/asomiyapratidin/media/media_files/2025/09/19/zubeen-19-1-2025-09-19-16-44-36.jpg)
ডিজিটেল ডেস্কঃ ধুমুহাৰ সৈতে আৰু যুঁজ দিবলৈ উভতি নাহে অসমী আইৰ প্ৰিয় সন্তান জুবিন। শিশুৰ পৰা বৃদ্ধলৈ সকলোৰে প্ৰিয় জুবিন স্বদেশলৈ ঘূৰি আহিব এটা নশ্বৰদেহ হৈ। বিশ্বাস কৰিব নোৱাৰা সেই খবৰেই এতিয়া মানি ল’বলৈ বাধ্য হৈছে অসমৰ ৰাইজে।
সুখৰ সময়ত কেতিয়াবা অসমৰ কাষত থাকিব নোৱাৰিলেও অসমৰ প্ৰতিটো দুখত, প্ৰতিটো সমস্যাৰ ক্ষেত্ৰত, জাতিৰ বিপদৰ সময়ত সন্মুখত থিয় দিয়া জুবিনে অসমক, অসমে জুবিনক কিমান ভাল পাই সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই।
জুবিনৰ মৃত্যুত অসমৰ প্ৰতিটো পৰিয়ালেই পৰিয়ালৰ নিজৰ এজন সদস্য হেৰুওৱাৰ দৰে অনুভৱ কৰিছে। জুবিনৰ বিদেহ আত্মাৰ শান্তিৰ বাবে এতিয়া ৰাজ্যৰ প্ৰান্ত প্ৰান্তে প্ৰাৰ্থনা হৈছে।
সন্ধিয়ালৈ সদৌ অসম ছাত্ৰ সন্থাই লতাশিল খেল পথাৰত বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। প্ৰতিখন জিলাতেই আছুকে ধৰি বিভিন্ন সংগঠনে অনুৰূপ কাৰ্যসূচী হাতত লৈছে।
জুবিনৰ বন্ধু তথা ভাতৃ সদৃশ অংগৰাগ পাপন মহন্তই লিখিছে- This is so shocking! The voice of a generation! Gone too soon. At a loss of words! Lost a friend. Lost a brother. A big void.Praying for a peaceful journey of his soul.
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো ফেচবুকত লিখিছে- এয়া অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত। তেওঁ আৰু লিখিছে, আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ নাই বোলা খবৰটি দিবলৈ মই অপাৰগ, কি সতে শোকাবাৰ্তা দিওঁ! বুকুখন কঁপিছে, জুবিনময় সময়বোৰ এটি এটিকৈ চকুৰ সন্মুখত অগা-ডেৱা কৰিছে৷ প্ৰতিটো প্ৰজন্মক সংগীতৰ যাদুৰে মোহাচ্ছন্ন কৰা জুবিন বোলা এই সত্তাজনৰ জনতাৰ প্ৰতি দুৰ্বাৰ প্ৰেম আছিল কল্পনাতীত৷ সীমাৰ পৰিধি ভাঙি স্বকীয় ৰূপেৰে উদ্ভাসিত জুবিন গাৰ্গ নামৰ যাদুকৰী কণ্ঠটি এনেদৰে হেৰাই যাব বুলি বিশ্বাস কৰিব পাৰি জানো! হাজাৰ হাজাৰ সৃষ্টিত তুমি আমাৰ মাজত জীয়াই থাকিবা জুবিন৷
য'তেই থাকা কুশলে থাকিবা জুবিন।
এ জে ৱাই চি পিৰ সভাপতি পলাশ চাংমায়ে জুবিনৰ মৃত্যুৰ সন্দৰ্ভত কৈছে- ‘এই মৃত্যু অপৰাজেয়’।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ ফেচবুকত লিখিছে, ''অসমীয়া সংগীত জগতত পাখি মেলি স্নিগ্ধ জোনাক নমাই অনা এটা বৰ্ণিল যুগৰ অৱসান!
আমাৰ হিয়াৰ আমঠু, অতি মৰমৰ শিল্পী জুবিন গাৰ্গৰ দেহাৱসানৰ খবৰটো পাই শোকস্তব্ধ হৈ পৰিছোঁ! ছিংগাপুৰত ভাৰতৰ উচ্চায়ুক্ত ড° শিল্পক আম্বুলেৰ সৈতে কথা পাতি আমি কেতিয়াও শুনিব নিবিচৰা সেই দুখজনক খবৰটো পাই অত্যন্ত মৰ্মাহত হৈ পৰিছোঁ। জুবিন গাৰ্গ আৰু নাই! অসমৰ লাখ লাখ জনতাৰ সৈতে এই দুখৰ সমভাগী হৈছোঁ। এয়া অসমৰ সংগীত জগতৰ বাবে এক অপূৰণীয় ক্ষতি। আমি বাকৰুদ্ধ, আমি ভাষাহীন।''