
ডিজিটেল ডেস্কঃ জালুকবাৰী সমষ্টিৰ যুৱক-যুৱতীয়ে তৃতীয়, চতুৰ্থবৰ্গৰ চাকৰি নকৰে। জালুকাবাৰীৰ যুৱক-যুৱতীয়ে ১০ জনক সংস্থাপনহে দিব। এই মন্তব্য জালুকবাৰী সমষ্টিৰ বিধায়কৰ।
মুখ্যমন্ত্ৰী হিচাপে নহয় জালুকাবাৰী সমষ্টিৰ বিধায়ক হিচাপেহে আজি সমষ্টিটোৰ মেধাৱী শিক্ষাৰ্থীক সম্বৰ্ধনা জনালে হিমন্ত বিশ্ব শৰ্মাই। চাংসাৰি হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মেধাৱী শিক্ষাৰ্থীক সম্বৰ্ধনা জনাই ড০ শৰ্মাই সমষ্টিটোৰ বিধায়ক হিচাপেহে এই অনুষ্ঠানত অংশগ্ৰহণ কৰা বুলি উল্লেখ কৰে।
সমষ্টিটোত তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত ইয়াৰ শিক্ষা ব্যৱস্থা ৭ হাজাৰ শতাংশ উন্নত হোৱাৰ কথা উল্লেখ কৰি তেওঁ ভৱিষ্যত পৰিকল্পনাৰ কথা উল্লেখ কৰে। জালুিকবাৰী সমষ্টিটোত নিৰ্মাণ হৈ থকা এইমছ ২০২৩ ত মুকলি কৰাৰ কথা ঘোষণা কৰাৰ লগতে উত্তৰ গুৱাহটীত নিৰ্মাণ হৈ থকা অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য পূৰ্ণ গতিত চলি আছে বুলিও কয়।
আনহাতে ব্ৰহ্মপুত্ৰৰ ওপৰত শৰাইঘাটত আন এখন দলং নিৰ্মাণৰ পৰিকল্পনাৰ কথা উল্লেখ কৰি গুৱাহাটী মহানগৰী বাইহাটা চাৰিআলি পৰ্যন্ত সম্প্ৰসাৰিত কৰিব বুলিও কয়।
সমষ্টিটোৰ বিদ্যালয়সমূহক নতুন ৰূপ দিয়াৰ কথা উল্লেখ কৰি তেওঁ কয়, এই বছৰ ১০ খন হাইস্কুল আৰু ১০ খন হায়াৰ ছেকেণ্ডেৰী নতুনকৈ নিৰ্মাণ কৰিম। ইয়াৰ উদ্দেশ্য হ'ল ছাত্ৰ-ছাত্ৰীসকলে প্ৰথম শ্ৰেণীৰ পৰা যাতে দ্বাদশ শ্ৰেণীলৈ একেখন বিদ্যালয়তে অধ্যয়ন কৰিব পাৰে।
এইবছৰৰ পৰাই বিদ্যালয়সমূহত পাঠ্যক্ৰমৰো অলপ অলপ পৰিৱৰ্তন হ'ব। ইংৰাজী আৰু গণিত ইংৰাজী মাধ্যমত পঢ়িম। সমান্তৰালকৈ ভূগোল আৰু বুৰঞ্জীৰো জ্ঞান আহৰণৰ কথা কৈ তেওঁ কয়, জালুকবাৰী সমষ্টিত চি বি এছ ইৰ আৰ্হিত নতুন বিদ্যালয় আৰম্ভ কৰিব বিচাৰিছো।
ইফালে জালুকবাৰীৰ যুৱক-যুৱতীয়ে তৃতীয় আৰু চতুৰ্থ বৰ্গত চাকৰি কৰাৰ পৰিক্ৰমা কেতিয়াবাই এৰি থৈ আহিল বুলি উল্লেখ কৰি তেওঁ ক'লে জালুকবাৰীৰ যুৱক-যুৱতীয়ে এতিয়া দহজনক সংস্থাপনহে দিব ৷