থকা ষ্ট্ৰ'ক ৰোগীৰ বাবে অতি উপকাৰী হ’ব পাৰে।
ক’ব পাৰি যে, ষ্ট্ৰ'ক ৰোগীক দৈনিক প্ৰায় ৩০ মিনিট সূৰ্যৰ পোহৰত ৰখাটো তেওঁলোকৰ আৰোগ্য উন্নত কৰাৰ এক সহজ, নিৰাপদ আৰু ফলপ্ৰসূ উপায় হ’ব পাৰে। এই অধ্যয়নে প্ৰমাণ কৰে যে কেতিয়াবা সৰু সৰু ব্যৱস্থাইও ৰোগীৰ জীৱনত ডাঙৰ ইতিবাচক পৰিৱৰ্তন আনিব পাৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us