মেষ, বৃষ, মিথুন আৰু কৰ্কট ৰাশিৰ লোকৰ বাবে আহি আছে GOOD NEWS...

মেষ, বৃষ, মিথুন আৰু কৰ্কট ৰাশিৰ লোকৰ বাবে আহি আছে GOOD NEWS...

ডিজিটেল ডেস্কঃ ২৮মে’ ২০২৪ৰ দিনটোত বিশেষ কেইটামান ৰাশিৰ জাতক-জাতিকাসকলে লাভ কৰিব পাৰে ভাল খবৰ। বহুদিনৰে পৰা চলি অহা অশান্তিৰ ওৰ পৰিব পাৰে কালিৰ দিনটোত। এই ৰাশিকেইটা কি কি, জানো আহক-

মেষ ৰাশিঃ চাকৰি কৰি থকা জাতক-জাতিকাসকলৰ এইদিনটোত লাভ কৰিব পাৰে কোনো ডাঙৰ দায়িত্ব। সেই দায়িত্ব সুচাৰুৰূপে পালন কৰি প্ৰশংসাৰ পাত্ৰও হব আপুনি। আপোনাৰ স্বাস্থ্য আৰু চেহেৰা ভালে থাকিব উক্ত দিনটোত। বিশেষ কোনো কষ্ট এই দিনটোত আপুনি লাভ নকৰে। ব্যৱসায় কৰা সকলৰ বাবে কাইলৈ দিনটো অতিকৈ উত্তম দিন। ব্যৱসায়ত কোনো যদি প্লেন কৰি আছে, কাইলৈ দিনটোত কাৰ্যকৰী হব পাৰে। বিয়াৰ কথাও চলিব পাৰে পৰিয়ালত। প্ৰেমত শুভ। উচ্চ শিক্ষা গ্ৰহণ কৰি থকা জাতক-জাতিকা সকলেও কাইলৈ দিনটোত সুফল লাভ কৰাৰ যুগ আছে।

বৃষ ৰাশিঃ কাৰ্যক্ষেত্ৰত আপুনি নিজৰ কামৰ বাবে ২৮মে’ ২০২৪ৰ দিনটোত প্ৰশংসিত হব। আৰ্থিক স্থিতি মজবুত হোৱাৰ লগতে আপোনাৰ মনটোও প্ৰফুল্লিত হৈ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ নজৰ ৰাখক এই ৰাশিৰ জাতক-জাতিকাসকলে। ব্যৱসায়ীসকলৰ বাবে কাইলৈৰ দিনটো আৰ্থিক দিশত যথেষ্ট শুভ। ব্যৱসায়ৰ পৰিধিও কাইলৈ দিনটোত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। জীৱন সংগীৰ পৰা কিছু দায়িত্ব লাভ কৰিব আৰু সেয়া সুচাৰুৰূপে পালন কৰাৰ চেষ্টা কৰক। বিদ্যাৰ্থীসকলৰ বাবেও কাইলৈৰ দিনটো শুভ। বিদ্যাৰ্থীসকলে ক্ৰীড়া ক্ষেত্ৰত সফলতা লাভ কৰিব। যুৱক-যুৱতীসকলে নিজৰ ভুল বাবে পৰিয়ালৰ অগ্ৰজসকলৰ পৰা গালি খাবও পাৰে।

মিথুন ৰাশিঃ এই ৰাশিৰ যিসকল জাতক-জাতিকাই চাকৰিৰ সন্ধানত আছে ২৮মে’ ২০২৪ৰ দিনটোত কৃতকাৰ্যতা লাভ কৰিব পাৰে। স্বাস্থ্য মধ্যমীয়া থাকিব। ব্যৱসায়ীসকলৰ বাবে কাইলৈ দিনটো খুবেই শুভ। নতুন গ্ৰাহকৰ সৈতে সুসম্পৰ্ক স্থাপনৰো যুগ আছে। এলেহুৱা মনোভাৱে গা কৰি উঠিব পাৰে যদিও বিশেষ লোকচানৰ সন্মুখীন নহয়। শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগ কৰাৰ কথা যদি ভাৱিছে, কাইলৈ দিনটো উত্তম দিন। কিন্তু সাৱধানতা অৱলম্বন কৰিব।

কৰ্কট ৰাশিঃ এই ৰাশিৰ জাতক-জাতিকাসকলৰ বিৰুদ্ধে ২৮মেৰ দিনটোত কৰ্মক্ষেত্ৰত শত্ৰুপক্ষই ষড়যন্ত্ৰ ৰচিব পাৰে যদিও সফল নহব। বহুদিনৰে পৰা চলি থকা মানসিক অশান্তিৰ পৰা মুক্তি লাভ কৰিব পাৰে কালিৰ দিনটোত। মানসিক আৰু শাৰিৰিক স্বাস্থ্য ভালেই থাকিব। ব্যৱসায়ী সকলৰ বাবে কোনো ডাঙৰ সুযোগ অহাৰ সম্ভাৱনা আছে। পৈতিক সম্পত্তি জড়িত যিকোনো বিষয়ত সাৱধানতাৰে সিদ্ধান্ত লওক। বন্ধবৰ্গৰ সৈতে ভ্ৰমণৰো যুগ আছে।

মেষ, বৃষ, মিথুন আৰু কৰ্কট ৰাশিৰ লোকৰ বাবে আহি আছে GOOD NEWS...
উৎকট গৰম, দহিছে দেহাঃ গা শাত পেলোৱাত তৰমুজ ৰজা...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in