নিজা স্থিতিত অটল জুবিনঃকমতাপুৰৰ বিৰোধিতাৰে ক'লে- অসমখন আৰু ভাগ কৰিলে অস্তিত্বই নাথাকিব...

নিজা স্থিতিত অটল জুবিনঃকমতাপুৰৰ বিৰোধিতাৰে ক'লে- অসমখন আৰু ভাগ কৰিলে অস্তিত্বই নাথাকিব...
নিজা স্থিতিত অটল জুবিনঃকমতাপুৰৰ বিৰোধিতাৰে ক'লে- অসমখন আৰু ভাগ কৰিলে অস্তিত্বই নাথাকিব...

ডিজিটেল ডেস্কঃ 'মই বৰ অসমত বিশ্বাসী মানুহ। বিষ্ণু ৰাভাৰ শিষ্য। মই অসম টুকুৰা টুকুৰ হোৱাটো নিবিচাৰো।'-পৃথক কমতাপুৰ ৰাজ্য গঠনৰ বিৰোধিতাৰ স্থিতিত অটল জুবিন।

শেহতীয়াকৈ পৃথক কমতাপুৰ ৰাজ্য গঠনৰ বিৰোধিতাৰে জুবিন গাৰ্গে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া স্বৰূপে জুবিন গাৰ্গক কমতাপুৰ ৰাজ্য গঠনৰ সপক্ষে থকা একাংশ লোক সমালোচনা কৰাৰ লগতে কমতাপুৰ ফেষ্টিভেলত জুবিন গাৰ্গক নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছে।

ইয়াৰ পিছতে জুবিনে পুনৰ তেওঁৰ নিজৰ স্থিতি স্পষ্ট কৰিছে। সাংবাদিকে কমতাপুৰ ফেষ্টিভেলত জুবিন গাৰ্গক নিষিদ্ধ কৰাৰ বিষয়ত প্ৰশ্ন উত্থাপন কৰাত জুবিনে কয়, অসমত মোক বহু কেইবাৰ বৰ্জন কৰিছে। সেয়া হৈয়ে থাকে।

গোৱালপাৰাত পৃথক কমতাপুৰৰ বিৰোধিতা কৰি কৰা মন্তব্যৰ সন্দৰ্ভত কয়, গোলাপাৰাত অনুষ্ঠান কৰিবলৈ যোৱাৰ সময়ত মোক পৃথক কমতাপুৰ ৰাজ্য গঠনৰ প্ৰচেষ্টা চলি থকাৰ বিষয়ে কৈছিল। মই বৰ অসমত বিশ্বাসী মানুহ। বিষ্ণু ৰাভাৰ শিষ্য। মই অসম টুকুৰা টুকুৰ হোৱাটো নিবিচাৰো।

আলাপ আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধানৰ কথা উল্লেখ কৰি জুবিনে কয়, পৃথক কমতাপুৰ ৰাজ্য বিচৰাসকলৰ দাবীসমূহ পূৰণ কৰিবলৈ চৰকাৰে চেষ্টা কৰালে ভাল। কিন্তু ৰাজ্যখন একেবাৰে টুকুৰা টুকুৰ কৰি থাকিলে অসম নামৰ কোনো অস্তিত্বই নাথাকিব।

অনুষ্ঠানত এনে কাৰণতে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা বুলি মন্তব্য কৰি জুবিনে পুনৰ কয়, বিষয়টো ৰাইজৰ মতামতৰ বাবে এৰিলো। ৰাইজে কি মতামত দিয়ে আৰু চৰকাৰে কি সিদ্ধান্ত লয় তালৈও অপেক্ষা কৰিব লাগিব। এই বিষয়টো হুলস্থুল কৰিবলগীয়া বিষয় নহয়। মই মোৰ নিজৰ মতামত আগবঢ়ালো।

অসমক ভাগ ভাগ কৰাৰ প্ৰসংগত জুবিনে পুনৰ কয়, ব্ৰিটিছে অনা ডিভাইড এণ্ড ৰোল পলিচি চৰকাৰে গ্ৰহণ কৰিছে । সেইটোৰ মই পক্ষপাতি নহয়।

ইফালে কোচ ৰাজবংশীসকলৰ কোনো অনুষ্ঠানলৈ জুবিনক আমন্ত্ৰণ নকৰে বুলি দিয়া হুংকাৰৰ বিষয়ত জুবিনে কয় যে, মোক নিমন্ত্ৰণ নকৰাটো একো ডাঙৰ কথা নহয়। প্ৰতিমা বৰুৱা পাণ্ডেৰ পিছত কোচ ৰাজবংশীৰ আটাইতকৈ বেছি গান ময়েই গাইছো। এতিয়াও মই মঞ্চত, বিদেশত কোচ ৰাজবংশী গীত গাও।কোচ ৰাজবংশী গীত ভাল পাওঁ। সেইবোৰ গান মই থাকিম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in