মানুহ হৈ থকা নাই ‘মানুহ’ অনিমেষ…

মানুহ হৈ থকা নাই ‘মানুহ’ অনিমেষ…

মৃদুল কুমাৰ সন্দিকৈ

যোৰহাট নগৰৰ ট্ৰাক ষ্টেণ্ডৰ সমীপত ২৯ নবেম্বৰ, ২০২১ত যি দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল সেই ঘটনাই পুনৰ এবাৰ সভ্য মানুহক চিন্তিত কৰি তুলিলে। মানুহৰ হাততেই মানুহৰ এনে অপমৃত্যু কোনো সভ্য দেশতেই কাম্য হ'ব নোৱাৰে। যোৰহাট চহৰৰ মাজমজিয়াত কি ঘটিছিল আচলতে? এচাম উদণ্ড লোকৰ বৰ্বৰতাৰ বাবে এজন সম্ভাৱনাময় যুৱকৰ মৃত্যু ঘটিল।

খুমটাইৰ পৰা এখন গাড়ীৰে তিনিজন যুৱক আহিছিল। তাৰে এজন যুৱকৰ আছিল ছপা ব্যৱসায়। আন এজন যুৱক আছিল বৃত্তিত সাংবাদিক। তৃতীয়জন যুৱক সদৌ অসম ছাত্ৰ সন্থাৰ এজন আঞ্চলিক পৰ্যায়ৰ কৰ্মকৰ্তা। গাড়ীৰে গৈ থকা অৱস্থাত তেওঁলোকে প্ৰত্যক্ষ কৰিছিল এজন লোক পথৰ মাজত পৰি গৈছে।

গাড়ীখন ৰখাই সেই যুৱক কেইজনে আদহীয়া লোকজনক সহায়ৰ বাবে আগবাঢ়ি গৈছিল। আদহীয়া ব্যক্তিজন আছিল সুৰাপান কৰি। সুৰাসক্ত ব্যক্তিজনক উপযাচি সহায় কৰিবলৈ যোৱাটোৱেই যেন কাল হ'ল তেওঁলোকৰ বাবে। গোলাঘাটৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ অনিমেষ ভূঞা, ছাত্ৰ সন্থাৰ প্ৰাক্তন কৰ্মী মৃদুষ্মন্ত বৰুৱাসহ এই উদ্ধাৰকাৰী যুৱক কেইজনকে সুৰাসক্ত ব্যক্তিজনে গাড়ীৰে খুন্দিওৱা বুলি চিঞৰ বাখৰ কৰিলে।

তাৰপাছত সংঘটিত হ'ল এই দুৰ্ভাগ্যজনক ঘটনা। এজন দুজনকৈ সেই স্থানত উদণ্ড কেইবাজনো লোক গোট খালে। উদ্ধাৰকাৰী যুৱক কেইজনে সেই আদহীয়া ব্যক্তিজনক সহায় কৰা বুলি ক'লে যদিও সেই কথা তেওঁলোকে বিশ্বাস নকৰিলে। যিজন ব্যক্তিক তেওঁলোকে উদ্ধাৰ কৰিছিল , তেওঁৰো আছে আন এক কাহিনী।

ড্ৰাগছৰ বাবে এতিয়া অসমৰ প্ৰতিটো প্ৰান্ততে যুৱ উৎশৃংখলতাৰ ঘটনা সহজলব্ধ হৈ পৰিছে। এই সুৰাসক্ত হৈ পৰি যোৱা ব্যক্তিজনৰ এজন পুত্ৰৰ নাম কুলাই দাস। অভিযোগ আছে যে – যোৰহাটত ড্ৰাগছৰ সৰবৰাহ কৰা যি চক্ৰ আছে সেই চক্ৰৰ অন্যতম ব্যক্তি এই কুলাই। ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত হোৱাৰ সূত্ৰে যোৰহাটৰ কিছু উদণ্ড প্ৰকৃতিৰ লোকৰ সৈতে কুলাইৰ সুসম্পৰ্ক।

কুলাইৰ পিতৃক এখন গাড়ীৰে খুন্দিওৱা বুলি খবৰ পোৱাৰ পাছতে সেই স্থানত আহি উপস্থিত হৈছিল ৩০-৪০ জনীয়া এটা উদণ্ড দল। ভোগদৈৰ পাৰতেই থকা এখন গাঁৱত কুলাই দাসৰ ঘৰ। যিখন গাঁও এনে উদণ্ড স্বভাৱৰ বহু যুৱক-যুৱতীৰ অপৰাধজনীত কৰ্মকাণ্ডৰ বাবে পৰিচিত। তাৰপাছত এই উদণ্ড দলটোৱে আৰম্ভ কৰিছিল আক্ৰমণ।

কোনো কথাই তেওঁলোকে শুনিব বিচৰা নাছিল। বৰ্বৰতাৰ সীমা এটা সময়ত চেৰাই গ'ল। প্ৰায় ২০০ মিটাৰতকৈ অধিক দূৰত্ব এই উদণ্ড দলটোৱে মাৰপিট কৰি এজন যুৱকক চোচৰাই নিলে। যুৱকজনে সাহসেৰে তেওঁলোকক বুজাবলৈ চেষ্টা কৰিছিল যে তেওঁলোকে ভুল কৰা নাই। ঘটনাস্থলীলৈ আৰক্ষী আহোতেও যথেষ্ট পলম হৈছিল।

যি সকল লোক তাত উপস্থিত আছিল তেওঁলোকো আছিল নীৰৱ দৰ্শক। সেই বৰ্বৰতাৰেই শেষ ফল স্বৰূপে অনিমেষ ভূঞা নামৰ ছাত্ৰ নেতাজনৰ অকাল মৃত্যু ঘটিল। এনে আসুৰিক ঘটনা যোৰহাট চহৰৰ মাজমজিয়াত মুহূৰ্তৰ ভিতৰতে ঘটি গ'ল। তাৰপাছত চৌদিশে এই ঘটনাক লৈ প্ৰতিক্ৰিয়া। ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাই অনিমেষ ভূঞাৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰি তিনিদিনীয়া শোক পালনৰ কথা ঘোষণা কৰিছে।

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, সভাপতি দীপাংকৰ কুমাৰ নাথে যোৰহাট চহৰৰ মাজমজিয়াত আছু কৰ্মীক হত্যা কৰাৰ উচিত বিচাৰ বিচাৰিছে। এটা দুৰ্ঘটনাৰ অজুহাত লৈ এচাম বৰ্বৰ লোকে নিৰ্দোষী যুৱকৰ ওপৰত আক্ৰমণ চলাই হত্যা কৰা ঘটনাক উপযুক্ত তদন্তৰ দাবী বিচাৰিছে আছুৱে।

উল্লেখযোগ্য যে, আৰক্ষী গৈ পোৱাৰ পূৰ্বেই সেই স্থানত যোৰহাটৰ এটা আছুৰ দল গৈ উপস্থিত হৈছিলগৈ। সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়া অনিমেষ ভূঞাৰ মৃত্যুৰ পাছত সাৰ পাইছে আৰক্ষীয়ে। এইখিনিতে মন কৰিব লগা যে কুলাই দাস নামৰ ড্ৰাগছ সৰবৰাহৰে জড়িত বুলি অভিযুক্ত যুৱকজনক ইয়াৰ পূৰ্বে তিনিবাৰৰো অধিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল।

এই অঞ্চলটোত ড্ৰাগছ ব্যৱসায়ৰ জৰিয়তে অপৰাধ সংঘটিত কৰাৰ এক চক্ৰৰ পৃষ্ঠপোষক কুলাই দাস। প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে, কোনো ভুল নাছিল যুৱক তিনিজনৰ। গাড়ীৰে আগেৰে পাৰ হৈ যাওঁতে হঠাৎ পৰি যোৱা আদহীয়া লোকজনক তেওঁলোকে মানৱীয় দৃষ্টিকোণেৰে সহায় কৰিবলৈহে গাড়ীৰ পৰা নামি গৈছিল।

অবাঞ্চিত এই ঘটনাৰ পাছত আৰক্ষীয়ে চাৰিজন লোকক আটক কৰিছে। আটক কৰা সকলৰ ভিতৰত আছে নিলেশ দাস, বিপুল দাস আৰু অকণি দাস। যোৰহাটৰ আৰক্ষী অধীক্ষকে এই ঘটনাৰে জড়িত সকলক কঠোৰ হাতেৰে দমন কৰাৰ লগতে কঠোৰ শাস্তি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে। প্ৰশ্ন উঠিছে- এনেদৰে উন্মুক্ত লোকে আক্ৰমণ চলাই আইন শৃংখলাজনিত পৰিস্থিতিৰ লগতে নিৰীহ লোকৰ প্ৰাণ কাঢ়ি ল'ব পৰা এই দুষ্ট চক্ৰসকলে কেনেদৰে মুকলিকৈ ঘূৰা-ফুৰা কৰিব পাৰে?

অনিমেষ ভূঞাৰ বাসগৃহত শোকাকুল পৰিৱেশ। ঘৰৰ পৰা সোশৰীৰে ওলাই যোৱা সুথাম ডেকা ল'ৰাটো এনেদৰে হঠাৎ নাইকিয়া হৈ পৰিব বুলি বিশ্বাস কৰিব পৰা নাই পৰিয়ালৰ লোকে। ভুল কাৰ? এনেধৰণৰ পাশৱিক কাণ্ড এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও ৰাজ্যত বহু অমানৱীয় কাণ্ড সংঘটিত হৈছে। যুৱক কেইজনক ইমান নিৰ্মূহভাৱে প্ৰহাৰ কৰা হৈছিল যে সেই কথা প্ৰকাশৰ ভাষা নাই।

প্ৰশ্ন উঠিছে- কেতিয়া এই ধৰণৰ ঘটনাবোৰ আমাৰ সমাজৰ পৰা অন্ত পৰিব? পৰি যোৱা লোকজনক সহায় কৰিবলৈ গৈ গাড়ীৰ ডিগ্গী খুলি পানী উলিয়াই আনিছিল যুৱক কেইজনে। সহায় কৰাৰ পৰিণাম এনেদৰে পালে তেওঁলোকে। এতিয়া আৰক্ষীৰ এই সকল অপৰাধীক অচিৰেই কৰায়ত্ত কৰি শাস্তি দিয়াৰ দায়িত্ব আছে।

মানুহে যদি মানুহক সহায় কৰিবলৈ যাওঁতে এনে আক্ৰমণৰ বলি হয়, তেনেহ'লে কেনেকৈ জীয়াই থাকিব মানৱতা? ইটোৰ পাছত সিটো ঘটনা সংঘটিত হৈ যোৱাৰ পাছতো আমি লোৱা নাই শিক্ষা। বিশেষকৈ ড্ৰাগছ আসক্ত এচাম যুৱ প্ৰজন্মৰ লোকৰ কৰ্মকাণ্ডই যোৱা কিছুদিন ধৰি বাতৰিৰ শিৰোনাম দখল কৰি আহিছে।

ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান চলিছিল। এই যুৱ ছাত্ৰ নেতাজনৰ মৃত্যুৰ সৈতেও ড্ৰাগছৰ প্ৰত্যক্ষ নহ'লেও পৰোক্ষ সম্পৰ্ক আছে। যোৰহাট প্ৰশাসনে এইবোৰ দিশ পৰীক্ষা কৰিব কেতিয়া? যোৰহাট চহৰখনত দিনদুপৰতে যদি এই অৱস্থা, তেন্তে ৰাতি কেনে হ'ব পাৰে সেই পৰিৱেশ! কোৱা হয় যোৰহাট চহৰ এখন ঐতিহ্যমণ্ডিত চহৰ। ভদ্ৰ লোকৰ বাসস্থান।

তেনে এখন ঠাইত এইবোৰ ঘটনা সংঘটিত হ'লে এতিয়া সভ্য সমাজে মুখ লুকুৱাব ক'ত? ইয়াৰ পূৰ্বে অভি-নীল কাণ্ড সংঘটিত কৰাৰ সময়ত সেই কাণ্ড সংঘটিত কৰা সকলৰ সন্দৰ্ভত বহু কথাই চৰ্চা হৈছিল। কোৱা হৈছিল তেওঁলোক অশিক্ষিত। ভাল-বেয়া বুজি নাপায়। কিন্তু চহৰৰ মাজমজিয়াত এইসকলে কি কৰিলে?

মানুহ বুলি ক'বলৈ লাজ লগা পৰিৱেশ এতিয়া। সভ্য হোৱাৰ বিপৰীতে মানুহ অসভ্য হৈ গৈ আছে। ভাল-বেয়া, বিচাৰ-বিবেচনা কৰিব নোৱাৰাকৈ মানুহ তলৰ শাৰীলৈ নামিছে। যোৰহাটৰ এই কাণ্ডৰ বাবে সেইসকল অপৰাধীয়ে দায়ী। কিন্তু আজি চৰ্চা হৈছে যোৰহাটক লৈ। যোৰহাটত এইবোৰ কি ঘটিছে বুলি প্ৰশ্ন উঠিছে।

সৰু কথাতেই এতিয়া মানুহে ইমান প্ৰতিক্ৰিয়া কৰিবলৈ লৈছে। সাধাৰণ গাড়ীৰ পাৰ্কিঙক লৈও সংঘটিত হয় ভয়ংকৰ ঘটনা। গুৱাহাটী মহানগৰীতেই ড্ৰাগছৰ বাবে নিজ ভাতৃক হত্যা কৰা ঘটনাও ঘটিছে । এইবোৰ কাণ্ডই কিহৰ ইংগিত দিয়ে। আমি আচলতে কোন দিশে গতি কৰিছো? নৈতিকতাহীন এই জীৱনত আমি নিৰাপত্তা কেনেকৈ পাম?

মাৰো বুলি মানুহ এটা মাৰি দিয়া সকলৰ বাবে কি সাৱধানবাণী হ'ব পাৰে? এয়া এক সামাজিক সমস্যা হৈ পৰিছে। তেনে প্ৰবৃত্তি কিয় মানুহৰ মনত গঢ় লৈ উঠিছে? সেয়াও বিচাৰ-বিশ্লেষণৰ প্ৰয়োজন হৈ পৰিছে। যোৰহাটৰ কাণ্ডই লজ্জানত কৰিছে আমাৰ সকলোকে। ধিক! এনে কাণ্ড কৰা সকলে কিয় বাৰু এবাৰো নাভাবে- জীৱনৰ মূল্য অমূল্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in