দ্বীপেন বৰুৱাক চিনি নোপোৱা, অশ্লীল ভাষাৰে আক্ৰমণ কৰা অনুৰাগীক জুবিনৰ শিক্ষা...

দ্বীপেন বৰুৱাক চিনি নোপোৱা, অশ্লীল ভাষাৰে আক্ৰমণ কৰা অনুৰাগীক জুবিনৰ শিক্ষা...
দ্বীপেন বৰুৱাক চিনি নোপোৱা, অশ্লীল ভাষাৰে আক্ৰমণ কৰা অনুৰাগীক জুবিনৰ শিক্ষা...

ডিজিটেল ডেস্কঃ উদণ্ড, শিষ্টাচাৰহীন জুবিন অনুৰাগীৰ মুখ বন্ধ কৰিবলৈ বাধ্য কৰালে জুবিনে ! দ্বীপেন বৰুৱাক চিনি নোপোৱা এইচাম তথাকথিত অনুৰাগীক উদ্দেশ্যি জুবিনে স্বনামধন্য শিল্পী দ্বীপেন বৰুৱাক কিশোৰ কুমাৰৰ সৈতে তুলনা কৰি ক'লে তেওঁক সন্মান কৰিবলৈ।

১৯৬০ দশকৰ শেষৰ ফালে নিৰ্মিত চুপাৰহিট অসমীয়া ছবি 'ড০ বেজবৰুৱা' ছিকুৱেল 'ড০ বেজবৰুৱা-২' ক কেন্দ্ৰ কৰি ৰাজ্যত বিতৰ্কৰ সুত্ৰপাত হৈছে। অসমীয়া ছবি জগতৰ মহানায়ক প্ৰয়াত নিপন গোস্বামীৰ নিৰ্দেশনাত নিৰ্মিত এই ছবিখনত কণ্ঠ দান কৰিছে জুবিন গাৰ্গে

কেৱল কণ্ঠদান কৰাই নহয় জুবিনে ইয়াত অভিনয়ো কৰিছে। এইখিনিলৈকে সকলো ঠিকেই আছিল। কিন্তু 'ড০ বেজবৰুৱা-২' ৰ গান মুক্তি পোৱাৰ পিছতে 'ড০ বেজবৰুৱা'ত কণ্ঠদান কৰা দ্বীপেন বৰুৱা অসন্তুষ্ট হৈ পৰে। দ্বীপেন বৰুৱাই মুকলিকৈয়ে 'ড০ বেজবৰুৱা'ৰ গান বিকৃত কৰাৰ কথা উল্লেখ কৰি নিজৰ অসন্তুষ্টি প্ৰকাশ কৰে।

ইয়াৰ পিছতে জুবিনৰ একাংশ অনুৰাগীয়ে বৰ্ষীয়ান শিল্পীগৰাকীক সামাজিক মাধ্যমৰ জৰিয়তে আক্ৰমণৰ লক্ষ্য কৰি লয়। অশ্লীল আৰু অমাৰ্জিত ভাষাৰে দ্বীপেন বৰুৱাক কেন্দ্ৰ কৰি এই তথাকথিত জুবিন অনুৰাগীয়ে কৰা আচৰণত ক্ষুদ্ধ হৈ পৰিছে সংস্কৃতিবান প্ৰতিজন অসমীয়া।

তাৰ মাজতেই আকৌ বহুতেই জুবিনৰ প্ৰতিক্ৰিয়ালৈ অপেক্ষা কৰিছিল। গোটেই বিষয়টোক কেন্দ্ৰ কৰি জুবিনৰ মৌনতাক লৈও প্ৰশ্ন উত্থাপন হৈছিল। এনে পৰিৱেশৰ মাজতেই আজি জুবিনে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

কাটাৰ বিশ্বকাপৰ ফুটবল মেচ উপভোগ কৰিবলৈ যোৱা জুবিন এতিয়া আছে ৱাশ্বিংটন ডিচিত। ৱাশ্বিংটন ডিচিৰ পৰাই জুবিনে গোটেই বিতৰ্কৰ সন্দৰ্ভত কয়- প্ৰযোজকে কোৱাৰ দৰেই তেওঁ গানৰ কাম কৰিছে।

জুবিনে কৈছে, তেওঁ 'ড০ বেজবৰুৱা-২' ৰ বাবে নতুনকৈ গান তৈয়াৰ কৰাৰ কথা কৈছিল যদিও প্ৰযোজকে ড০ বেজবৰুৱাৰ চুপাৰহিট গান কেইটাকে ব্যৱহাৰ কৰাৰ কথা কয়। প্ৰযোজকৰ কথা মতেই জুবিনে সেই গান কেইটাৰ সংগীত নতনুকৈ কৰিছে।

সংগীত পৰিচালক হিচাপে সেয়াই জুবিনৰ কাম বুলিও তেওঁ উল্লেখ কৰিছে। তেওঁ কয়, মই চাৰিটা গান কৰিছো। মোক গানৰ কাম কৰিব দিছে যেতিয়া মই নিজৰ মতেই কৰিম।

আনহাতে দ্বীপেন বৰুৱাই তেওঁক কি কথাত বেয়া পাইছে সেই বিষয়ে তেওঁৰ অজ্ঞতাৰ কথা প্ৰকাশ কৰি কয়, অসমলৈ আহিয়েই তেওঁ এই বিষয়ত দ্বীপেন বৰুৱাৰ লগত কথা পাতিব। ইয়াৰোপৰি সামাজিক মাধ্যমত নিজৰ নামৰ আগত ZG লিখি নিজকে জুবিনৰ অনুৰাগী বুলি পৰিচয় দিয়া একাংশৰ অভব্য আচৰণ আৰু অমাৰ্জিত, অশ্লীল কথা, বতৰকালৈ চলি থকা প্ৰতিক্ৰিয়াৰ মাজতেই জুবিনে দ্বীপেন বৰুৱাক কিশোৰ কুমাৰৰ সৈতে তুলনা কৰি সকলোকে তেওঁক সন্মান কৰিবলৈ আহ্বান জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in