/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/editorial-image-2.jpg)
বিশ্বজুৰি হোৱা মহামাৰী ৰোগবিলাকৰ ইতিহাস অধ্যয়ন কৰি একাংশই কৈছে যে এনেধৰণৰ মহামাৰীৰ সাধাৰণতে তিনিটা জোৱাৰ আহে। তেনে প্রেক্ষাপটতে তথ্য বিভিন্নধৰণৰ লক্ষণবিলাক পৰ্যালোচনা কৰি কোৰোনা ভাইৰাছে বিয়পোৱা সংক্রমণৰো তৃতীয়টো জোৱাৰ আহিব পাৰে বুলি চৰ্চা চলি আছে। চিকিৎসক সম্প্ৰদায়ৰ বিভিন্ন কর্তৃত্বশীল পক্ষয়ো এনে আশংকা ব্যক্ত কৰা দেখা গৈছে। এই চিন্তা চর্চা চলি থকা অৱস্থাতে দক্ষিণ আফ্রিকাত সন্ধান পোৱা গৈছে কোৰোনা ভাইৰাছৰ সৰ্বশেষ Variant অর্থাৎ সঁচ 'অ'মিক্ৰন'।
এই সন্দৰ্ভত প্রকাশ পোৱা তথ্যমতে এই অমিক্রন ভাইৰাছবিধ অতি দ্রুতগতিত সুঁচৰিব পৰা প্ৰকৃতিৰ। এই তথ্য যে এশ শতাংশই সঁচা সেই কথা প্ৰমাণ কৰি ইতিমধ্যে ৪টা দিনতে ১১ খন দেশলৈ বিয়পি পৰিছে ভাইৰাছবিধ আৰু অৱধাৰিতভাবে এই কাৰণেই গভীৰভাৱে উদ্বিগ্ন হৈ পৰিছে সমগ্ৰ বিশ্ব। এই অ'মিক্ৰনেই কোৰোনাৰ তৃতীয়টো জোৱাৰ আনিব নেকি বুলি আশংকাৰ সৃষ্টি হোৱা দেখা গৈছে জনসাধাৰণৰ মাজত।
ক্লিক কৰি পঢ়কঃ মানুহ হৈ থকা নাই 'মানুহ' অনিমেষ…
ইয়াৰপূৰ্বে ভাৰতত উৎপত্তি হোৱা 'ডেল্টা' প্ৰকাৰৰ কোৰোনা ভাইৰাছবিধ সমগ্র বিশ্বলৈ বিয়পি যি পৰিস্থিতিৰ সৃষ্টি কৰিছিল, তাৰ পৰা এতিয়ালৈকে মুক্ত হ'ব পৰা নাই সমগ্র বিশ্ব। ১৮৫ খন ৰাষ্ট্ৰৰ জনসাধাৰণক সংক্রমিত কৰা ডেল্টা প্ৰকৃতিৰ কোৰোনা ভাইৰাছৰ চৰিত্ৰও অতি দ্রুতগতিত বিয়পিব পৰা। কিন্তু প্রাপ্ত তথ্যমতে অমিক্ৰনৰ সংক্ৰমণৰ গতি ডেন্টাতকৈও বেছি।
সেই কাৰণে উদ্বিগ্নতা বৃদ্ধি পাইছে আৰু ইতিমধ্যে অমিক্ৰন কোৰোনা ভাইৰাছৰ সংক্রমণ ধৰা পৰা ৰাষ্ট্ৰবিলাকৰ সৈতে বিমান কিম্বা অন্যান্য বাহনৰ চলাচল বহু ৰাষ্ট্ৰই বন্ধ কৰি দিছে। আমাৰ ৰাষ্ট্ৰৰ চৰকাৰে দীৰ্ঘদিন বন্ধ হৈ থকা আন্তর্জাতিক বিমানসেৱা পুনৰ আৰম্ভ কৰাৰ নিৰ্দেশ ইতিপূর্বে জাৰি কৰিছিল। কিন্তু অমিক্ৰনৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত এইক্ষেত্ৰত কেতবোৰ বাধ্যবাধকতা আৰোপ কৰিছে। সেই অনুসৰি বিমান চলাচল অব্যাহত থাকিলেও বহিঃৰাষ্ট্ৰৰ পৰা অহা যাত্রীসকলে বিমান বন্দৰত কভিড পৰীক্ষা কৰাৰ লগতে সাত দিন গৃহ নিলগীকৰণত থাকিব লাগিব আৰু অষ্টম দিনা পুনৰ ক'ভিডৰ পৰীক্ষা কৰাৰ পিচতহে সেই যাত্ৰীগৰাকীয়ে মুক্ত বিচৰণৰ অনুমতি পাব।
অৱশ্যে ভাৰতত অ'মিক্ৰন আক্রান্ত আছে নেকি সেইটো অদ্যপৰিমিত নিশ্চিত হোৱা নাই। দক্ষিণ আফ্ৰিকাৰ পৰা মুম্বাইলৈ অহা এজন ব্যক্তি ক'ভিড পজিটিভ বুলি ধৰা পৰিলেও তেওঁ অমিক্ৰনত আক্রান্ত হয় নে নহয় তাৰ পৰীক্ষা চলি আছে। যি কি নহওক, পৰিস্থিতি যথেষ্ট গম্ভীৰ আৰু সেই অনুসৰি ব্যৱস্থা গ্রহণৰো প্ৰয়োজনীয়তা আছে। বিশ্বৰ অন্যান্য ৰাষ্ট্ৰৰ লগতে আমাৰ দেশৰ জনসাধাৰণকো কোৰোনাই জেলোকা জোলোকে পানী খুৱাইছে।
কিমান আক্ৰান্ত হৈছে বা কিমান মৰিছে, সেইটোতো গুৰুত্বপূৰ্ণ হয়েই, তাতোকৈ গুৰুত্বপূৰ্ণ কথা হ'ল অমিক্ৰনৰ ৰূপত কেনেবাকৈ ক'ভিডৰ তৃতীয় জোৱাৰ আহিবলৈ হ'লে আমাৰ দেশবাসীৰ অর্থনৈতিক অৱস্থা হয়তো একেবাৰে ধ্বংস হৈয়ে যাব। কিয়নো দেশবাসীয়ে সম্মুখীন হোৱা দুটা জোৱাৰে ইতিমধ্যে বহুতকে কোঙা কৰি পেলাইছেই।
অর্থনৈতিক বিশেষজ্ঞই প্রকাশ কৰিছে যে আমাৰ দেশৰ বৰ্তমানৰ যি অর্থনৈতিক দুৰৱস্থা, তেনে পৰিবেশ যোৱা ৭০ বছৰত হোৱা নাছিল। গতিকে আৰু এবাৰ গণসংক্রমণ, আকৌ লকডাউন হ'লে পৰিস্থিতি কি হ'ব পাৰে, সেয়া সহজেই অনুমেয়। প্ৰথমবাৰ ক'ভিড সংক্ৰমণৰ পৰিস্থিতি যিমান ভয়াবহ আছিল দ্বিতীয় জোৱাৰত তাৰ মাত্ৰাই তাতকৈও কিমান গুৰুতৰ ৰূপ ল'লে তাৰ অভিজ্ঞতা দেশবাসীৰ হৈছে।
ক'ভিডত কিমান সংক্রমিত হ'ল বা কিমানৰ মৃত্যু হ'ল তাৰ আপেক্ষিক হিচাপ এটা পোৱা যায়, কিন্তু ক'ভিডোত্তৰ জটিলতাত কিমান মানুহে প্রাণ হেৰুৱালে তাৰ সামগ্ৰিক তথ্য নাই। অথচ ক'ভিডতকৈ ক'ভিডোত্তৰ জটিলতাক লৈহে জনসাধাৰণ বেছি চিন্তিত। এই উত্তৰহীন আৰু চিকিৎসাহীন বিষয়টোৱে জনসাধাৰণক উদ্বিগ্ন কৰি ৰখাৰ মাজতে অমিক্ৰনৰ প্রাদুর্ভাৱে জনসাধাৰণক অধিক দুশ্চিন্তাগ্রস্ত কৰি তোলাটো স্বাভাবিক।
দ্রুত সংক্রমণক বাদ দি অমিক্ৰন প্ৰকাৰৰ উৎপৰিবৰ্তিত ক'ভিড ভাইৰাছবিধৰ মাৰক চৰিত্ৰ কেনেকুৱা, তাৰ সবিশেষ তথ্য পোহৰলৈ অহা নাই। কিন্তু অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্রতিষ্ঠান (এইমছ), দিল্লীৰ মুৰব্বী ডাঃ ৰণদীপ গুলেৰীয়াই প্রকাশ কৰা অভিমতেহে বিষয়টোক অধিক শংকাজনক কৰি তুলিছে। ডাঃ গুলেৰীয়াৰ মতে জনসাধাৰণক ইতিমধ্যে যি ভেকচিন দিয়া হৈছে, সেয়া নতুন প্ৰকাৰৰ ভাইৰাছবিধৰ ক্ষেত্ৰত কামত নাহিব পাৰে, কাৰণ ইতিমধ্যে কোৰোনা ভাইৰাছৰ ৩০ বাৰ উৎপৰিৱৰ্তন (মিউটেচন) ঘটিছে।
ফলত পৰিবৰ্তিত ৰূপবোৰৰ ক্ষেত্ৰত ভেকচিনৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়। কেৱল গুলেৰীয়াই নহয়, আমেৰিকাৰ 'মডানা' ভেকচিনৰ প্ৰস্তুতকর্তায়ো অনুৰূপ আশংকাকে ব্যক্তি কৰিছে। যি সময়ত আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে এশ কোটি দেশবাসীক ভেকচিন দিবলৈ সক্ষম হোৱা বাবে কৃতিত্ব দাবী কৰিছে, যিসময়ত আমাৰ ৰাজ্যৰ বাকী ৰৈ যোৱা অংশৰ জনসাধাৰণক ভেকচিন দি সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে, সেই সময়ত এই ডেকচিন কামত নাহিব বুলি উচ্চৰীয় স্বাস্থ্য পদাধিকাৰীয়ে ব্যক্ত কৰাটোৱে জনসাধাৰণৰ মনৰ অৱস্থা কি কৰিব পাৰে, সেয়া সহজেই অনুমেয়।ইয়াৰ অৰ্থ হ'ব ভেকচিনৰ নামত ইমান দিনে যি কচৰৎ চলিল, সেয়া আপাততঃ এতিয়া অর্থহীন। কোৰোনাই জৰ্জৰিত কৰা জনসাধাৰণৰ বাবে এয়া এক নতুন সংকট, নতুন প্রত্যাহ্বান।
এনে অৱস্থাত এটাই ক'ব পাৰি যে যিয়েই নহওক বা যিয়েই নঘটক পৰিস্থিতি আহিলে তাৰ সম্মুখীন হ'বই লাগিব। তাৰ গত্যন্তৰ নাই। গতিকে এনে অৱস্থাত মনৰ সাহসেই হ'ব জনসাধাৰণৰ একমাত্ৰ সম্বল। বেপৰোৱা মনোভাব ল'ব নালাগে, ন্যূনতম যিখিনি স্বাস্থ্যবিধি তাক মানি চলিব লাগে, পৰাপক্ষত জনসমাগম এৰাই চলিব লাগে, পৰিহাৰ কৰিব লাগে অপ্রয়োজনীয় ভ্রমণ, মুখত মাস্কখন অতি জৰুৰী। এইদৰেই আমি সন্মুখীন হ'ব লাগিব সন্মুখৰ পৰিস্থিতিৰ।