অসমৰো হ'ব এটা ফুটবল দল, জিলিকিব বিশ্বত ! প্ৰিয় জুবিনে ল'ব হেনো পদক্ষেপ...

অসমৰো হ'ব এটা ফুটবল দল, জিলিকি বিশ্বত ! প্ৰিয় জুবিনে ল'ব হেনো পদক্ষেপ...
অসমৰো হ'ব এটা ফুটবল দল, জিলিকি বিশ্বত ! প্ৰিয় জুবিনে ল'ব হেনো পদক্ষেপ...

ডিজিটেল ডেস্কঃ চলি আছে কাটাৰ বিশ্বকাপ। ফিফাৰ মেগা ইভেণ্টখনৰ গ্ৰুপ পৰ্যায়ৰ মেচ অন্ত পৰি আৰম্ভ হৈছে ৰাউণ্ড অফ-১৬ ৰ মেচসমূহ। এইবাৰৰ বিশ্বকাপত আৰম্ভণিৰ পৰা বৰ্তমানলৈকে বহু কেইটা অঘটন সংঘটিত হৈছে।

প্ৰতিযোগিতাৰ আৰম্ভণিৰ পূৰ্বৰে পৰা আৰম্ভ হোৱা বিভিন্ন বিতৰ্ক এতিয়াও উৰ পৰা নাই। প্ৰতিদিনেই ন ন বিতৰ্কই কাটাৰ বিশ্বকাপক সৰ্বকালৰ অন্যতম এখন বিতৰ্কিত প্ৰতিযোগিতা হিচাপে চিহ্নীত কৰিছে।

এই বিশ্বকাপক কেন্দ্ৰ কৰি কাটাৰলৈ আগমণ ঘটিছে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ ফুটবল প্ৰেমীৰ। বাদ পৰি ৰোৱা নাই ভাৰতীয় ফুটবল অনুৰাগীও। যিসকলে পাৰিছে বিশ্বকাপ চাবলৈ গৈছে কাটাৰলৈ। কাটাৰৰ ষ্টেডিয়ামৰ গেলাৰীত বহি উপভোগ কৰিছে ফুটবলৰ উন্মাদনা।

নোৱাৰাসকলে টিভিৰ সন্মুখত বহি অথবা মোবাইল হাতত লৈয়ে মেচি, ৰণাল্ডো, নেইমাৰ হঁতৰ দুভৰিৰ যাদু প্ৰত্যক্ষ কৰি সান্তনা লৈছে। ইফালে ষ্টেডিয়ামত বহি খেল চোৱা ভাৰতীয় বুকুত এটা বিষ লৈয়ে পদশিল্পৰ দুভৰিৰ ছন্দত নাচি উঠা ষ্টেডিয়ামৰ গেলাৰীতেই সেই উন্মাদনাৰ সোৱাদ লৈছে।

কেতিয়া বিশ্বকাপত খেলিব ভাৰতে? এটা উত্তৰ নোহোৱা প্ৰশ্ন। সকলোৰে মনত এই একেটাই প্ৰশ্ন। উত্তৰ কিন্তু কাৰো হাতত নাই। তথাপিও সকলোৱে আশা কৰিছে বিশ্বকাপৰ মঞ্চত এদিনা ভাৰতেও পদ শিল্পৰ যাদু দেখুৱাব। ষ্টেডিয়ামৰ গেলাৰীত উৰিব ত্ৰিৰংগা।

কাটাৰলৈ গৈছে বহু অসমীয়াও। অসমৰ পৰা বহু কেইজন লোক কাটাৰলৈ গৈ উপভোগ কৰিছে বিশ্বকাপৰ সোৱাদ। তাৰ মাজত আছে শিল্পী, ক্ৰীড়া অনুৰাগী, ইউটিউবাৰ, ব্যৱসায়ী আদি।

কাটাৰৰ ষ্টেডিয়ামত বহি খেল উপভোগ কৰিছে ইউটিউবাৰ ভূষণ পাঠ, ডিম্পু বৰুৱাই। শেহতীয়াকৈ কাটাৰত গৈ উপস্থিত হৈছে সাংবাদিক প্ৰণয় বৰদলৈ, অসম অলিম্পিক সন্থাৰ সম্পাদৰ লক্ষ্য কোঁৱৰ, ঋতুবৰণ শৰ্মা আদি।

পূৰ্বৰে পৰা বিশ্বকাপৰ প্ৰতিখন মেচত আছে ফটো সাংবাদিক গীতিকা তালুকদাৰ। তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ মহিলা তথা ফটো সাংবাদিক হিচাপে কাটাৰত উপস্থিত আছে। তাৰ মাজতে আকৌ কাটাৰত উপস্থিত হৈছিলগৈ ফুটবল বলিয়া জুবিন। জুবিনক সংগ দিছে সাংস্কৃতিক কৰ্মী জয়ন্ত কাকতি, বংকিম ৰায় মেধি আদিয়ে।

বিভিন্ন সময়ত অসমৰ গাঁৱে-ভূঞে, চহৰে-নগৰে ফুটবল খেলি ফুৰা জুবিনে এইবাৰ কাটাৰ ষ্টেডিয়ামৰ গেলেৰীত বহি তেওঁৰ সমৰ্থন আগবঢ়াইছিল মেচিৰ আৰ্জেণ্টিনাক। অৱশ্যে মেচিয়ে তেওঁক বিমুখ নকৰিলে। সেই খেলখনত আৰ্জেণ্টিনাই শেষ হাঁহি মাৰিলে।

ডিঙিত গামোচা লৈ ষ্টেডিয়ামত আৰ্জেণ্টিনাক সমৰ্থন কৰা জুবিনৰ ফুটবলক লৈ আছে বিশেষ পৰিকল্পনা। অসমৰ ফুটবলক ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰিবলৈ জুবিনে গঠন কৰিব এটা ডাঙৰ ফুটবল দল। যি ফুটবল দলে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰিব।

ইয়াৰ বাবে জুবিনে নিজেই যি কৰিব লাগে সকলো কৰিব। অৱশ্যে তেওঁৰ এই পৰিকল্পনাক সফল কৰিবলৈ বিচাৰিলে চৰকাৰৰ সহযোগিতা। অসম চৰকাৰৰ সহযোগিতা অবিহনে তেওঁৰ এই সপোনে পূৰ্ণতা নাপাব বুলিও মন্তব্য কৰিছে।

জুবিনৰ মতে ফুটবল হৈছে বিশ্ব ক্ৰীড়া। ফুটবল গোটেই পৃথিৱীয়ে খেলে। গোটেই পৃথিৱী ফুটবলৰ জৰিয়তে এক হয়। একেলগে ফুৰ্তি কৰে, আনন্দ কৰে।

যিসকলে বিশ্বকাপ চাইছে তেওঁলোকে এই কথা জানে। ৰাছিয়া আৰু কাটাৰ বিশ্বকাপ উপভোগ কৰি ইয়াৰ সোৱাদ লাভ কৰা জুবিনে পৰৱৰ্তী বিশ্বকাপতো যোৱাৰ কথা উল্লেখ কৰি কয় অসমত এখন ভাল ফুটবল একাডেমী তেওঁ গঢ়িবই।

বিশ্বকাপৰ মাজতে জুবিনে লোৱা এই অংগীকাৰ শীঘ্ৰেই পূৰ্ণ হওক। অসমে ফুটবলৰ জৰিয়তে বিশ্বত জিলিকি উঠক। ৰাজ্যত যদিও ফুটবলৰ সংস্থা আছে, ফুটবলৰ বাবে বিভিন্ন পদক্ষেপ ল'বলৈ ক্ৰীড়া সংগঠক আছে সেই সকলৰ পৰা আৰু অসমে এতিয়া অকো আশা কৰা নাই। আশা কৰিবলৈ বাদ দিলে।

ফুটবলৰ বাবে আচলতে এই সংস্থাই কি কৰিছে বা কি পৰিকল্পনা লৈছে সেই বিষয়ে নাজানে অসমে। মুকলি খেলপথাৰতেই ফুটবল এটা লৈ ইফালৰ পৰা সিফাললৈ দৌৰি ফুৰিছে হাজাৰ হাজাৰ প্ৰতিভাৱান কিশোৰ, যুৱকে। এইসকল প্ৰতিভাধাৰিক যদি জুবিনে উলিয়াই আনিব পাৰে তেন্তে সেয়া হ'ব অসমৰ ফুটবল ক্ষেত্ৰখনৰ বাবেই এক যুগান্তকাৰী পদক্ষেপ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in