/asomiyapratidin/media/media_files/2025/09/19/ujjjjddd-2025-09-19-17-57-57.jpg)
ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ মৃত্যুক লৈ প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শ্যামকানু মহন্তই। অসমীয়া প্ৰতিদিনৰ সৈতে হোৱা এক বাৰ্তালাপত শ্যামকানু মহন্তই জনায় যে, হঠাতে কি হৈ গ’ল আমিও ধৰিবই নোৱাৰিলো। বৰ্তমান মই ছিভিল হস্পাতালতে আছো। যাৱতীয় যিখিনি কাম-কাজ সেইখিনি মই নিজে উচ্চায়ুক্তৰ সৈতে থাকি সকলোখিনি কৰি আছো।
অসমীয়া প্ৰতিদিনক শ্যামকানু মহন্তই লগতে জনায় যে, শনিবাৰৰ দিনটোত তেওঁৰ সৈতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ কোনো বিষয়-ববীয়া নাছিল। ইয়াৰ পৰিৱৰ্তে এখন বিশেষ নাও ভাড়া কৰি ছিংগাপুৰৰ অসম সমাজৰ সৈতে এটা দ্বীপলৈ গৈছিল জুবিন গাৰ্গ। তাতেই দুঃসাহসিক ক্ৰীড়া কলাপৰ সময়ত সংঘটিত হৈছিল এই ঘটনা। শ্যামকানু মহন্তই লগতে জনায় যে, উক্ত সময়ত জুবিনৰ ছিজাৰ আহিছিল। চিকিৎসকেও পিছত এই কথা সদৰি কৰা বুলি কয় মহন্তই।
জুবিন গাৰ্গৰ সৈতে এই অঘটন সংঘটিত হোৱাৰ সময়ত এক বিশেষ বৈঠকত আছিল নৰ্থ ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্ত। তাৰ পৰাই জুবিনৰ মেনেজাৰে তেওঁক এই দুঃখবৰ দিয়া বুলি জনায়। ইতিমধ্যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ সকলো অনুষ্ঠান বাতিল কৰা হৈছে বুলিও জনায় মহন্তই।
মহন্তই লগতে জনায় যে, জুবিনে এইবাৰ ফেষ্টিভেললৈ আহিবৰ বাবে নিজেই বৰ হেপাঁহ কৰিছিল। সেইবাবেহে তেওঁক ছিংগাপুৰলৈ আমন্ত্ৰণ জনোৱা হৈছিল। অহা দেওবাৰে ফেষ্টিভেলত তেওঁৰ অনুষ্ঠান থকাৰ বাবে শনিবাৰৰ দিনটোত ছিংগাপুৰ অসম সমাজৰ সৈতে কিছু সময় কটাব বিছাৰিছিল জুবিনে।