উৎকট গৰম, দহিছে দেহাঃ গা শাত পেলোৱাত তৰমুজ ৰজা...

উৎকট গৰম, দহিছে দেহাঃ গা শাত পেলোৱাত তৰমুজ ৰজা...

তৰমুজ। গৰমৰ দিনত সবাৰ্ধিক চাহিদা থকা অথচ অন্য ফলতকৈ কম দামতেই পোৱা এবিধ স্বাস্থ্যকৰ ফল। গ্ৰীষ্মকালত তৰমুজে আপোনাক যিদৰে উপকাৰ সাধিব পাৰে, অন্য বহু দামী দামী ফলে আপোনাৰ শৰীৰটোক সিমানখিনি উপকাৰ সাধিব নোৱাৰে। এই তৰমুজৰ উৎপাদন আৰু ইয়াৰ উপকাৰিতাক লৈ সবিশেষ তথ্যৰে প্ৰস্তুত কৰা হৈছে এই প্ৰতিবেদনখন...

প্ৰচণ্ড গৰম। অসমত গৰমে বিগত ৬৪বছৰীয়া অভিলেখো ভংগ কৰিলে। ইফালে শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্য অনুসৰি আগন্তুক কেইটামান দিনত জুইৰ দৰে পৃথিৱীত তাপ বিয়পাব সূৰ্যই। এনে পৰিস্থিতিৰ মাজত গৰমৰ পৰা সকাহ পাবলৈ জনতাই শীতল পানীয়ৰ আশ্ৰয় হৈছে। কুহিয়াৰ ৰস, ডাব আদি যতেই দেখিছে তাতেই ৰৈ পিয়াহ পলুৱাইছে জনতাই। ফল-মূলত প্ৰচুৰ পৰিমাণে পানী থাকে বুলি জানিও বহুলোকে এতিয়া ফল-মূলৰ ওচৰলৈ যাবলৈও ভয় কৰিছে। ইয়াৰ কাৰন হৈছে, শেহতীয়াকৈ পোহৰলৈ অহা কিছু ভয়ংকৰ তথ্য।

পোহৰলৈ অহা তথ্য অনুসৰি, ফল-মূলৰ বজাৰত ৰঙীন হৈ থকা আম, আপেল, আঙুৰকে ধৰি অন্যান্য ফল-মূলত প্ৰচুৰ পৰিমাণে কেমিকেলৰ ব্যৱহাৰ। ৰাতিটোৰ ভিতৰতে দেখাত দেখনিয়াল কৰিবলৈ অসাধু ব্যৱসায়ীৱে গ্ৰহণ কৰা এই পন্থা পোহৰলৈ অহাৰ পাছতে ৰাইজে এতিয়া ফল-মূল খাবলৈ ১০বাৰ চিন্তা কৰিছে। কিন্তু এনেবোৰ পৰিস্থিতিৰ মাজতো বজাৰত চাহিদা বাঢ়িছে এবিধ বিশেষ ফলৰ।

মানুহে যদিও গৰমৰ পৰা ৰক্ষা পাবলৈ কুহিয়াৰ ৰস, ডাব আদিবোৰ সেৱন কৰিছে, এইবোৰ আচলতে সকলো স্থানতে সুলভ নহয়। ডাব আৰু কুহিয়াৰৰ খেতি অসমৰ ভিন্ন প্ৰান্তত হয় যদিও, এতিয়াও বহু প্ৰান্ত সুলভ নহয়। এনেবোৰ কেতবোৰ কাৰনতে গৰমৰ এই দিনত চাহিদা বৃদ্ধি পোৱা ফলবিধ হৈছে তৰমুজ।

আমি যদিও ফল মূলত কেমিকেল ব্যৱহাৰৰ কথা ওপৰত উল্লেখ কৰিছো, সাধাৰণতে তৰমুজত অন্য ফলতকৈ কেমিকেল ব্যৱহাৰৰ কৰাৰ সুবিধা যথেষ্ট কম। আকাৰত ডাঙৰ হোৱাৰ বাবেই অন্য ফলৰ দৰে তৰমুজক বেছি দিনলৈ সতেজ কৰি ৰাখিব নোৱাৰি। ইয়াৰোপৰি অন্য ফলতকৈ তৰমুজৰ মূল্যও যথেষ্ট পৰিমাণে কম। মূল্য কম হলেও আপেল, কল, আমতকৈ অধিক উপযোগিতা আছে তৰমুজৰ। মূল্য কম হোৱাৰ বাবেই সাধাৰণ লোকেও ক্ৰয় কৰিব পাৰে এইবিধ ফল। মুঠৰ ওপৰত গৰমৰ দিনত সকলো শ্ৰেণীৰ মানুহৰেই বিশ্বাসযোগ্য অন্যতম এবিধ ফল হৈছে তৰমুজ।

আমাৰ দেশৰ প্ৰায়কেইখন ৰাজ্যত তৰমুজৰ উৎপাদন সন্তোষজনক। এক তথ্য অনুসৰি অসমতো বছৰি কেইবা হাজাৰ কুইন্টল তৰমুজৰ উৎপাদন হয়। লক্ষ্যণীয় কথাটো হৈছে যে, দেশৰ যিকেইখন ৰাজ্যত গৰমৰ মাত্ৰা অতি বেছি, সেই ৰাজ্যকেইখনতো তৰমুজৰ উৎপাদন যথেষ্ট পৰিমাণে হয়। সেয়েহে দেশজুৰি তৰমুজৰ এখন বিশাল বজাৰ আছে।

এতিয়া জানো আহক কোন খন ৰাজ্যত বছৰি কিমান পৰিমাণৰ তৰমুজ উৎপাদন হয়-

ঝাৰখণ্ডত তৰমুজত উৎপাদন দেশৰ ভিতৰতে অন্যতম। বছৰি ৭৪.৪২লাখ টন তৰমুজৰ উৎপাদত হয় এই ৰাজ্যখনত। ইয়াৰ বিপৰীতে মহাৰাষ্ট্ৰত প্ৰতিবছৰে ১০১লাখ টন তৰমুজৰ উৎপাদন হয়। হাৰিয়ানাত ১৯৭লাখ টন তৰমুজ বছৰি উৎপাদন হয় বুলি তথ্যত উল্লেখ আছে। মধ্যপ্ৰদেশতো তৰমুজৰ উৎপাদন সন্তোষজনক। ৰাজ্যখনত ২২৭.১৮লাখ টন তৰমুজ বছৰি উৎপাদন হয়।

পশ্চিম বংগত বছৰি ২৩০.১৭লাখ টন আৰু ওড়িশাত প্ৰায় ২৫৩.৫৪লাখ টন তৰমুজ বছৰি উৎপাদন হয়। কণাৰ্টকত ২৬০.৯০লাখ টন, তামিলনাডুত ৩১৫.১৯লাখ টন, অন্ধ্ৰপ্ৰদেশত ৬২৮.২৭লাখ টন তৰমুজ উৎপাদন হয়। তৰমুজ উৎপাদনৰ তালিকাত শীৰ্ষত আছে উত্তৰ প্ৰদেশ। নেচনেল হৰ্টিকালচাৰ বৰ্ডৰ তথ্য অনুসৰি, উত্তৰ প্ৰদেশত বছৰি ৭০৬.৬৫লাখ টন তৰমুজৰ উৎপাদন হয়। এয়া হৈছে দেশৰ মুঠ তৰমুজ উৎপাদনৰ ২১.৯১শতাংশ।

তৰমুজ উৎপাদনৰ ক্ষেত্ৰত দেশৰ ২০খন ৰাজ্যৰ ভিতৰত অসম প্ৰৱেশ কৰিব নোৱাৰিলেও উত্তৰ পূৰ্ব ৪খন ৰাজ্য আছে এই তালিকাত। এই তালিকাত শীৰ্ষ ১৫সংখ্যক স্থানত ত্ৰিপুৰা। ত্ৰিপুৰাত ২৩.২০লাখ টনা তৰমুজ উৎপাদন হয়। ইফালে ১৮সংখ্যক স্থানত আছে মণিপুৰ। মণিপুৰত ১.৭৫লাখ টন তৰমুজ উৎপাদন হয়। ১৯সংখ্যক স্থানত আছে মিজোৰাম আৰু ২০সংখ্যক স্থানত আছে নাগালেণ্ড। এই দুয়োখন ৰাজ্যৰ ভিতৰত মিজোৰামত ৯৫হাজাৰ টন আৰু নাগালেণ্ডত বছৰি ৭৫হাজাৰ টন তৰমুজ উৎপাদন হয়।

এইখিনিতে উল্লেখ কৰি থোৱা প্ৰয়োজন যে, তৰমুজ উৎপাদনৰ তালিকাত সমগ্ৰ বিশ্বৰ ভিতৰত তৃতীয় স্থানত আছে ভাৰত। প্ৰথম স্থানত আছে চীন আৰু দ্বিতীয় স্থানত আছে তুৰ্কী। চীনত প্ৰতি বছৰে ৬০.১লাখ মেট্ৰিকটন, তুৰ্কীত বছৰি ৩.৫লাখ মেট্ৰিক টন আৰু ভাৰতত বছৰি ২.৮লাখ মেট্ৰিক টন তৰমুজ উৎপাদন হয়। সমগ্ৰ বিশ্বৰ ৬০শতাংশ তৰমুজৰ উৎপাদন চীনতে হয়।

এতিয়া জানো আহক তৰমুজৰ কি কি উপকাৰিতা আছে। আমাৰ শৰীৰত তৰমুজে কি কি কাম কৰে। ইয়াত প্রচুৰ পৰিমানে পুষ্টি, ভিটামিন আৰু খনিজ আইৰণ থাকে। তৰমুজত শতকৰা ৯২ ভাগ পানী থাকে, প্রাকৃতিকভাৱে ইয়াত কোনো চর্বি নাথাকে। তৰমুজত প্রচুৰ পৰিমাণে এমাইনো এছিড থাকে যি শৰীৰৰ কোলেস্টেৰল আৰু চর্বি কমোৱাত সহায় কৰে। ইয়াৰ উপৰিও তৰমুজত এন্টি অক্সিডেন্ট থাকে যি শৰীৰত জমা হৈ থকা কোলেস্টেৰল কমোৱাত সহায় কৰে।

মানৱ শৰীৰৰ বাবে তৰমুজ আন ১০টা উল্লেখযোগ্য উপকাৰিতাঃ-

চকুৰ সুৰক্ষাঃ তৰমুজত প্রচুৰ পৰিমাণে বিটা কেৰোটিন আৰু ভিটামিন এ থাকে। বিটা কেৰোটিনে চকুৰ ৰেটিনা সুৰক্ষাত সহায় কৰাৰ লগতে চকুত ছানি পড়াৰ ক্ষেত্রত প্রতিবন্ধকতাৰ সৃষ্টি কৰে। ভিটামিন এ চকুৰ জ্যোতি বৃদ্ধি কৰে।

হৃদযন্ত্রৰ ৰক্ত সঞ্চালনতঃ সঠিকভাৱে হৃদযন্ত্রৰ ৰক্ত প্রবাহ অত্যন্ত গুৰুত্বপূর্ণ। তৰমুজে হৃদযন্ত্রৰ সঠিকভাৱে ৰক্ত প্রৱাহত সহায় কৰে ফলত হৃদযন্ত্র ব্লক হোৱাৰ প্রৱণতা বহুগুণে হ্রাস পায়।

স্নায়ু ও মাংসপেশী সুৰক্ষাতঃ তৰমুজত প্রচুৰ পৰিমাণ পটাছিয়াম থাকে যি প্রাকৃতিকভাৱে শৰীৰত ইলেকট্রো পাৱাৰ তৈয়াৰী কৰে। এই পাৱাৰ শৰীৰৰ মাংসপেশী ও স্নায়ু সুৰক্ষাত অত্যন্ত কার্যকৰী।

শৰীৰৰ বিষ নিৰাময় আৰু কলা(টিচু) সুৰক্ষাতঃ তৰমুজত প্রচুৰ পৰিমাণ ভিটামিনি চি থাকে যি শৰীৰৰ বিভিন্ন স্থানৰ বিষ নিৰাময়ৰ লগতে দাঁত আৰু মাংসপেশীৰ সুৰক্ষাত প্রতিষেধক হিচাপে কাম কৰে।

হাড় মজবুত কৰেঃ তৰমুজত লাইকোপিনো নামক ৰঙা উপাদান থাকে যত প্রচুৰ পৰিমাণে কেলচিয়াম মিহলি থাকে যিয়ে হাড়ৰ গঠন মজবুত কৰাত অত্যন্ত সহায় কৰে।

কিডনি আৰু লিভাৰৰ সুৰক্ষাঃ তৰমুজত প্রচুৰ জলীয় উপাদান থকাৰ বাবে প্রস্রাৱৰ জ্বলাপোৰা কমাই দিয়ে। তৰমুজত থকা এন্টিবডিয়ে কিডনি আৰু লিভাৰ সুৰক্ষাত সহায় কৰে।

ওজন কমোৱাত সহায় কৰেঃ গৱেষণাত দেখা গৈছে তৰমুজে মানৱ শৰীৰত জমা হৈ থকা চর্বি কমোৱাত সহায় কৰে। তৰমুজত থকা Citrulline নামৰ এমিনো এছিডবিধ কিডনিৰ বাবে অত্যন্ত উপকাৰী।তৰমুজত প্রচুৰ পৰিমাণে পানী থকাৰ বিপৰীতে খুব কম পৰিমাণৰ কেলৰি থাকে। সেই কাৰণেই পেট ভৰাই তৰমুজ খালেও সেই অনুযায়ী ওজন নাবাঢ়ে।

জলশূন্যতা দূৰ কৰেঃ তৰমুজত প্রচুৰ পৰিমাণে পানী থাকে। গৰমৰ সময়ত যেতিয়া ঘামৰ মাধ্যমত শৰীৰৰ পৰা প্রচুৰ পৰিমাণে ঘাম বাহিৰ হয় তেতিয়া তৰমুজ খালে শৰীৰৰ জলশূন্যতা দূৰ হয়।

শ্বাস-প্ৰশ্বাসৰ কষ্ট প্রতিৰোধ কৰেঃ যিসকলে বহুতদিনৰ পৰা শ্বাস-প্ৰশ্বাসৰ সময়ত কষ্ট অনুভৱ কৰে তেখেত সকলে প্ৰতিদিনেই তৰমুজ খোৱাৰ অভ্যাস গঢ়ি তোলক। তৰমুজে শৰীৰৰ ভিটামিন চি ৰ অভাৱ পূৰণ কৰে আৰু হাঁপানি প্রতিৰোধ কৰাত সহায় কৰে।

কেঞ্চাৰ প্রতিৰোধ কৰেঃ তৰমুজত থকা এন্টি অক্সিডেন্টে কেঞ্চাৰ সৃষ্টিৰ বাবে দায়ী কোষবোৰক নির্মূল কৰাত সাহায্য কৰে। গৱেষণাত দেখা গৈছে তৰমুজত লাইকোপিন নামৰ উপাদান থাকে যি প্রোষ্টেট গ্ৰন্থিত কেঞ্চাৰৰ সম্ভাৱনীয়তা কমাই দিয়ে।

এনেদৰেই তৰমুজৰ আছে অলেখ উপকাৰিতা। আমাৰ অসমত বিশেষকৈ তাপমাত্ৰাৰ তুলনাত উষ্ণতা যথেষ্ট পৰিমাণে বেছি কাৰনে শৰীৰৰ পৰা অতি বেছি পৰিমাণে ঘাম নিৰ্গত হয়। যাৰ ফলত শৰীৰত পানীৰ পৰিমাণ যথেষ্ট পৰিমাণে কমি যায়। এই ক্ষেত্ৰত আমাৰ শৰীৰৰ বাবে পৰিৱেশ ভিত্তিক অতিকৈ উপযোগী ফলবিধেই তৰমুজ । গৰমৰ এই দিনত আপোনাৰ শৰীৰটো নিৰোগী আৰু স্বাস্থ্যৱান কৰি ৰাখিবলৈ আপুনিও এতিয়াৰে পৰা খাদ্য তালিকাত সংযোগ কৰিব পাৰে তৰমুজক।

উৎকট গৰম, দহিছে দেহাঃ গা শাত পেলোৱাত তৰমুজ ৰজা...
টেঙাক নকৰিবা হেলা,টেঙাই তৰিব বিপদৰ বেলা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in