LIVE UPDATE: ছিংগাপুৰৰ পৰা দীঘলীয়া বিৰামাহীন যাত্ৰাঃ এতিয়া সৰুসজাইতে মানুহৰ মাজত তেওঁ ল'ব কিছু জিৰণি...

প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু নাই। ছিংগাপুৰত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অংশ ল'বলৈ যোৱা জুবিন গাৰ্গ আজি স্কুবা ডাইভিঙৰ সময়তে অসুস্থ হৈ পৰে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
zubeen garg live

প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু নাই। ছিংগাপুৰত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অংশ ল'বলৈ যোৱা জুবিন গাৰ্গ আজি স্কুবা ডাইভিঙৰ সময়তে অসুস্থ হৈ পৰে। তাৰ পাছত প্ৰায় এঘণ্টা ধৰি তেওঁ অচেতন অৱস্থাত থকাৰ পাছত মৃত্যুক আকোৱালি লয়। চিকিৎসকৰ আপ্ৰাণ প্ৰচেষ্টাৰ পাছতো ঘূৰি নাহিল আমাৰ প্ৰিয় শিল্পীগৰাকী। 

  • Sep 21, 2025 18:35 IST

    যোৰহাটবাসীৰ আবেগ, আগ্ৰহক সন্মান কৰিও গুৱাহাটীৰ আশেপাশেই বিচাৰিছে জুবিনৰ সমাধি...

    কেবিনেট বৈঠকৰ পূৰ্বে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু কেশৱ মহন্তৰ সংবাদ মেল। এই সংবাদ মেলতে জুবিন গাৰ্গৰ শেষকৃত্যৰ স্থানক লৈ চৰকাৰীভাৱে মন্তব্য কৰে মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। 

    তেওঁ সংবাদ মেলত জনোৱা অনুসৰি অসম চৰকাৰে গুৱাহাটী আৰু যোৰহাটৰ বিভিন্ন স্থানত শেষকৃত্যৰ বাবে ভূমি পৰিদৰ্শন কৰি দুয়োটা স্থানতে সাম্ভাব্য স্থানক লৈ কিছু কাম কৰিছিল। সেই মতেই আজি গৰিমা গাৰ্গৰ সৈতে ৰণোজ পেগু, কেশৱ মহন্ত  আৰু বিমল বৰাই সৰুসজাইতে জুবিনৰ শেষকৃত্যৰ সন্দৰ্ভত আলোচনাত মিলিত হয়।

    এই আলোচনাতে তেওঁলোকে যোৰহাটৰ ৰাইজেও যে জুবিনক তেওঁলোকৰ কাষত বিচাৰিছে সেই কথা অবগত কৰে। যোৰহাটৰ কেইবাটাও স্থানত ইয়াৰ বাবে সাম্ভাব্য ভূমি নিৰ্ধাৰণ কৰাৰ কথাও অৱগত কৰে। কৃষি বিশ্ববিদ্যালয়ে ভূমি দিব বিচৰাৰ কথা অৱগত কৰাৰ লগতে, জিলা প্ৰশাসনে মহবন্ধাতো ভূমিৰ সন্ধান কৰাৰ কথা অৱহত কৰে।

    যোৰহাটবাসীৰ এই আবেগ, আগ্ৰহক সন্মান আৰু শ্ৰদ্ধাৰে তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি গৰিমা শইকীয়া গাৰ্গে কয় যে, তেওঁলোকৰ পিতৃৰ ৮৫ বছৰ বয়স হৈছে আৰু তেওঁ যথেষ্ট অসুস্থ। এই মুহূৰ্তত তেওঁক যোৰহাটলৈ নিব পৰা অৱস্থাত নাই। 

    তেওঁ আৰু কয়, এই মুহূৰ্তত তেওঁলোক সকলো গুৱাহাটীত আছে। সেয়ে তেওঁৰ সমাধি গুৱাহাটীৰ আশেপাশে হলে পৰিয়ালৰ বাবে ভাল। মাহেকে পষেকে তেওঁৰ সমাধিলৈ গৈ থাকিব পাৰিম।

    মন্ত্ৰী ডাঃ পেগুৱে সংবাদ মেলত কয়, চৰকাৰে সমাধিৰ স্থান নিৰ্ধাৰণ নকৰো। পৰিয়ালৰ মানুহে স্থান বাছনি কৰাৰ পাছত আমি চৰকাৰখনে সকলো সহায়, সহোযোগিতা আগবঢ়াম। সেই মতেই আমি কাম কৰিছো।

    মুখ্যমন্ত্ৰীয়েও এই সন্দৰ্ভত যি স্থান নিৰ্ধাৰণৰ কথা কোৱা হৈছে তাত প্ৰস্তাৱিত ভূমি বুলি স্পষ্টকৈ লিখা আছে। সেয়ে সোণাপুৰৰ হাতীমূৰাৰ যিখিনি মাটি পৰিষ্কাৰ কৰিবলৈ দিয়া হৈছে সেই মাটিখিনি উপযোগী হবনে নাই তাক পৰীক্ষা কৰিবলৈহে পৰিষ্কাৰ কৰা হৈছে।

    গৰিমা শইকীয়া গাৰ্গে আমাৰ প্ৰস্তাৱৰ পাছত যি কথা কৈছে সেই কথা আজিৰ কেবিনেট বৈঠকত আমি অৱগত কৰিম।



  • Sep 21, 2025 14:59 IST

    ছিংগাপুৰৰ পৰা দীঘলীয়া বিৰামাহীন যাত্ৰাঃ জিৰণি ল'ব তেওঁ সৰুসজাইত...

    • কাহিলীপাৰাৰ বাসগৃহৰ পৰা সৰুসজাইত আহি উপস্থিত হৈছে জুবিন গাৰ্গ।
    • জুবিনৰ পিছে পিছে সাগৰৰ ঢৌৰ দৰে বিয়পি আহিছে মানুহ আৰু মানুহ। 
    • সৰুসজাইতো জুবিনৰ বাবে ৰৈ আছে আন মানুহৰ আন এখন মহাসাগৰ।
    • কোনোবা যদি আহিছিল শনিবাৰে সন্ধিয়াই আন কোনোবা নিশা। 
    • জুবিনক শেষবাৰৰ বাবে এবাৰ ওচৰৰ পৰা চাবলৈ ৰৈ থকা জনসমুদ্ৰ ৰৈ ৰৈ ভাগৰি পৰা নাই।
    • চাৰিওফালে কেৱল জয় জুবিন দা ধ্বনি আৰু বাজি আছে মায়াবিনি। 



  • Sep 21, 2025 14:34 IST

    আৰু কেতিয়াও ঘূৰি নহাৰ বাটেৰে কাহিলীপাৰাৰ ঘৰখনৰ পৰা ওলাই গ'ল জুবিনদা...

    • কাহিলীপাৰাৰ বাসগৃহৰ পৰা বিদায় ল'লে জুবিন গাৰ্গে।
    • জীৱনত যি আৰ্জিলে সেই সাগৰসম ৰাইজৰ মৰমৰ মাজেৰে অন্তিমবাৰৰ বাবে ঘৰখনলৈ কিছু সময়ৰ বাবে আহিছিল জুবিন। 
    • পৰিয়ালৰ সৈতে কিছু সময় অতিবাহিত কৰি কেতিয়াও ঘূৰি নহাৰ বাটেৰে আকৌ ৰাওনা। 
    • এইবাৰ লক্ষ্যস্থান সৰুসজাই ষ্টেডিয়াম। 
    • তাতেই অনুৰাগীৰ মাজত থাকিব কেইটামান ঘণ্টা। 
    • কাহিলীপাৰাতো চৌদিশে  কেৱল জয় জুবিন দা ধ্বনি।



  • Sep 21, 2025 14:34 IST

    অন্তিমবাৰৰ বাবে পুত্ৰক স্নেহ পৰশ পিতৃৰ!

    কাহিলিপাৰাৰ বাসগৃহত হিয়াৰ আমঠু জুবিনৰ নশ্বৰ দেহ। ফুলেৰে সজাই আপোন ঘৰখনলৈ লৈ অনা হ'ল জুবিনৰ পাৰ্থিৱ শৰীৰ। ১৯ ছেপ্তেম্বৰৰ পৰা জুবিনক এবাৰ চাবলৈ ৰৈ আছিল প্ৰতিগৰাকী কুটুম। অৱশেষত প্ৰাণৰ জুবিনক শেষ শ্ৰদ্ধা জনালে পৰিয়ালৰ প্ৰতিজনে।

    পিতৃ কপিল বৰঠাকুৰ, পত্নী গৰিমা তথা ভগ্নীৰ লগতে প্ৰতিজন আত্মীয়ই শেষবাৰৰ চাইছে জুবিনক। বাসগৃহত পিতৃৰ সৈতে কিছু সময় পাৰ কৰিব তেওঁ। পুত্ৰক শেষবাৰৰ বাবে স্নেহ পৰশ দিলে পিতৃয়ে। পত্নীকো দিলে শেষ সময়কণ। পৰিয়ালে সংগ্ৰহ কৰিলে জুবিনৰ ভৰিৰ চাপ।



  • Sep 21, 2025 14:33 IST

    বিয়লি ৫বজাত প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰিব দেশবাসীক...

    • দেওবাৰে বিয়লি ৫বজাত দেশবাসী সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
    • প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা টুইটযোগে সদৰি কৰা হৈছে এই তথ্য।
    • নৱৰাত্ৰিৰ উপলক্ষে মহালয়াৰ দিনটোত দেশবাসীক সম্বোধন কৰাৰ সময়ত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
    • জি এছ টিৰ হ্ৰাসকে ধৰি বহু গুৰুত্বপূৰ্ণ ঘোষণাৰ মাজত থাকিব পাৰে জুবিন ৰাষ্ট্ৰীয় মৰ্যদা প্ৰদানৰ প্ৰসংগও। 
    • উল্লেখ্যে যে, জুবিনক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপনক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হৈছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
    • প্ৰধানমন্ত্ৰীৰ সৈতে এই সম্পৰ্কত আলোচনা কৰাৰ কথা কৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
    • ইফালে অসমত ৩দিনীয়া ৰাজ্যিক শোক দিৱস ঘোষণা কৰা হৈছে।
    • সমগ্ৰ অসমত বিগত দুটা দিন স্বৰ্তস্ফূতভাৱে বন্ধ আছে দোকান-পোহাৰ আৰু বাণিজ্যিক বাহনৰ চলাচল। 



  • Sep 21, 2025 14:12 IST

    প্ৰায় ২০ বিঘা মাটিত হ'ব হিয়াৰ আমঠু জুবিনৰ সমাধি ক্ষেত্ৰ...

    সোণাপুৰৰ হাতীমূৰাত প্ৰায় ২০ বিঘা মাটিত হ'বপ্ৰিয় শিল্পীগৰাকীৰ সমাধি। মুখ্যমন্ত্ৰী হিমন্ত  বিশ্ব  শৰ্মাই দিল্লীৰ পৰাই উক্ত ঠাই ডোখৰ পৰিদৰ্শন কৰে। হাতীমূৰাৰ কমাৰকুছি ৰাজহুৱা শ্মশানৰ চৌহদতে থকা বিশাল ভূমিতে হ'ব প্ৰাণৰ শিল্পী জুবিনৰ শেষকৃত্য সম্পন্ন কৰা লগতে সমাধি ক্ষেত্ৰ স্থাপন কৰিব।

    উক্ত স্থান পৰিদৰ্শনৰ বাবে তাত উপস্থিত হৈছেগৈ মন্ত্ৰী ৰণোজ পেগু, কেশৱ মহন্তৰ লগতে স্থানীয় বিধায়ক অতুল বৰা। এই সন্দৰ্ভত অতুল বৰাই সং বাদ মাধ্যমক  উদ্দেশ্যি কয় যে, জুবিন গাৰ্গক হেৰুৱাতো আমাৰ বাবে দুৰ্ভাগ্য যদিও সোণাপুৰত মোৰ সমষ্টিত তেওঁৰ সমাধি নিৰ্মানৰ সিদ্ধান্ত এক সৌভাগ্য বুলি অনুভৱ কৰিছো।

    তেওঁ লগতে কয়, আমি ঠাইডোখৰ সুন্দৰকৈ গঢ়ি তুলিব লাগিব। তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ততাতৈয়াকৈ প্ৰায় ৫ বিঘা মাটি পৰিষ্কাৰ কৰি উলিয়াব লাগিব। পৰৱৰ্তি সময়ত ইয়াৰ আশে-পাশে থকা প্ৰায়  ২০ বিঘা মাটিত তেওঁৰ সমাধি ক্ষেত্ৰখন সজাই তুলিব  লাগিব।

    অতুল বৰাই লগতে কয়, এই বিশাল পৰিকল্পনাৰ বাবে কাৰো ঘৰ-দুৱাৰৰ কোনো ক্ষতি নহয়। এই স্থানত সেইখিনিৰ সুবিধা আছে। হাতীমূৰাৰ কমাৰকুছি ৰাজহুৱা শ্মশানৰ চৌহদতে আমি সুন্দৰকৈ সমাধি ক্ষেত্ৰ সাজি উলিয়াম। জনসাধাৰণে আহি তেওঁক চাই চাকি-বন্তি জ্বলাব পাৰিব। এই স্থানত তেওঁৰ সৈতে কিছু সময় অতিবাহি কৰিব পাৰিব।

    উল্লেখযোগ্য যে, গুৱাহাটীৰ সোণাপুৰত জুবিন গাৰ্গৰ শেষকৃত্য হোৱাটো বিচাৰিছে পত্নী গৰিমা গাৰ্গেও



  • Sep 21, 2025 14:10 IST

    অচিৰেই গ্ৰেপ্তাৰ হ'ব শ্যমকানু মহন্ত!

    যিকোনো মূৰ্হুততে গ্ৰেপ্তাৰ হ'ব পাৰে জুবিন গাৰ্গৰ মৃ্ত্যুৰ সৈতে নাম সাঙুৰ খোৱা একাধিক লোক। ইতিমধ্যে চি আই ডিত শনিবাৰে ৰুজু কৰা হৈছিল ১৮/২০২৫নম্বৰৰ গোচৰ। জুবিনৰ অনুৰাগীসকলেও ছিংগাপুৰলৈ শিল্পীজনক লৈ যোৱা শ্যমকানু মহন্তকে ধৰি জুবিনক সংগ দিয়া কেইবাজনো লোকক এই মৃত্যুৰ বাবে দায়ী বুলি অভিযোগ উত্থাপন কৰিছে। 

    যোৱা শনিবাৰে ছিংগাপুৰৰ পৰা তেওঁৰ নশ্বৰ দেহ এয়াৰ ইণ্ডিয়াৰ বিমানেৰে অনা হৈছিল। সেই বিমানতে জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ, তেওঁৰ ভাতৃ সন্দীপন গাৰ্গ, জুবিনৰ ঘনিষ্ঠ বাদ্যযন্ত্ৰ শিল্পী শেখৰো আহিছিল। কিন্তু অসমৰ পৰিস্থিতি দেখি তেওঁলোক দিল্পীৰ পৰা জুবিনৰ নশ্বৰ দেহৰ সৈতে গুৱাহাটী অভিমুখে অহা নাছিল।  জানিব পৰা মতে, দিল্লীৰ এখন হোটেলত বাহৰ পাতি আছে তিনিও। ইফালে ছিংগাপুৰৰ পৰা উভতা নাই জুবিনৰ মৃত্যুৰ বাবে মূল দায়ী বুলি অভিযুক্ত শ্যামকানু। 



  • Sep 21, 2025 14:09 IST

    জুবিনলৈ ৰাষ্ট্ৰীয় মৰ্যদা! বিয়লি ৫বজাত প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰিব দেশবাসীক...

    • দেওবাৰে বিয়লি ৫বজাত দেশবাসী সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
    • প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা টুইটযোগে সদৰি কৰা হৈছে এই তথ্য।
    • জুবিনৰ মৃত্যুক লৈ ৰাষ্ট্ৰীয় শোক দিৱস ঘোষণা কৰিব পাৰে প্ৰধানমন্ত্ৰীয়ে।
    • উল্লেখ্যে যে, জুবিনক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপনক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হৈছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
    • প্ৰধানমন্ত্ৰীৰ সৈতে এই সম্পৰ্কত আলোচনা কৰাৰ কথা কৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
    • ইফালে অসমত ৩দিনীয়া ৰাজ্যিক শোক দিৱস ঘোষণা কৰা হৈছে।
    • সমগ্ৰ অসমত বিগত দুটা দিন বন্ধ কৰি ৰখা হৈছে দোকান-পোহাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ।



  • Sep 21, 2025 10:42 IST

    জুবিনক হেৰুওৱাৰ বেদনা! বৰলুইতত জাঁপ জুবিন প্ৰেমীৰ...

    • আন এজন জুবিন প্ৰেমীৰ মৃ্ত্যু
    • জুবিনৰ বিয়োগৰ শোক ম্ৰিয়মান হৈ লুইতৰ বুকুত জাঁপ দিলে এই জুবিন প্ৰেমীগৰাকীয়ে।
    • শনিবাৰৰ নিশা তেওঁ আছিল গুৱাহাটীত।
    • দেওবাৰে পুৱাই উত্তৰ গুৱাহাটীৰ বুলি এম ভি সুদৰ্শন নামৰ জাহাজখনত উঠিছিল। 
    • সেই জাহাজখনৰ পৰাই এনেদৰে নিজক নিঃশেষ কৰি ব্ৰহ্মপুত্ৰৰ বুকুত জাঁপ দি।
    • যুৱকজনৰ সন্ধানত উদ্ধাৰকাৰী দলৰ অভিযান অব্যাহত। 



  • Sep 21, 2025 09:56 IST

    কেতিয়া হ'ব জুবিনৰ শেষকৃত্য?

    আৰু কিছু সময় পাছতে কাহিলীপাৰাৰ ঘৰ পাবহি জুবিনৰ নশ্বৰদেহ। প্ৰায় এঘণ্টা সময় কাহিলীপাৰাৰ ঘৰত ৰখা হব জুবিনক। তাতেই পৰিয়ালে শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব শিল্পীগৰাকীক। বিমানবন্দৰৰ পৰা পুষ্পসজ্জিত এম্বুলেঞ্চত লখৰা হৈ অনা হৈছে তেওঁক। সমগ্ৰ পথচোৱাত গুণমুগ্ধই অশ্ৰুসিক্ত নয়নেৰে প্ৰিয় শিল্পীজনক জনাইছে শেষ বিদায়। তাৰ পাছতে জুবিনৰ নশ্বৰদেহ লৈ যাব সৰুসজাই লৈ। তাতেই ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰা হৈছে।

    সাজু হৈ আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এনাটমী বিভাগৰ বিশেষজ্ঞ চিকিৎসকৰ দল। সৰুসজাইত জুবিনৰ নশ্বৰদেহ পৰীক্ষা কৰিব চিকিৎসকৰ দলটোৱে। সৰুসজাইত কিমান সময় ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে জুবিনক ৰখোৱা হব সেইয়া নিৰূপণ কৰিব তেওঁৰ পাৰ্থিৱ দেহৰ অৱস্থাৰ ওপৰত। ইতিমধ্যে তিনিদিন হৈ গৈছে জুবিনৰ মৃত্যু হোৱাৰ। যদি নশ্বৰদেহটো ৰখাব পৰা অৱস্থাত থাকে তেনে সোমবাৰৰ দিনটো সৰুসজাইতে ৰখা হব জুবিনক। অন্যথা সোমবাৰৰ বিয়লি ভাগলৈ হ'ব তেওঁৰ শেষকৃত্য।



  • Sep 21, 2025 08:52 IST

    সোণাপুৰৰ হাতীমুৰাত হ’ব জুবিনৰ সমাধিক্ষেত্র

    • জুবিন গাৰ্গৰ সমাধিৰ স্থান নিশ্চিত
    • সোণাপুৰৰ হাতীমুৰাত হ’ব জুবিনৰ সমাধিক্ষেত্র
    • প্রশাসনে ইতিমধ্যে সম্পূৰ্ণ কৰিছে যাৱতীয় প্রস্তুতি
    • মুখ্য সচিবৰ জৰিয়তে মুখ্যমন্ত্রীয়ে ভিডিঅ’ কনফাৰেন্সযোগে পৰিদৰ্শন কৰে ভূমি



  • Sep 21, 2025 07:16 IST

    বৰঝাৰৰ পৰা কাহিলীপাৰাৰ বাসগৃহলৈ জুবিন গাৰ্গৰ অন্তিম যাত্ৰা ...

    • মাতৃভূমিত জুবিন গাৰ্গ।
    • বৰঝাৰৰ পৰা কাহিলীপাৰাৰ বাসগৃহলৈ লৈ যোৱা হৈছে শিল্পীগৰাকীক ।
    • বৰঝাৰৰ পৰা জালুকবাৰীলৈ অজস্ৰ গুণমুগ্ধৰ ভিৰ ।
    • পুষ্পসজ্জিত বাহনেৰে জুবিন গাৰ্গক লৈ যোৱা হৈছে বাসগৃহলৈ।
    • অনুৰাগীসকলে প্ৰিয় শিল্পীগৰাকীলৈ বুলি যাচিছে ফুল।
    • চাৰিওফালে অনুৰাগীৰ ভিৰ, অভাৱনীয় দৃশ্য।
    • পুত্ৰলৈ চকুলো টুকি বাট চাই আছে পিতৃ কপিল ঠাকুৰ।
    • নিজানে- নিতালে কফিনৰ ভিতৰত চিৰনিদ্ৰাত জুবিন গাৰ্গ।
    • অন্তিম যাত্ৰা সাক্ষী হ’বলৈ ৰৈ আছে হাজাৰ- হাজাৰ অনুৰাগী।



  • Sep 21, 2025 06:44 IST

    মই এতিয়া আপোনালোকৰ ওচৰত : জুবিন গাৰ্গ

    • মই এতিয়া আপোনালোকৰ ওচৰত : জুবিন গাৰ্গ। 
    • গুৱাহাটী পালেহি জুবিন গাৰ্গৰ নশ্বৰ দেহ।
    • দিল্লীৰ পৰা বৰঝাৰ বিমান বন্দৰৰ ৰানৱে’ত জুবিন গাৰ্গক কঢ়িয়াই অনা এয়াৰ ইণ্ডিয়াৰ বিমান।
    • জুবিন গাৰ্গৰ লগত আহিছে বন্ধু পবিত্ৰ মাৰ্ঘেৰিটা। 
    • অগণন গুণমুগ্ধৰে ভৰি পৰিছে বৰঝাৰ বিমান বন্দৰ।
    • আশে- পাশেও অসংখ্য ভক্তৰ লানি নিছিগা শাৰী।
    • চাৰিওফালে কেৱল জয় জুবিনদা ধ্বনি।
    • বিমান বন্দৰত উপস্থিত আছে পত্নী গৰিমা শইকীয়া গাৰ্গসহ আত্মীয়।
    • বিমান বন্দৰৰ পৰা পোনে পোনে পুষ্পসজ্জিত বাহনেৰে লৈ যোৱা হ’ব কাহিলীপাৰাৰ বাসগৃহলৈ।
    • কাহিলীপাৰাৰ বাসগৃহত ৰীতি-নীতি সম্পন্ন হোৱাৰ পাছতে লৈ যোৱা হ’ব সৰুসজাইলৈ।



  • Sep 21, 2025 04:35 IST

    পুৱা ৬-৪৫ বজাতহে অসম পাবহি জুবিন গাৰ্গৰ নশ্বৰ দেহ

    পুৱা ৬-৪৫ বজাতহে অসম পাবহি জুবিন গাৰ্গৰ নশ্বৰ দেহ।

    পুৱতি নিশা ৪-২৫ বজাত দিল্লীৰ পৰা গুৱাহাটী অভিমুখে উৰা মাৰিছে চাৰ্টাৰ্ড বিমানখন।

    এয়াৰ ইণ্ডিয়াৰ এই বিশেষ বিমানখনতে অনা হৈছে জুবিন গাৰ্গক।

    কাৰিকৰী বিজুতিৰ বাবে দিল্লীৰ পৰা উৰণত বিলম্ব।

    ছিংগাপুৰৰ অনা কফিন জোখতকৈ ডাঙৰ হোৱাটোও বিলম্ব হোৱাৰ আন এক কাৰণ। 



  • Sep 21, 2025 03:46 IST

    এতিয়া নাহে, পুৱাহে অসম পাবহি জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ

    • এতিয়াই অসম আহি নেপায় জুবিন গাৰ্গৰ নশ্বৰ দেহ।
    • পুৱাহে অসম পাবহি জুবিন গাৰ্গক কঢ়িয়াই অনা বিশেষ বিমানখন।
    • জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ অহা বিমান উৰণত বিলম্ব।
    • অসমলৈ আহিবলগীয়া চাৰ্টাৰ্ড বিমানখনৰ কাৰিকৰী অসুবিধাৰ সম্ভাৱনা !
    • বৰঝাৰ বিমান বন্দৰৰ পৰিস্থিতিক লৈয়ো দিল্লীৰ পৰা বিমান উৰণত বিলম্ব।



  • Sep 20, 2025 23:37 IST

    দিল্লী পালেহি জুবিন গাৰ্গৰ নশ্বৰদেহ।

    • দিল্লীপালেহি জুবিন গাৰ্গৰ নশ্বৰদেহ।
    • ছিংগাপুৰৰ পৰা আহি দিল্লী বিমান বন্দৰত উপস্থিত হ'লজুবিন গাৰ্গক অনা বিমানখন।
    • এয়াৰ ইণ্ডিয়াৰ AIC2116 নম্বৰৰ বিমানখনত অনা হৈছে জুবিনক।
    • কিছু সময় পাছতে অসম অভিমুখে লৈ অনা হ'ব জুবিনক ।
    • লগত থাকিব বন্ধু তথা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিমল বৰা।
    • গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা জুবিনক পোনে পোনে লৈ যোৱা হ'ব কাহিলীপাৰালৈ।



  • Sep 20, 2025 23:32 IST

    বৰহোলাত মৰমৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি

    অসমবাসীৰ হিয়াৰ আমঠু,হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুত শোকস্তব্ধ এতিয়া সমগ্ৰ দেশবাসী৷ প্ৰিয় শিল্পী গৰাকীক হেৰুৱাই শোকত ব্যাকুল হৈ পৰিছে বৰহোলাবাসীৰ লগতে যোৰহাট-গোলাঘাট সীমামূৰীয়া অঞ্চল ঘিলাধাৰীবাসী৷

    প্ৰিয় শিল্পী গৰাকীৰ মৃত্যু খবৰ বিয়পি পৰা পিছতে বন্ধ হৈ পৰে বৰহোলা লগতে ঘিলাধাৰী অঞ্চলৰ সকলো দোকান পোহাৰ,যাতায়ত ৷ গাঁৱে গাঁৱে বিভিন্ন স্থানত চাকি-ধূপ,মাল্যাৰ্পণ কৰি অশ্ৰুসিক্ত নয়নেৰে মৰমৰ শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ 



  • Sep 20, 2025 22:37 IST

    শিল্পী জুবিন গাৰ্গৰ মৃত্যুত উৰিয়া গাঁও আৰু বঢ়মপুৰ অঞ্চলত শোকৰ ছাঁ

    অসমৰ হিয়াৰ আমঠু,যুৱ প্ৰজন্মৰ হাৰ্টথৰ্ব জুবিন গাৰ্গৰ মৃত্যুত সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ বৃহত্তৰ বঢ়মপুৰৰ লগতে উৰিয়া গাঁও অঞ্চলটো গভীৰ শোকৰ ছাঁ পৰিছে। বঢ়মপুৰ আৰু উৰিয়া গাঁও অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান,দল-সংগঠনৰ প্ৰতিনিধি আৰু বহু গাঁৱৰ স্থানীয় ৰাইজে বিশিষ্ট শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি শোকত ম্ৰিয়মান হৈ পৰে।

    উৰিয় গাঁওস্থিত সুন্দৰম নাট্য গোষ্ঠীয়ে আজি সন্ধ্যা মহান শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্রদ্ধা নিবেদন কৰি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। সুন্দৰম নাট্য গোষ্ঠীৰ সভাপতি দেৱানন্দ গোস্বামীয়ে শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

    অনুষ্ঠানত সুন্দৰম নাট্য গোষ্ঠীৰ আন বিষয়ববীয়া,উপদেষ্টা আৰু সদস্যসকলে মহান শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে।কলংপৰীয়া শাখা সাহিত্য সভাৰ উদ্যোগত চকৰিগাঁৱত শিল্পী জুবিন গাৰ্গ স্মৃতিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।



  • Sep 20, 2025 20:45 IST

    গুৱাহাটীৰ আশেপাশেই হ'ব জুবিনৰ শেষ ঠিকনা !

    যোৰহাটবাসীৰ আশা আৰু বহুজনৰ দাবী তথা পৰিয়ালৰ ইচ্ছাৰ পাছতো যোৰহাটৰ পৰিবৰ্তে গুৱাহাটীৰ আশে-পাশেহে জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰাৰ প্ৰস্তুতি আৰম্ভ হৈছে। প্ৰায় এঘণ্টা পূৰ্বে ৰাজ্য চৰকাৰৰ দুগৰাকী জ্যেষ্ঠ মন্ত্ৰী ক্ৰমে ৰণোজ পেগু আৰু বিমল বৰাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহলৈ গৈ এই সন্দৰ্ভত পৰিয়ালৰ সৈতে আলোচনাত মিলিত হয়। 

    জুবিনৰ পিতৃ কপিল বৰঠাকুৰৰ অসুস্থতাৰ বাবেই তেওঁলোকে ইচ্ছা থকাৰ পাছতো যোৰহাটৰ পৰিবৰ্তে গুৱাহাটীৰ আশেপাশেই জুবিনৰ শেষকৃত্য সম্পন্ন হোৱাটো বিচাৰিছে। মধুমেহকে ধৰি অন্যান্য ৰোগত আক্ৰান্ত কপিল বৰঠাকুৰে দীঘলীয়া যাত্ৰা কৰিব নোৱাৰাৰ লগতে তেওঁৰ প্ৰস্ৰাৱ জনিত সমস্যাও আছে। 

    সেয়ে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া আৰু জুবিন গাৰ্গৰ ভগ্নী  পালমি বৰঠাকুৰৰ লগতে তেওঁলোকৰ খুৰাকেও বিচাৰিছে গুৱাহাটীৰ আশেপাশেই হওঁক তেওঁৰ শেষকৃত্য। সেই অনুসৰিয়েই চৰকাৰ তথা প্ৰশাসনে মুঠ ছটা স্থানৰ প্ৰস্তাৱ কৰিছে। এই ছটা স্থানৰ ভিতৰতে যিকোনো এটা স্থানতে হ’ব জুবিন গাৰ্গৰ শেষকৃত্য। অৱশ্যে আনুষ্ঠানিকভাৱে এই কথা এতিয়ালৈকে ঘোষণা কৰা নাই প্ৰশাসন তথা চৰকাৰে।



  • Sep 20, 2025 19:53 IST

    জুবিনৰ হত্যাকাৰী শ্যামকানু! ইখনৰ পিছত সিখন এজাহাৰ দাখিল...

    সাংস্কৃতিক বেপাৰী আখ্যা দি শ্যামকানু মহন্তৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰুজু কৰা হৈছে গোচৰ। বিশ্বনাথ জিলাৰ জিঞ্জিয়া থানাতো দাখিল কৰা হৈছে শ্যামকানুৰ বিৰুদ্ধে আন এখন এজাহাৰ।

    এই এজাহাৰ দাখিল কৰিছে বিশ্বনাথ জিলাৰ যুৱ সাংবাদিক আব্দুল ৱাৰেকে। এজাহাৰত শ্যামকানু মহন্তই জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে।

    ছিংগাপুৰলৈ মাতি নি জুবিন গাৰ্গক হত্যা কৰা বুলি অভিযোগ তুলি তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে আব্দুল ৱাৰিকে। এয়া এক পূৰ্ব পৰিকল্পিত হত্যাকাণ্ড বুলি উল্লেখ কৰিছে এজাহাৰত।

    সমগ্ৰ ঘটনাৰ সঠিক তদন্তৰ দাবী তুলিছে এজাহাৰকাৰীয়ে। ইতিমধ্যে চি আই ডিয়ে ৰুজু কৰিছে জুবিনৰ হত্যাকাণ্ডৰ সন্দৰ্ভত ৰুজু কৰিছে এক গোচৰ। 
    চি আই ডি থানাত ৰুজু কৰা সেই গোচৰৰ নম্বৰ ১৮/২০২৫। ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ৬১(২)/১০৫/১০৬(১) ৰ অধীনত এই গোচৰ ৰুজু কৰা হৈছে।



  • Sep 20, 2025 19:42 IST

    ছিংগাপুৰৰ পৰা উৰিল জুবিন নশ্বৰ দেহ কঢ়িয়াই অনা এয়াৰ ইণ্ডিয়াৰ AIC2116 নম্বৰৰ বিমান...

    • ছিংগাপুৰৰ পৰা উৰা মাৰিছে জুবিন গাৰ্গৰ পাৰ্থিৱ দেহ কঢ়িয়াই অনা এয়াৰ ইণ্ডিয়াৰ বিমান।
    • নিশা ১১ বাজি ৫০ মিনিটত দিল্লী পাবহি এই বিমানখন।
    • তাৰ পৰা জুবিন গাৰ্গৰ নশ্বৰ দেহ অনা হ’ব গুৱাহাটীলৈ।
    • গুৱাহাটীৰ বিমান বন্দৰৰ পৰা পোনে পোনে তেওঁৰ নশ্বৰ দেহ নিয়া হ’ব কাহিলীপাৰৰ বাসগৃহলৈ।
    • কাহিলীপাৰাৰ বাসগৃহত কেৱল পৰিয়ালৰ লোকে দৰ্শন কৰিব পাৰিব জুবিন গাৰ্গৰ পাৰ্থিৱ দেহ।
    • বেছি সময় জুবিন গাৰ্গৰ নশ্বৰ দেহ ৰখা নহয় কাহিলীপাৰাত।
    • প্ৰয়োজনীয় আনুষ্ঠানিকতা সম্পন্ন কৰি জুবিন গাৰ্গক লৈ যোৱা হ’ব সৰুসজাইলৈ।
    • তাতেই প্ৰিয়শিল্পী গৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনাব পাৰিব গুণমুগ্ধই।
    • মহানগৰ আৰক্ষীয়ে ইতিমধ্যে জাৰি কৰিছে প্ৰয়োজনীয় নিৰ্দেশনা।
    • কটকটীয়া কৰা হৈছে মহানগৰীৰ সুৰক্ষা ব্যৱস্থা।
    • সকলো পক্ষকে শান্তি, শৃংখলা বজাই ৰাখিবলৈ আহ্বান মহানগৰ আৰক্ষীৰ।
    • জুবিন গাৰ্গৰ পত্নীয়েও জনাইছে অনুৰূপ আহ্বান।
    • এতিয়ালৈকে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ স্থান আৰু সময় নিৰ্ধাৰণ কৰা হোৱা নাই।
    • পৰিয়ালৰ লোকৰ সৈতে আলোচনা কৰি ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব সেই সিদ্ধান্ত।



  • Sep 20, 2025 18:42 IST

    নিশা ২-৩০ বজাত গুৱাহাটী পাবহি প্ৰিয় শিল্পীগৰাকীৰ নশ্বৰ দেহ

    • নিশা ১২-৩০ বজাৰ পৰা ১ বজাৰ ভিতৰত দিল্লী পাবহি জুবিন গাৰ্গৰ নশ্বৰ দেহ।
    • দিল্লীৰ পৰা পুৱতি নিশা প্ৰায় ২-৩০ বজাত গুৱাহাটী পাবহি প্ৰিয় শিল্পীগৰাকী।
    • VTCRA- এয়াৰ ক্ৰাফ্টযোগে আহিব শিল্পীগৰাকীৰ নশ্বৰ দেহ। 
    • প্ৰথমেই তেওঁৰ নশ্বৰ দেহ পৰিয়ালৰ বাবে লৈ যোৱা হ'ব নিজা বাসগৃহলৈ।
    • তাৰ পাছত সৰুসজাইত অনুৰগীৰ শ্ৰদ্ধাঞ্জলিৰ বাবে থাকিব তেওঁৰ নশ্বৰ দেহ। 



  • Sep 20, 2025 18:21 IST

    জুবিন গাৰ্গৰ মৃত্যুত বৰপেটা চিকিৎসা মহাবিদ্যালয়ত শ্ৰদ্ধাঞ্জলি

    জুবিন গাৰ্গৰ মৃত্যুত বৰপেটা চিকিৎসা মহাবিদ্যালয়ত শ্ৰদ্ধাঞ্জলি। এই সন্দৰ্ভত চিকিৎসা মহাবিদ্যালয়খনৰ ফালৰ পৰা কয় এইদৰে- ১৯ ছেপ্টেম্বৰ ২০২৫ চনত অপ্ৰত্যাশিতভাৱে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আঁতৰি গ'ল আমাৰ মাজৰ পৰা। এই মহান শিল্পীজনৰ আকস্মিক বিয়োগত মৰ্মাহত হৈ আজি ২০ ছেপ্টেম্বৰ তাৰিখে দিনৰ ১ বজাত বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ, উপাধ্যক্ষ ,অধ্যাপক- অধ্যাপিকা ,কৰ্মচাৰীবৃন্দ নাৰ্চ আৰু ছাত্ৰ ছাত্ৰীসকলে তেখেতৰ বিদেহ আত্মাৰ চিৰ শান্তিৰ বাবে ১ মিনিট মৌন প্ৰাৰ্থনা আৰু বন্তি প্ৰজ্বলন তথা তেখেতৰ প্ৰিয় গীতৰ কলি আওঁৰাই তেখেতক স্মৰণ কৰে।
    লগতে এই সভাত তেখেতৰ স্মৃতি জীয়াই ৰাখিবৰ বাবে মহাবিদ্যালয়ৰ বাৰ্ষিক সাংস্কৃতিক সন্ধিয়াটো মহান শিল্পীজনাৰ নামেৰে নামাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

    639d5ae6-d3bb-4791-ba10-ab70e7448e34



  • Sep 20, 2025 17:22 IST

    অসমী আইৰ সু-সন্তান, কণ্ঠ শিল্পী জুবিন গাৰ্গলৈ নগাঁও জিলা প্ৰশাসনৰ শ্ৰদ্ধাঞ্জলি

    অসম তথা ভাৰতৰ বিশিষ্ট কণ্ঠ শিল্পী, গীতিকাৰ, সুৰকাৰ অসমী আইৰ সু-সন্তান জুবিন গাৰ্গে ১৯ ছেপ্টেম্বৰত সকলোকে দুখৰ সাগৰত পেলাই পৰলোকলৈ গতি কৰে। যাৰ সুৱদী কণ্ঠই লাখ লাখ অনুৰাগীৰ হৃদয়ত আশা, আনন্দ, প্ৰেম, সাহস আৰু জীৱনৰ সুৰ অংকুৰিত কৰিছিল ।

    তেওঁ কেৱল এজন গায়ক, সংগীতজ্ঞয়ে নাছিল, তেওঁৰ গীতসমূহ আছিল এক জীৱন্ত অনুভৱ, আছিল প্ৰজন্মৰ পৰা প্ৰজন্মলৈ সকলোৰে স্বপ্ন আৰু অনুপ্ৰেৰণাৰ উৎস। এই গৰাকী অসামান্য শিল্পী, অসমৰ অমৰ সন্তান, জ্যোতিষ্ক স্বৰূপ জুবিন গাৰ্গৰ অকাল প্রয়াণে সমগ্ৰ অসমবাসীৰ লগতে নগাঁও জিলাবাসীৰ হৃদয়ত সৃষ্টি কৰিছে গভীৰ বিষাদ আৰু শূন্যতা।

    এই মহান শিল্পী গৰাকীক শ্ৰদ্ধাৰ্ঘ নিবেদনৰ উদ্দেশ্যে আজি ২০ ছেপ্টেম্বৰত জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰাংগণত এক শোকসভা আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানৰ আয়োজন কৰা হয় । উক্ত অনুষ্ঠানত প্ৰথমেই জিলা আয়ুক্ত, দেৱাশীষ শৰ্মাই শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।  

    ইয়াৰ পিছতেই উপস্থিত সকলোৱে মহান শিল্পীগৰাকীৰ আত্মাৰ চিৰশান্তি কামনাৰে ১ মিনিট মৌন প্রার্থনা জনায়। অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত দেবযানী চৌধুৰী, জিলাৰ অতিৰিক্ত আয়ুক্তসকল, সহকাৰী আয়ুক্তসকল ,জিলা তথ্য আৰু জনসংযোগ বিষয়াকে প্ৰমুখ্য কৰি জিলা প্ৰশাসনৰ অন্যান্য বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত থাকি শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। 

    মহান শিল্পীগৰাকীৰ আত্মাৰ সদগতি কামনাৰ্থে জিলাখনৰ সকলো শিক্ষানুষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ।



  • Sep 20, 2025 16:02 IST

    প্ৰিয় শিল্পীলৈ শেষ শ্ৰদ্ধাঞ্জলি জনাই পথত গীত গাই, আঁঠু লৈ উচুপি উঠিল অনুৰাগী

    • মঙলদৈৰ ৰাজপথলৈ ওলাই আহিল জুবিন অনুৰাগী।
    • বাইক ৰেলীৰে শেষ শ্ৰদ্ধাঞ্জলি জুবিন গাৰ্গক।
    • ছিপাঝাৰৰ হেদায়েটপুৰৰ পৰা শ শ অনুৰাগীয়ে বাইকেৰে মঙলদৈলৈ আহে।
    • জয় জুবিন দা ধ্বনিৰে উত্তাল মঙলদৈৰ আকাশ বতাহ।
    • স্বতঃস্ফূত ভাবে ওলাই আহিল হাজাৰ হাজাৰ অনুৰাগী।
    • মঙলদৈৰ ৰাজপথত গীত গাই গাই শেষ বিদায় জনালে অনুৰাগীয়ে।
    • পথত গীত গাই, আঁঠু লৈ উচুপি উঠিল অনুৰাগী।



  • Sep 20, 2025 15:57 IST

    জুবিন গাৰ্গৰ প্ৰতি অসম কৃষি সঞ্চালকালয়ৰ শ্ৰদ্ধাঞ্জলি

    প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ প্ৰতি অসম কৃষি সঞ্চালকালয়ৰ শ্ৰদ্ধাঞ্জলি। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ কেইবাখনো ফটো আপোলড কৰি কৃষি সঞ্চালকালয়ৰ ফেচবুক পেজত লিখিছে এইদৰে- অসম কৃষি সঞ্চালকালয়, অসমৰ খানাপাৰাস্থিত কাৰ্যালয়ত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পমাল্য অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কৃষি সঞ্চালত প্ৰমুখ্যে কৃষি বিভাগৰ অন্যান্য বিষয়া-কৰ্মচাৰীয়ে।

    জুবিন গাৰ্গৰ প্ৰতি অসম কৃষি সঞ্চালকালয়ৰ শ্ৰদ্ধাঞ্জলি



  • Sep 20, 2025 15:07 IST

    যোৰহাট হ'ব পাৰে জুবিনৰ শেষ ঠিকনা...

    যোৰহাট জুবিনৰ আপোন ঠাই। যোৰহাটতে জুবিনে পাৰ কৰিছে জীৱনৰ কেইবাটাও সেউজ বসন্ত। সেয়ে যোৰহাট হ'ব পাৰে জুবিনৰ শেষ ঠিকনা। মুখ্যমন্ত্ৰীয়ে সেউজ সংকেত দিয়াৰ পাছতে বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে পৰিদৰ্শন কৰিছে কেইবাটাও স্থান।

    উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ শেষ ঠিকনা যোৰহাট হ'ব লাগে বুলি আহ্বান জনাইছিল বহুলোক, দল-সংগঠনে। অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়েও জনাইছিল আহ্বান। 

    ইফালে যোৰহাট কৃষি বিশ্ববিদ্যালয়ে জুবিনৰ অন্তিম সৎকাৰৰ বাবে যোৰহাটৰ লিচুবাৰীত দান কৰিছে ৫ বিঘা ভূমি। অসম চৰকাৰক এই প্ৰস্তাৱ দিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। আন এক সূত্ৰৰ মতে, টিয়কৰ চটাইত সম্পন্ন হব জুবিনৰ শেষকৃত্য। অৱশ্যে এতিয়ালৈ আনুষ্ঠিনকভাৱে হোৱা নাই কোনো ঘোষণা।



  • Sep 20, 2025 15:05 IST

    AJYCP ৰ মুখ্য কাৰ্যালয়ত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলিঃ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ চৰকাৰৰ পৰা বিচাৰিলে ভূমি

    প্ৰয়াত শিল্পী জুবিন গাৰ্গলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শ্ৰদ্ধাঞ্জলি।আজি গুৱাহাটী মহানগৰীৰ মাজ মজিয়াৰ চানমাৰিত থকা এ জে ৱাই চি পিৰ মুখ্য কাৰ্যালয় বিষ্ণু ৰাভা ভৱনৰ চৌহদত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সংগঠনটোৰ সভাপতি পলাশ চাংমাইকে ধৰি বহু কেইজন নেতা, কৰ্মী উপস্থিত আছে।

    এই অনুষ্ঠানৰ পৰাই পলাশ চাংমায়ে প্ৰয়াত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এ জে ৱাই চি পিৰ সৈতে থকা জুবিনৰ সম্পৰ্কক ৰুমন্থন কৰে আৰু জুবিন গাৰ্গে আজীৱন এ জে ৱাই চি পিৰ সৈতে থাকিব বুলি মন্তব্য কৰাৰ কথাও উল্লেখ কৰে।

    তাৰোপৰি তেওঁ ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে যি ঘটনা সংঘটিত হল তাৰ উচিত তদন্তৰো দাবী উত্থাপন কৰে। অন্যহাতে জুবিন গাৰ্গৰ এটা পূৰ্ণ অবয়ৱৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ সংগঠনটোক গুৱাহাটীত ভূমি আৱণ্টন দিবলৈ চৰকাৰলৈ আহ্বান জনাই পলাশ চাংমায়ে।এই অনুষ্ঠানতে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তয়ো জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই পুষ্পাঞ্জলি অৰ্পণ কৰে।



  • Sep 20, 2025 13:44 IST

    তেওঁৰ সৈতে কাম কৰাৰ সৌভাগ্য মোৰ জীৱনৰ এক মহান অভিজ্ঞতা হৈ থাকিব- শ্ৰেয়া ঘোষাল

    জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰিয়ে শোকস্তব্ধ কৰিছে বলিউডকো। বলিউডৰ প্ৰখ্যাত সংগীত শিল্পী শ্ৰেয়া ঘোষালে তেওঁৰ ইনষ্টাগ্ৰামৰ জৰিয়তে জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ কৰি এই খবৰে তেওঁৰ হৃদয় ভাঙি পেলাইছে বুলি উল্লেখ কৰিছে। 

    জুবিন গাৰ্গক দেশৰ আইকন আখ্যা দি তেওঁক মেগাষ্টাৰ আৰু এজন সুন্দৰ মানুহ আছিল বুলিও উল্লেখ কৰিছে। জুবিনৰ শিল্প শৈলী, তেওঁৰ কণ্ঠৰ প্ৰতি সদায় অনুৰাগী আছিলো বুলি উল্লেখ কৰি শ্ৰেয়া ঘোষালে আৰু কয় কিছু অসমীয়া আইকনিক গানৰ সৈতে তেওঁৰ সৈতে কাম কৰাৰ সৌভাগ্য মোৰ জীৱনৰ এক মহান অভিজ্ঞতা হৈ থাকিব। 



  • Sep 20, 2025 13:04 IST

    শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ৰুজু হোৱা এজাহাৰ চি আই ডিলৈ স্থানান্তৰিত কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

    ফেচবুকত মুখ্যমন্ত্ৰীৰ মন্তব্য- 

    ''আমাৰ মৰমৰ জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক আৰু আকস্মিক মৃত্যুৰ সন্দৰ্ভত শ্ৰীশ্যামকানু মহন্ত আৰু শ্ৰীসিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে একাধিক এজাহাৰ দাখিল কৰা হৈছে। মই অসম আৰক্ষীৰ মাননীয় আৰক্ষী সঞ্চালক প্ৰধানক  সমূহ এজাহাৰ চি আই ডিলৈ স্থানান্তৰ কৰিবলৈ আৰু পুংখানুপুংখ তদন্তৰ বাবে এটা সংহত গোচৰ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছোঁ।''

    HBS 19



  • Sep 20, 2025 12:50 IST

    ''ৰাতি পুৱাল বুলি ভাবিলো, ভাবিলো বৰ বেয়া সপোন এটা দেখিলো, পিছে এই ৰাতি আৰু নুপুৱায়''

    নাট্যকাৰ, গীতিকাৰ ৰাজদ্বীপৰ বিশেষ ফেচবুক পোষ্ট- 
    ''ৰাতি পুৱাল বুলি ভাবিলো.. ভাবিলো বৰ বেয়া সপোন এটা দেখিলো.. পিছে এই ৰাতি আৰু নুপুৱায়.. এই সপোন আৰু নাভাগে... বেয়া সপোনটোৰ মাজতে আবদ্ধ হৈ ৰ'লো আমিবোৰ...আজীৱন...!
    সিপাৰে ভালে থাকিব দাদা, বহুত কাম আধৰুৱা হৈ ৰ'ল, আপুনিবিহীন ইপাৰে এতিয়া কেৱল অপেক্ষা...সিপাৰলৈ গৈ আপোনাক লগ পোৱাৰ অপেক্ষা।

    WhatsApp Image 2025-09-20 at 12.49.42



  • Sep 20, 2025 12:39 IST

    ছিপাঝাৰত জুবিন গাৰ্গৰ শ্রদ্ধাঞ্জলি অনুষ্ঠানত অঘটন

    • ছিপাঝাৰত জুবিন গাৰ্গৰ শ্রদ্ধাঞ্জলি অনুষ্ঠানত অঘটন
    • শ্রদ্ধাঞ্জলি চলি থাকোতেই ঢলি পৰিল চাৰিগৰাকীকৈ ছাত্রী
    • ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত এই ঘটনা
    • অসুস্থ ছাত্রীকেইগৰাকীক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত



  • Sep 20, 2025 12:28 IST

    জুবিন গাৰ্গৰ মৃত্যুত এবছুৰ শোক প্ৰকাশ...

    ছিংগাপুৰত অকাল মৃত্যুক সাৱটি লোৱা জুবিন গাৰ্গৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে নিখিল বড়ো ছাত্ৰ সন্থাই। এক বিবৃতিত এবছুৱে শিল্পী, গায়ক, সংগীত পৰিচালক, সুৰকাৰ, গীতিকাৰস অভিনেতা, পৰিচালক জুবিন গাৰ্গৰ মৃত্যুত গভীৰ শোক আৰু দুখ প্ৰকাশ কৰিছে। 

    বিবৃতিত তেওঁলোকে জুবীন গাৰ্গক কেৱল এজন সংগীতশিল্পী নহয় বুলি উল্লেখ কৰি কয় যে,  তেওঁ আছিল এক প্ৰতিষ্ঠান, একতা, পৰিচয় আৰু প্ৰেৰণাৰ প্ৰতীক। যিয়ে অসম তথা অসমৰ বাহিৰতো কোটি কোটি মানুহক স্পৰ্শ কৰিছিল। নিজৰ অনুপম কণ্ঠৰ জৰিয়তে বড়ো সংগীতলৈও অমূল্য অৱদান আগবঢ়োৱাৰ কথা উল্লেখ কৰি সংগঠনটোৱে কয়, কলা, সংস্কৃতি আৰু সমাজৰ প্ৰতি তেওঁৰ এই অনন্য অৱদান সদায় স্মৰণীয় হৈ থাকিব আৰু আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব।

    জুবিনৰ অনুপস্থিতিত যদিও শূন্যতাৰ সৃষ্টি হৈছে তথাপিও তেওঁৰ সুৰে একতা, আশা আৰু পৰিচয়ৰ অনুপ্ৰেৰণা যুগাই থাকিব বুলি উল্লেখ কৰি এবছুৱে শোকাহত পৰিয়াল, বন্ধুবৰ্গ আৰু কোটি কোটি অনুৰাগীক গভীৰ সমবেদনা জ্ঞাপন কৰিছে। 

    WhatsApp Image 2025-09-20 at 12.10.49



  • Sep 20, 2025 11:19 IST

    মৰণোত্তৰ পৰীক্ষা সম্পন্ন হলেও প্ৰিয় শিল্পীৰ দেহত নাথাকে কোনো কটা দাগ

    ছিংগাপুৰৰ জেনেৰেল হাস্পতালত সম্পন্ন হৈ গ'ল জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা। অৱশ্যে এই মৰণোত্তৰ পৰীক্ষাৰ পাছতো তেওঁৰ দেহত নাথাকে কোনো কটা-চিঙাৰ দাগ। 

    কিয়নো Virtual autopsy কৰা হৈছে জুবিন গাৰ্গৰ। তেওঁৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছে CT SCANS, 3D VISUALIZATION আৰু Bedside MRI ৰ জৰিয়তে। 



  • Sep 20, 2025 11:01 IST

    অসমৰ দৰেই বেংগলত জুবিনে এৰি গৈছে এখন সাম্ৰাজ্যঃ জুবিনৰ অন্তিম গীত মিক্সিং কৰিলে জীত বেনাৰ্জীয়ে...

    মুম্বাইৰ ষ্টুডিঅ’ত বহি তেতিয়া তেওঁ এটা গানৰ মিক্সিঙৰ কাম কৰি আছে। সেই সময়তে তেওঁ লাভ কৰিলে সেই খবৰ। প্ৰিয় বন্ধু জুবিন গাৰ্গ আৰু নাই। কিছু সময়ৰ বাবে বাকৰুদ্ধ হৈ পৰিল তেওঁ। কাণত তেতিয়াও তেওঁৰ বাজি আছে জুবিন গাৰ্গে কণ্ঠ নিগৰোৱা তেওঁৰ এটা নতুন গান। যিটো গানৰ মিক্সিঙৰ কাম তেওঁ কৰি আছিল।

    পশ্চিম বংগৰে নহয়, দেশৰে এগৰাকী প্ৰসিদ্ধ সংগীত পৰিচালক জীত বেনাৰ্জীৰ জুবিন গাৰ্গৰ সৈতে আছিল ৩০ বছৰৰ সম্পৰ্ক। এই জীত বেনাৰ্জীয়েই মুম্বাইৰ ষ্টুডিঅ’ত বহি সম্ভৱতঃ জুবিনৰ অন্তিম বাংলা ভাষাৰ গানটোৰ কাম প্ৰায় শেষ কৰিলে। তাৰ পাছত এতিয়া কেৱল সেই সকলোবোৰ জীতৰ বাবে হৈ ৰ’ল স্মৃতি।
    অসমত অনামিকা, মায়াৰ দৰেই বেংগলত অতি জনপ্ৰিয় জুবিনে বাংলা ভাষাত গোৱা গানবোৰ। জীত বেনাৰ্জীৰ দৰে সংগীত পৰিচালকে বেংগলৰ গায়কে শব্দৰ শুদ্ধ উচ্চাৰণ নকৰিলেই কয়, যোৱা অসমলৈ গৈ জুবিনৰ পৰা শিকি অহা কিদৰে শব্দৰ উচ্চাৰণ কৰিব লাগে। 

    সবিশেষ তলৰ লিংকতঃ

    অসমৰ দৰেই বেংগলত জুবিনে এৰি গৈছে এখন সাম্ৰাজ্যঃ জুবিনৰ অন্তিম গীত মিক্সিং কৰিলে জীত বেনাৰ্জীয়ে...



  • Sep 20, 2025 10:34 IST

    মৰণোত্তৰ পৰীক্ষা সম্পন্ন প্ৰিয় শিল্পীৰঃ শেখৰজ্যোতি, সন্দীপন আৰু সিদ্ধাৰ্থৰ হাতত অৰ্পণ নশ্বৰ দেহ...

    মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক্স হেণ্ডেলৰ জৰিয়তে জনাইছে ছিংগাপুৰত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছে। তাৰোপৰি ভাৰতীয় দূতাবাসৰ  বিষয়াসকলৰ উপস্থিতিত সংগী দল শেখৰজ্যোতি গোস্বামী, সন্দীপন গাৰ্গ আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ হাতত নশ্বৰ দেহ অৰ্পণ কৰা হৈছে।

    WhatsApp Image 2025-09-20 at 10.30.03



  • Sep 20, 2025 09:30 IST

    জুবিন বিহীন নিশাঃ গৰিমাই চাই থাকিল মাথোঁ এখন বিশেষ ফটো, ক'লে বহু কথা...

    ওৰে নিশা জুবিনৰ ফটো আৰু জুবিনৰ কথা কৈ কৈ কান্দি সময় কটালে পত্নী গৰিমাই। এগৰাকী শিল্পীয়ে অংকণ কৰা জুবিনৰ এখন বিশেষ ফটো চাই গৰিমাই উপস্থিত সকলোকে কৈছিল- কিমান যে মৰম লগা ফটো এইখন। কিমান ধুনীয়া মুখখন। 

    0207ea9e-75f1-4cbc-9dc1-e8eb42860797
    ফটো- শিৱানু বৰা

    জুবিনে পশু পখীৰ প্ৰতি যতন কেনেদৰে লৈছিল, কেনেকৈ  গছ লতাক ভাল পাইছিল এই সকলোবোৰ কথা সোঁৱৰি ওৰে নিশা কটালে পত্নী গৰিমাই। মাজনিশা ৰ ঘৰত উপস্থিত থকা লোকসকলক পত্নী গৰিমা গাৰ্গে জুবিনে পুহিবলৈ লোৱা বান্দৰটো, বগলী, কাউৰীজনী কথা কৈ কৈ বৰকৈ কান্দিছিল।

    6b7bac32-9a25-4512-b7ea-ead188c368e5
    ফটো- শিৱানু বৰা

    জুবিনে সেই বান্দৰটোৰ নাম দিছিল মধুসূদন গাৰ্গ । এজনী বগলীয়ে আঘাত পাই পৰি থকা দেখি এদিন সেই বগলীজনীকো লৈ আহি চিকিৎসা কৰিছিল জুবিনে । সেই বগলীজনীৰো এটা নাম দিছিল জুবিনে । গৰিমাই ক'লে যে,  "গল্ডীয়ে বগলীজনীৰ নাম দিছিল উদাসীনী গাৰ্গী ।



  • Sep 20, 2025 09:29 IST

    ছিংগাপুৰ- বিদেশ মন্ত্ৰালয়ৰ পৰা আহিছে শেহতীয়া কি খবৰ...

    বহু খবৰ ইতিমধ্যে বিয়পিছে। সঠিক খবৰবোৰৰ বিপৰীতে অনুমানিক আৰু সম্ভাৱনামূলক খবৰে চানি ধৰিছে। ৰৈ আছে জুবিন গাৰ্গৰ বাবে সকলো। চাব খোজে শেষ বাৰৰ বাবে হেপাঁহ পলুৱাই প্ৰিয় মানুহজনক। শনিবাৰে জুবিন গাৰ্গৰ নশ্বৰ দেহ স্বদেশলৈ ঘূৰাই আনিবৰ বাবে সকলো প্ৰকাৰৰ চেষ্টা অব্যাহত ৰখা হৈছে।

    সাগৰৰ পানীত আকস্মিকভাৱে অসুস্থ হৈ পৰা জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত ছিংগাপুৰ আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে। জুবিনৰ সৈতে থকা ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া আটাইকেইগৰাকীকে সোধপোচ কৰিছে আৰক্ষীয়ে। জুবিনৰ সৈতে সেই সময়ত আছিল তেওঁৰ মেনেজাৰ সিদ্ধাৰ্থ, তেওঁৰ অনুষ্ঠানৰ সংগী তথা বাদ্যযন্ত্ৰ শিল্পী শেখৰ আৰু জুবিনৰ সম্বন্ধীয় ভাতৃ সন্দীপন গাৰ্গ।

    ছিংগাপুৰৰ নিয়ম অনুসৰি, শনিবাৰে তেওঁৰ পেথলজিকেল পৰীক্ষাসমূহ ইতিমধ্যে কৰি থকা হৈছে। ছিংগাপুৰৰ জেনেৰেল হস্পাতালত সম্পন্ন হৈ আছে সেই পৰীক্ষা। ভাৰতীয় সময় অনুসৰি দিনৰ ১১-১২বজাৰ ভিতৰত আটাইবোৰ পৰীক্ষা সম্পন্ন হ'ব বুলি চিকিতসালয় কৰ্তৃপক্ষই জানিবলৈ দিছে।

    তাৰ পিছতেই ছিংগাপুৰত থকা ভাৰতৰ উচ্চায়ুক্তৰ কাৰ্যালয়ে জুবিনৰ নশ্বৰ দেহ ভাৰতলৈ প্ৰেৰণৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব। ইয়াৰ বাবে অৱশ্যে কেইবাখন এন অ চিৰ প্ৰয়োজন হ'ব। ছিংগাপুৰত থকা এক সূত্ৰই জানিবলৈ দিয়া মতে এতিয়ালৈকে কোনো বিমানৰ ব্যৱস্থা কৰাৰ কথা তেওঁলোকে জনা নাই। 



  • Sep 20, 2025 08:19 IST

    জুবিন বিহীন প্ৰথমটো পুৱা...

    ডিজিটেল ডেস্কঃ জুবিন বিহীন প্ৰথমটো ৰাতিপুৱা। সেমেকা বতৰ, বিষন্ন মন। পুৱতি নিশাৰে পৰা বৰষুণ। বতৰেও যেন বুজি পাইছে অসমবাসীৰ মনত আজি কিমান দুখ। ইফালে শনিবাৰে বিয়লিভাগত জুবিনৰ নশ্বৰ দেহ অসম পোৱাৰ সম্ভাৱনা আছে। সাজু কৰি তোলা হৈছে সৰুসজাই ষ্টেডিয়াম। যান-বাহনৰ ক্ষেত্ৰতো বিশেষ কিছু নীতি-নিয়ম অচিৰেই ৰাজহুৱা কৰিব গুৱাহাটী আৰক্ষীয়ে। 



  • Sep 19, 2025 21:17 IST

    অসম জাতীয় বিদ্যালয়ৰ ছয়মহীয়া পৰীক্ষা বাতিল

    • অসম জাতীয় বিদ্যালয়ৰ ছয়মহীয়া পৰীক্ষা বাতিল। 
    • জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে এই সিদ্ধান্ত অসম জাতীয় বিদ্যালয়ৰ।
    • শনিবাৰৰ পৰীক্ষা বাতিল কৰিছে বিদ্যালয়খনে। 
    • বাতিল হোৱা পৰীক্ষাৰ দিন পৰৱৰ্তী সময়ত জাননীৰ যোগে অৱগত কৰিব কৰ্তৃপক্ষই। 



  • Sep 19, 2025 21:13 IST

    শ্যামকানু মহন্তৰ বিৰুদ্ধে এজাহাৰ দাখিল...

    • ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল।
    • মৰিগাওঁ আৰক্ষী থানাত দাখিল কৰা হৈছে এই এজাহাৰ।
    • শ্যামকানু মহন্তৰ বিৰুদ্ধে অধিবক্তা ৰাতুল বৰাই দাখিল কৰিছে এজাহাৰখন।
    • এজাহাৰত অভিযোগ অনা হৈছে, শ্যামকানু মহন্তৰ বাবেই জুবিন গাৰ্গৰ বৰ্হি ৰাষ্ট্ৰত মৃত্যু হৈছে।
    • এজাহাৰত শ্যামকানু মহন্তই গান গাবৰ বাবে মাতি তেওঁক হত্যা কৰাৰ অভিযোগ কৰা হৈছে।
    • অধিবক্তাগৰাকীয়ে মৰিগাওঁ সদৰ থানাত ৰুজু কৰিছে এই গোচৰ।

    WhatsApp Image 2025-09-19 at 20.41.41



  • Sep 19, 2025 21:11 IST

    শনিবাৰ নে দেওবাৰে পাবহি প্ৰিয় শিল্পীৰ নশ্বৰদেহ? কেন্দ্ৰীয় বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই জনালে সবিশেষ...

    শনিবাৰ নে দেওবাৰে অসম পাবহি প্ৰিয় শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহ? এই প্ৰশ্নক লৈ কিছু বিভ্ৰান্তিৰ সৃষ্টি হৈছে যদিও সেই বিভ্ৰান্তি দূৰ কৰিছে কেন্দ্ৰীয় বিদেশ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। অসমীয়া প্ৰতিদিনৰ আগত তেওঁ এই সন্দৰ্ভত কয়, শনিবাৰে দিনৰ ভাগতহে সকলো কথা স্পষ্ট হ'ব।

    তেওঁ কয়,ছিংগাপুৰত থকা ভাৰতীয় দূতাবাসে প্ৰয়াত শিল্পীগৰাকীৰ চিকিৎসা প্ৰদানৰ পৰা আৰম্ভ কৰি মৰণোত্তৰ সকলো বিষয়তে সকলোখিনি কামত আগভাগ লৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু আমিও উচ্চায়ুক্তৰ সৈতে প্ৰত্যক্ষ যোগাযোগত আছো। যিহেতু ছিংগাপুৰ এখন বেলেগ ৰাষ্ট্ৰ সেয়েতেওঁলোকৰ নীতি-নিয়মখিনি তেওঁলোকৰ ফালৰ পৰা কৰিব। সেই কামখিনি যিমান সোনকালে পাৰি কৰিবলৈ ভাৰতীয় উচ্চায়ুক্ত আৰু ভাৰত চৰকাৰে চেষ্টা কৰি আছে।

    তেওঁ আৰু কয়, সেই প্ৰক্ৰিয়া অন্ত পৰিলেই আমি তাৎক্ষণিকভাৱে তেওঁৰ নশ্বৰদেহ লৈ আনিবলৈ চেষ্টা কৰিম। কিন্তু নশ্বৰ দেহ কেতিয়া অসমলৈ অনা হ'ব তাৰ সঠিক সময় ক'বলৈ অলপ অসুবিধা হৈছে। কিন্তু আমাৰ উচ্চায়ুক্তই যিমান পাৰি তাৎক্ষণিকভাৱে কামখিনি কৰিবলৈ চেষ্টা কৰি আছে। হয়তো কালিলৈ অথবা দেওবাৰে তেওঁৰ নশ্বৰ দেহ অসম আহি পাবহি।

    মন্ত্ৰীগৰাকীয়ে আৰু কয়, প্ৰত্যেকখন ৰাষ্ট্ৰৰে নিজা নীতি, নিয়ম থাকে। আমি যিমান পাৰি সোনকালে গোটেই প্ৰক্ৰিয়াখিনি সম্পূৰ্ণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছো। ইতিবাচক ভাৱেই আমি ভবা সময়ত কামখিনি হ'ব বুলি ভাবি আছো। কালিকৈ দুপৰীয়াৰ ভিতৰত আমি এটা সঠিক খবৰ পাম।



  • Sep 19, 2025 20:35 IST

    গৰিমা আৰু তেওঁৰ পৰিয়াললৈ মোৰ গভীৰ সমবেদনা- প্ৰীতম

    বলিউডৰ প্ৰতিষ্ঠিত সংগীত পৰিচালক প্ৰীতমৰ শোক প্ৰকাশ। তেওঁ সামাজিক মাধ্যমত লিখিছে এইদৰে- 
    Zubeen losing his life in an accident is just the most terrible and saddest news.
    I'm still trying to come to terms with it...
    My deepest condolences to Garima and his family. Om Shanti

    WhatsApp Image 2025-09-19 at 20.34.10



  • Sep 19, 2025 20:29 IST

    তেজপুৰৰ কলাভূমিত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি

    তেজপুৰতো বিভিন্ন প্ৰান্তত শিল্পী জুবিন গাৰ্গলৈ ভিন্নজনে জনাইছে শ্ৰদ্ধাঞ্জলি। ঠায়ে ঠায়ে দল, সংগঠনে আয়োজন কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। ব্যৱসায়ীসকলেও নিজে নিজেই বন্ধ কৰিছে তেওঁলোকৰ ব্যৱাসীয় প্ৰতিষ্ঠানসমূহ। 

    তাৰ মাজতে তেজপুৰৰ কলাভূমিত শিল্প, সাহিত্য, সংস্কৃতি,সংবাদ আদি বিভিন্ন ক্ষেত্ৰৰে জড়িত লোকসকলে অনুষ্ঠিত কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এই অনুষ্ঠানত দেখা গৈছে বহু লোকৰ সমাগম। 

    WhatsApp Image 2025-09-19 at 20.26.09



  • Sep 19, 2025 20:26 IST

    মই মোৰ ভাতৃক হেৰুৱালো- জয় বৰুৱা

    জুবিনৰ মৃত্যুত জয় বৰুৱাই হেৰুৱাইছে শব্দ। ফেচবুকত তেওঁ লিখিছে এইদৰে- 

    I have lost my brother & an angel who got me on the road to my music.
    Words fail me today.

    joi baruah



  • Sep 19, 2025 20:21 IST

    বৰ সোনকালে গ'লাগৈ- মহেন্দ্ৰ হাজৰিকা

    অসম, অসমীয়াৰ আদাৰৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত শোকাহত শিল্পী মহেন্দ্ৰ হাজৰিকাও। শিল্পীগৰাকীয়ে তেওঁৰ ফেচবুকত লিখিছে এইদৰে- য'লৈকে গ'লাগৈ তাতেই যেন থাকিবা কুশলে। পিছে বৰ সোনকালে গ'লাগৈ তোমাৰ জগতখনক কন্দুৱাই থৈ। 

    তেওঁ আৰু লিখিছে,

    জননীৰ বুকু আজি উকা, উদং হ'ল

    শব্দ সুৰ, সংগীতৰ বাখৰুৱা ঝঙ্কাৰ

    শতিকাৰ পৰা অনন্ত শতিকালৈ

    ত্ৰিকালৰ পৰা যাত্ৰা বিলীন হ'ল! 

    প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰেৰণাৰ পথে পথে 

    বিয়পি বিয়পি বৈ গ'ল!

    তোমাৰ আত্মাৰ চিৰশান্তিৰ প্ৰাৰ্থনা ভগৱানৰ শ্ৰীচৰণতষ 



  • Sep 19, 2025 19:09 IST

    খানাপাৰাত শেষবাৰৰ বাবে লগ পাব জুবিনক...

    সকলোৰে ইচ্ছা, এবাৰ লগ পোৱা!  এয়াই হ’ব তোমাৰ আৰু মোৰ শেষ দেখা। ৰৈ আছে জুবিনৰ বাবে সকলো। চলি আছে ছিংগাপুৰত প্ৰিয় শিল্পীজনক জনমভূমিলৈ অনাৰ প্ৰক্ৰিয়া। ছিংগাপুৰ জেনেৰেল হস্পাতালত অটোবায়পছি সম্পন্ন হোৱাৰ পিছত থাকিব কিছু আনুষ্ঠানিকতা। 

    এটা কফিনৰ ভিতৰত আলফুঁলে শুৱাই দিয়া হ’ব তেওঁৰ নিথৰ দেহ। সাজু কৰি থোৱা বিমানত সেই কফিন উঠিলেই ঘৰমুখী হ’ব জুবিন গাৰ্গ। কিমান যে মানুহ তেওঁৰ বাবে ৰৈ আছে ইয়াত! হাতত ফুল, মুখত তেওঁৰ গীত আৰু চকুত চকুপানী লৈ...।

    ২০ছেপ্টেম্বৰ। এই দিনটোতেই ওপজিছিল জয়ন্ত হাজৰিকাও। এজন শিল্পী জন্মদিনৰ দিনাই আনজন শিল্পীৰ চিৰবিদায় সভা। সাজু কৰি থোৱা হ’ব খানাপাৰা। ফুলৰ বেদীত শুৱাই দিয়া হ’ব জুবিন গাৰ্গক। কোনোবাই ছটিয়াব ফুল, কোনোবাই আঁতৰৰ পৰাই প্ৰিয় শিল্পীগৰাকীলৈ যাঁচিব অশ্ৰু অঞ্জলি।



  • Sep 19, 2025 19:08 IST

    বাতিল নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলঃ উদ্যোক্তাই আনুষ্ঠানিকভাৱে কৰিলে ঘোষণা

    নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভলত অংশ ল'বলৈ ছিংগাপুৰলৈ গৈছিল জুবিন গাৰ্গ। তাতেই আজি তেওঁ এক দুৰ্ঘটনাত শেষ নিশ্বাস ত্যাগ কৰিলে। তেওঁৰ মৃত্যুৰ পিছতে এতিয়া বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে।

    তাৰ মাজতেই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্তই তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আনহাতে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডলৰ পৰাও সমগ্ৰ ঘটনা সন্দৰ্ভত এটা পোষ্ট কৰিছে। এই পোষ্টতে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল বাতিল কৰাৰ লগতে সমগ্ৰ ঘটনা কিদৰে সংঘটিত হৈছিল সেই কথাও উল্লেখ কৰিছে।

    ইনষ্টাগ্ৰামৰ পোষ্টটোত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ উদ্যোক্তাই লিখিছে যে, জুবিন গাৰ্গে দিনৰ ২-৩০ বজাত ছিংগাপুৰৰ জেনেৰেল হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছে। 

    বৃহস্পতিবাৰে ছিংগাপুৰত উপস্থিত হোৱা জুবিন গাৰ্গে শনিবাৰে ফেষ্টিভলত অংশ লোৱাৰ লগতে বিভিন্ন জনৰ সৈতে মত বিনিময় কৰাৰো কথা আছিল। আজি নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ টীমটোৱে উত্তৰ-পূব ভাৰতত বিনিয়োগৰ সুবিধাৰ বাবে শ্বাংগ্ৰী-লা হোটেলত ছিংগাপুৰৰ জ্যেষ্ঠ উদ্যোগপতি আৰু নীতি নিৰ্ধাৰকসকলৰ সৈতে ব্যৱসায়িক বৈঠকত লিপ্ত হৈছিল।সেই সময়ত জুবিনৰ মেনেজাৰ গৰাকীৰ পৰা ফোন আহিছিল যে তেওঁ দুৰ্ঘটনাৰ সন্মুখীন হৈছে আৰু ততাতৈয়াকৈ ছিংগাপুৰ জেনেৰেল হাস্পাতাললৈ লৈ গৈছে। 

    লগতে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ উদ্যোক্তাৰ ফালৰ পৰা জনোৱা অনুসৰি জুবিন গাৰ্গে আজি সাগৰলৈ ভ্ৰমণৰ বাবে যোৱাৰ বিষয়ে তেওঁলোক অৱগত নাছিল।পাছত এই দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে ফেষ্টিভেলৰ দলটোৱে ততাতৈয়াকৈ হাস্পতাললৈ ৰাওনা হয় আৰু উচ্চ আয়ুক্তৰ  সৈতে ঘনিষ্ঠভাৱে কাম কৰি প্ৰয়োজনীয় ব্যৱস্থাসমূহ সম্পূৰ্ণ কৰি আহিছে। 

    Screenshot 2025-09-19 185942



  • Sep 19, 2025 18:52 IST

    চানমাৰিৰ লাচিত সংঘৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

    মৰমৰ শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত শোকস্তব্ধ ৰাজ্য। ৰাজ্যৰ সৰ্বত্ৰে জুবিন গাৰ্গৰ বিদেহ আত্মাৰ সদগতি কামনাৰ বাবে অনুষ্ঠিত হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। তাৰ মাজতে গুৱাহাটীৰ চানমাৰিৰ লাচিত সংঘৰ চৌহদতো বীৰ লাচিতৰ প্ৰতিমূৰ্তিৰ কাষতে জুবিন গাৰ্গৰ ফটো সম্বলিত এখন বেনাৰ আঁৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। 

    লাচিত সংঘৰ সভাপতিগৰাকীয়ে বন্তি প্ৰজ্বলনেৰে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰাৰ পিছতে চৌহদত উপস্থিত থকা অন্যান্য ব্যক্তিসকলৰ লগতে মামণি ৰয়ছম গোস্বামী পথেৰে যাত্ৰা কৰা বহু পথাচাৰীয়েও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰিয় শিল্পীজনৰ আত্মৰ চিৰ শান্তি কামনা কৰে। 

    WhatsApp Image 2025-09-19 at 18.40.21 (1)

    WhatsApp Image 2025-09-19 at 18.40.21

    WhatsApp Image 2025-09-19 at 18.43.50



  • Sep 19, 2025 18:32 IST

    ২৪ ঘণ্টাৰ বাবে বন্ধ বিশ্বনাথ

    জুবিন গাৰ্গৰ প্ৰতি শেষ শ্ৰদ্ধা জনাই বিশ্বনাথত আছুৰ বিশাল সমদল।হাজাৰ হাজাৰ যুৱক যুৱতী স্বতঃস্ফুত ভাবে ৰাজপথত উলাই আহি 'জুবীন দা অমৰ হওঁক','জয় জুবীন দা' ইত্যাদি শ্ল'গান প্ৰদৰ্শন কৰে।

    ইফালে জুবীন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ কৰি বিশ্বনাথ নগৰৰ সকলো ব্যৱসায় প্ৰতিষ্ঠান ২৪ ঘণ্টাৰ বাবে বন্ধ কৰিছে স্থানীয় ৰাইজে।



জুবিন গাৰ্গ