'কমতাপুৰ গঠন হ'লে তালৈ গান গাবলৈ যাম'

'কমতাপুৰ গঠন হ'লে তালৈ গান গাবলৈ যাম'
'কমতাপুৰ গঠন হ'লে তালৈ গান গাবলৈ যাম'

ডিজিটেল ডেস্কঃ 'কমতাপুৰ ৰাজ্য গঠন হ'লে কমতাপুৰলৈও গান গাবলৈ আহিম।' এই মন্তব্য ৰাজ্যৰ জনপ্ৰিয় সংগীত শিল্পী মানস ৰবীনৰ। পৃথক কমতাপুৰ ৰাজ্য গঠনৰ বিষয়টোৱে চৰ্চা লাভ কৰি থকাৰ মাজতে জাতীয়তাবাদী চিন্তাৰে পৰিপুষ্ট মানস ৰবীনে কৰা এই মন্তব্যই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।

সাংবাদিকৰে হোৱা এক সাক্ষাৎৰ সময়ত শিল্পীগৰাকীয়ে কয়, ভাৰতবৰ্ষত বাস কৰা প্ৰতিজন লোকৰে মত প্ৰকাশৰ স্বাধীনতা আছে। একাংশই ভাবে পৃথক কমতাপুৰ ৰাজ্য গঠন হ'ব লাগে। এই দাবীৰে দীৰ্ঘদিন ধৰি আন্দোলন চলাই আহিছে। আনহাতে কমতাপুৰ হৈ অসমখন ভাগ নহওক বুলি ভবা মানুহো আছে।

পৃথক কমতাপুৰ ৰাজ্য গঠন বিষয়টো এটা ৰাজনৈতিক সিদ্ধান্ত বুলি উল্লেখ কৰি তেওঁ পুনৰ কয়, কমতাপুৰ ৰাজ্য গঠনৰ গোটেই সিদ্ধান্তটো হ'ব এটা ৰাজনৈতিক সিদ্ধান্ত। কোচৰাজবংশীক মাজতে জনজাতীয় মৰ্যাদা দিয়া হৈছিল। আকৌ সেই মৰ্যাদা ঘূৰাই লৈ যোৱা হ'ল। গতিকে এইবোৰ এটা ৰাজনৈতিক সিদ্ধান্ত। ঘোষণাহে কৰিছে। হ'ব, নহ'ব তাৰ কোনো নিশ্চয়তা নাই।

ইফালে 'কা' আন্দোলনৰ প্ৰসংগ উত্থাপন কৰি শিল্পীগৰাকীয়ে কয়, 'কা' আহিব বুলি ক'লে, আমি গোটেইবোৰে আন্দোলন কৰিলো 'কা' আমাক নালাগে, 'কা' আমাক নালাগে। কিন্তু এতিয়া 'কা'ৰ কোনো খবৰ খাতিয়েই নোহোৱা হ'ল।

'কা' আন্দোলন কৰি কোনোবা ৰজা হ'ল। কোনোবা ৰজাঘৰীয়া হ'ল। আমিটো সেই একেই থাকিলো। গান গোৱা মানুহ গান গোৱাই হৈ থাকিলো। কালিলৈ যদি কমতাপুৰো হৈ যায়, আমি কমতাপুৰলৈও আহিম গান গাবলৈ।

শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধ জীয়াই ৰাখিবলৈ আহ্বান কৰি মানস ৰবীনে পুনৰ কয়, মুঠতে শান্তি, সম্প্ৰীতি অটুট থাকিব লাগে। ভূপেন হাজৰিকাৰ কালজয়ী গান মানুহে মানুহৰ প্ৰসংগ উল্লেখ কৰি কয়, মানুহে মানুহক মানুহ হিচাপে ভাবিব লাগে। মৰম চেনেহ অটুট ৰাখিব লাগে। সকলো জাতি, জনগোষ্ঠীৰ মাজ দ্বিধা বা ব্যৱধান বাঢ়িব নালাগে।

বৰ্তমানৰ চৰকাৰখনে ৰাইজৰ মতামত আৰু সংবাদ মাধ্যমক গুৰুত্বহীন কৰাৰ প্ৰসংগত কয়, আজি আমাৰ মতামতৰ কোনো মূল্য নাই। যদিহে চৰকাৰে আমাৰ মতামত লৈ সিদ্ধান্ত ল'লেহেতেন, তেনে নিশ্চয় নিজা মতামত দিলোহেতেন। পূৰ্বে গায়ক হিচাপে কিবা এটা ক'লে শুনিছিল।

আজিকালি পাত্তাই নিদিয়ে। আমাৰ কথা বাদ দিয়ক, হাজাৰ হাজাৰ মানুহে ৰাজপথত আন্দোলন কৰি থাকে। তথাপিও তেওঁলোকৰ কথা নুশুনে। টিভিক আগতে পাত্তা দিছিল। এতিয়া টিভিত কিবা এটা বাজিলেও পাত্তা নিদিয়ে। এতিয়া সময় সেইবোৰ বিষয় বিচৰা কৰাৰ হে।

ক্লিক কৰি পঢ়কঃ হিমালয়ৰ ৰহস্যৰ সন্ধানত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in