/asomiyapratidin/media/media_files/2025/07/01/1-2025-07-01-20-29-57.jpg)
ডিজিটেল ডেস্কঃ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাক অধিক উন্নীতকৰণত গুৰুত্ব দিছে ভাৰতে। ৰাছিয়াৰ পৰা লাভ কৰা এছ-৪০০ক এছ-৫০০লৈ উন্নীত কৰাৰ পৰিকল্পনা কৰা হৈছে। এই পৰিকল্পনাত সফল হ'লে নিশ্চিতভাৱে পাকিস্তানৰ লগতে চীনৰ বাবেও ই এক জোকাৰণিৰ সৃষ্টি কৰিব।
দৰাচলতে অপাৰেচন সিন্দুৰৰ সময়ছোৱাত ভাৰতীয় সেনাৰ এয়াৰ ডিফেন্স চিষ্টেম এছ-৪০০ য়ে পাকিস্তানৰ ক্ষেপণাস্ত্ৰ সমূহ অতি সহজে ধ্বংস কৰিছিল। ভাৰতৰ নিৰাপত্তা ব্যৱস্থাৰ আভাষ পোৱাৰ পাছৰে পৰা সংকিত হৈ আছে পাকিস্তান।
অপাৰেচন সিন্দুৰত এছ-৪০০ বিমানে ৩০০ কিলোমিটাৰতকৈও অধিক দূৰত্বত এখন বিমান গুলীয়াই নিজৰ শক্তি দেখুৱাইছিল। পাকিস্তানৰ যুদ্ধ বিমান আৰু চোৰাংচোৱা বিমানক বাধা দি অভিলেখ গঢ়িছিল। ভাৰতৰ বায়ু প্ৰতিৰক্ষাক অভেদ্য কৰি তোলাত এই ব্যৱস্থাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।
লক্ষ্যণীয় যে, ভাৰতে ৰাছিয়াৰ পৰা এছ-৪০০ৰ আৰু দুটা স্ক্ৱাড্ৰন ক্ৰয় কৰাৰ কথা চিন্তা কৰিছে। ইতিমধ্যে তিনিটা স্ক্ৱাড্ৰন মোতায়েন কৰা হৈছে, যিবোৰক ‘সুদৰ্শন চক্ৰ’ বুলি জনা যায়। খিলঞ্জীয়া প্ৰকল্প কুশাত পলম হোৱাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
ভাৰতে এছ-৪০০তকৈ অধিক উন্নত, অধিক ৰেঞ্জ লগতে ক্ষমতা প্ৰদান কৰা এছ-৫০০ ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। অৱশ্যে ইয়াৰ বাবে ৰাছিয়াৰ শীর্ষ নেতৃত্বৰ অনুমোদনৰ প্রয়োজন৷ এই ব্যৱস্থাই ভাৰতৰ প্ৰতিৰক্ষাক আৰু অধিক শক্তিশালী কৰিব পাৰে।
ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বাবে এছ-৪০০ৰ চতুৰ্থ আৰু পঞ্চম স্ক্ৱাড্ৰনৰ ডেলিভাৰী পলম হৈছিল। কিছুমান ব্যৱস্থা ৰাছিয়াই যুদ্ধত ব্যৱহাৰৰ বাবে ডাইভাৰ্ট কৰিছিল। এতিয়া ৰাছিয়াই অহা বিত্তীয় বৰ্ষত ডেলিভাৰীৰ নিশ্চয়তা দিছে।
জানি আচৰিত হ'ব যে, এছ-৪০০ ব্যৱস্থাই ৩৮০ কিলোমিটাৰ পৰ্যন্ত দূৰত্বত শত্ৰুৰ বিমান, ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’ন ধ্বংস কৰিব পাৰে। ইয়াৰ উপৰিও ই কৌশলগত বোমাৰু বিমান আৰু চোৱাচিতামূলক বিমানকো সহজেই লক্ষ্য কৰি ল’ব পাৰে। ভাৰতৰ সীমান্তৰ নিৰাপত্তাৰ বাবে ই এক গেম চেঞ্জাৰ হিচাপে প্ৰমাণিত হৈছে।
এছ-৪০০ আৰু এছ-৫০০ৰ দৰে ব্যৱস্থা ক্ৰয়ৰ লগে লগে ভাৰত আৰু ৰাছিয়াৰ মাজত শক্তিশালী প্ৰতিৰক্ষা সহযোগিতা গভীৰ হৈ পৰিব। ডেলিভাৰীত পলম নহ’ব বুলি ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে ৰাছিয়াই। এই সহযোগিতাই ভাৰতৰ প্ৰতিৰক্ষা প্ৰস্তুতিক নতুন উচ্চতালৈ লৈ গৈছে।